চান্দা সংগ্ৰহত কোন ৰাজনৈতিক দল প্ৰথম , কোন দ্বিতীয় ?

একো একোটা বছৰত ৰাজনৈতিক দলসমূহে কিমান  পৰিমাণৰ চান্দা সংগ্ৰহ কৰে আপুনি জানেনে?কোন কেইজন ব্যক্তি অথবা প্ৰতিষ্ঠানে সর্বাধিক চান্দা প্ৰদান কৰে আপোনাৰ ধাৰণা আছেনে?শেহতীয়াকৈ ‘এচ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফ’র্মচে’ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে তোলা চান্দাৰ এক বিশ্লেষণাত্মক প্ৰতিবেদন মুকলি কৰিছে ৷ কি আছে এই প্ৰতিবেদনত ?

কোনে ক’ত দাখিল কৰিলে চান্দাৰ হিচাপ ?

ৰাজনৈতিক দলসমূহে সংগ্ৰহ কৰা চান্দাৰ তথ্য প্ৰতিবছৰে এটা নির্দিষ্ট সময়ত নির্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগে৷২০১৯-২০ বর্ষ চান্দাৰ তথ্য বহুজন সমাজবাদী পার্টি আৰু এন চি পিয়েহে সময়মতে দাখিল কৰিলে নির্বাচন আয়োগৰ ওচৰত৷নিদির্ষ্ট সময়তকৈ সর্বাধিক ১৩৪ দিন পলমকৈ দাখিল কৰিলে বিজেপিয়ে আৰু ৯০ দিন পলমকৈ দাখিল কৰিলে ৷

কোন দলে কিমান চান্দা সংগ্ৰহ কৰিলে ?

২০১৯-২০ বর্ষত ৬৩৬৩ গৰাকী দাতাৰ পৰা আটাইকেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে সংগ্ৰহ কৰিলে সর্বমুঠ ১০১৩.৮০৫ কোটি টকা৷

ইয়াৰ ভিতৰত সর্বাধিক চান্দা সংগ্ৰহ কৰিলে বিজপিয়ে৷বিজেপিয়ে বছৰটোত ৫৫৭৬ গৰাকী দাতাৰ পৰা সংগ্ৰহ কৰিলে সর্বমুঠ ৭৮৫.৭৭ কোটি টকা৷ইয়াৰ ভিতৰত ১.৫১৬ কোটি টকাৰ ভূমি চান্দাও অর্ন্তভুক্ত হৈ আছে৷

দ্বিতীয় স্থানৰ কংগ্ৰেছে ৩৫০ গৰাকী দাতাৰ পৰা সংগ্ৰহ কৰিলে ১৩৯.০১৬ কোটি টকা৷

একেদৰে ৫৩ গৰাকী দাতাৰ পৰা এন চি পিয়ে ৫৯.৯৪৬ কোটি টকা,২৪১ গৰাকী দাতাৰ পৰা চি পি আই (এম)য়ে ১৯.৬৯৩ কোটি টকা,৬৩ গৰাকী দাতাৰ পৰা তৃণমূল কংগ্ৰেছে ৮ কোটি টকা আৰু ৮০ গৰাকী দাতাৰ পৰা চি পি আইয়ে ১ কোটি টকাৰ চান্দা সংগ্ৰহ কৰিলে ২০১৯-২০ বর্ষত৷অর্থাৎ বিজেপিক বাদ দি বাকী কেইটা ৰাজনৈতিক দলে যিমান টকাৰ চান্দা সংগ্ৰহ কৰিলে,তাতকৈ তিনিগুণ বেছি চান্দা অকলেই সংগ্ৰহ কৰিলে বিজেপিয়ে৷

পূৰ্বে কিমান চান্দা পাইছিল ৰাজনৈতিক দলে ?

২০১৮-১৯ বর্ষত দেশৰ আটাইকেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে সংগ্ৰহ কৰিছিল সর্বমুঠ ৯৫১.৬৬ কোটি টকাৰ চান্দা৷ কিন্তু ২০১৯-২০ বর্ষত ৬২.১৪৫ কোটি টকা বৃদ্ধি হৈ দল সমূহে সংগ্ৰহ কৰা চান্দাৰ পৰিমাণ হ’লগৈ ১০১৩ কোটি টকা৷বিজেপিয়ে ২০১৮-১৯ বর্ষত চান্দা সংগ্ৰহ কৰিছিল ৭৪২ কোটি টকা৷২০১৯-২০ বর্ষত বৃদ্ধি হল ৭৮৫ কোটি টকালৈ৷আনহাতে,  কংগ্ৰেছে ২০১৮-১৯ বর্ষত সংগ্ৰহ কৰিছিল ১৪৮ কোটি টকা আৰু ২০১৯-২০ বর্ষত হ্ৰাস পালে ১৩৯ কোটি টকালৈ৷

বিশাল পৰিমাণৰ চান্দা কোনে প্ৰদান কৰে ৰাজনৈতিক দলক ?

বিজেপিক চান্দা প্ৰদান কৰা প্ৰতিষ্ঠানৰ ভিতৰত আটাইতকৈ শীর্ষত আছে প্ৰুডেন্ট ইলেক্টৰেল ট্ৰাষ্টৰ নাম৷প্ৰতিষ্ঠানটোৱে এই এটা বছৰতে ২৮ বাৰ চান্দা প্ৰদান কৰিছিল বিজেপিক৷২৮ বাৰত সর্বমুঠ ২১৬.৭৫ কোটি টকাৰ চান্দা প্ৰদান কৰিলে বিজেপিক৷একেদৰে এটা বছৰত ৩ বাৰত আই টি চি লিমিটেডে বিজেপিক প্ৰদান কৰিলে সর্বমুঠ ৫৫.০২৫ কোটি টকাৰ চান্দা৷

একেদৰে প্ৰডেন্ট ইলেক্টৰেল ট্ৰাষ্টে কংগ্ৰেছক ১০ বাৰত প্ৰদান কৰিলে ৩১ কোটি টকাৰ চান্দা৷জনকল্যান ইলেক্টৰেল ট্ৰাষ্টে এই বছৰটোত কংগ্ৰেছক প্ৰদান কৰিলে ২৫ কোটি টকাৰ চান্দা৷জনকল্যান  ট্ৰাষ্ট হৈছে দেশৰ আটাইতকৈ বেছি চান্দা প্ৰদান কৰা প্ৰতিষ্ঠান৷২০১৯-২০ বর্ষত প্ৰতিষ্ঠানটোৱে দেশৰ ৰাজনৈতিক দল সমূহক প্ৰদান কৰিলে ৩৯,৮০,০০,০০০ টকাৰ চান্দা৷

 

adrBJPCONGRESSCPIcpimdonationincthecrosscurrentTMC
Comments (0)
Add Comment