গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়েও ত্যাগ কৰিলে দল

জোৰা লগাৰ সলনি ভাঙিছেহে কংগ্ৰেছ

গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়েও ত্যাগ কৰিলে দল

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতক একেলগ কৰাৰ প্ৰয়াস চলাই থকাৰ সময়তে দলৰ ৮ জন বিধায়কে দল এৰি বিজেপিত যোগদান কৰিলে৷

“ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাৰ ব্যাপক সফলতাৰ পিছত বিজেপিয়ে আৰম্ভ কৰিছে অপাৰেশ্যন খিচিৰি অভিযান৷বিজেপিয়ে আচলতে ভয় খাইছে৷সেয়ে ক্ষমতা আৰু ধন প্ৰয়োগে কৰি যাত্ৰাটোত বিধিপথালি দিব বিচাৰিছে”- এনেদৰে টুইটাৰত মন্তব্য দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷

এআইচিচিৰ গোৱাৰ দায়িত্বত থকা নেতা দীনেশ গুণ্ডুৱে কয় “ গণতান্ত্ৰিক পৰম্পৰা সম্পূৰ্ণৰূপে ভংগ হৈছে গোৱাত৷ধন,মন্ত্ৰিত্বৰ টোপ দি বিৰোধীক সম্পূৰ্ণৰূপে উৎখাত কৰিব বিচাৰিছে বিজেপিয়ে৷”

গুণ্ডুৱে পুনৰ কয় “ গোৱাৰ জনতাই এই বিধায়ক সকলক ভোট দিছিল কাৰণ তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছিল৷তেওঁলোকে মন্দিৰ,গীৰ্জা,দৰগাহৰ সন্মুখত কংগ্ৰেছ দল এৰি নাযায় বুলি শপত খাইছিল৷তেওঁলোকে আনকি সদায় কংগ্ৰেছত থাকিব বুলি শপতনামাও দাখিল কৰিছিল৷”
গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাট আৰু বিৰোধী দলৰ নেতা মাইকেল ল’ব’ৱেও বুধবাৰে বিজেপিত যোগদান কৰে৷বৰ্তমান গোৱাত কংগ্ৰেছৰ মাত্ৰ
৩ জন বিধায়কহে আছে৷

আনহাতে,আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গণতান্ত্ৰিক পৰম্পৰা তথা দেশৰ সংবিধানকো বিজেপিয়ে এনে কাৰ্যৰ জৰিয়তে অৱমাননা কৰিছে বুলি বিজেপিক সমালোচনা কৰিছে৷বিজেপিয়ে সেই একেটা কাম পঞ্জাৱতো কৰিব খুজি আছে বুলি উল্লেখ কৰি কেজৰিৱালে দলটোৱে ক’ৰ পৰা ইমান ধন পায় বুলিও প্ৰশ্ন কৰে৷

বিজেপিত যোগদান কৰা কংগ্ৰেছৰ বিধায়ক কেইজন হ’ল দিগম্বৰ কামাট,মাইকেল ল’ব’,ডেলিয়াহ ল’ব’,ৰাজেশ ফালদেশাই,কেডাৰ নায়ক,সংকল্প অমনকাৰ,এলেক্সিয়া চিকুৰিয়া,ৰুদল্ফ ফাৰ্ণাণ্ডেজ৷

Comments (0)
Add Comment