ক’ভিডত 24 ঘণ্টাত আক্ৰান্ত—

দেশত অব্যাহত আছে ক’ভিড মহামাৰীৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২,৬৮,৮৩৩ জন লোক। ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪০২ জন ৰোগী। লগতে অমিক্ৰণত আক্ৰান্ত হৈছে ৬০৪১ জন ৰোগী।

ইফালে, বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত আক্ৰান্ত হৈছে ২৩৪৮ জন ৰোগী। সৰ্বাধিক কামৰুপ (মঃ)ত ৮৭০ জন আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৫ জনৰ। ৰাজ্যত সংক্ৰমণৰ হাৰ ৭.৮০ শতাংশ। আনহাতে আৰোগ্য হাৰ ৯৬.৪৪ শতাংশ।

#covid_19#thecrosscurretupdate
Comments (0)
Add Comment