চাকৰিৰ পৰা ভূমি পট্টালৈ : বুধবাৰৰ কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ?

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল –

▶️ আজিৰ কেবিনেটে গোৰ্খা সম্প্ৰাদয়ৰ বিৰুদ্ধে বিদেশী সংক্ৰান্তীয় কোনো নতুন গোচৰ নচলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিদেশী ন্যায়াধীকৰণ আদালতত নিষ্পত্তিবিহীনভাৱে থকা সকলো গোচৰ উঠাই ল’বলৈও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

▶️ আজিৰ কেবিনেট বৈঠকত প্ৰাক্তন সাংসদ ৰমেন ডেকাক ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰন আয়োগ (SITA)ৰ সহ উপাধ্যক্ষ পদত নিযুক্তিৰ লগতে আৰু তেওঁক কেবিনেট মৰ্যাদা প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

▶️ আজিৰ কেবিনেটে খিলঞ্জীয়া ভূমিহীন ব্যক্তিক ভূমি আৱণ্টন দিয়াৰ দিনাই ম্যাদী পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই ভূমি লাভ কৰাৰ পিছত ব্যক্তিগৰাকীয়ে ১৫ বছৰৰ পিছতহে বিক্ৰী বা হস্তান্তৰ কৰিব পাৰিব৷ পূৰ্বতে এইদৰে ভূমি আৱণ্টন দিয়াৰ তিনি বছৰ পাছতহে ম্যাদি পট্টা প্ৰদানৰ ব্যৱস্থা আছিল৷

▶️ আজিৰ কেবিনেটে ফ্লেট ক্ৰয় আৰু বিক্ৰয়ৰ বাবে জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

▶️ আজিৰ কেবিনেটে শিক্ষা বিভাগত অনুমোদিত কিন্তু খালী হৈ থকা ২২,৯২১ টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাত অনুমোদন জনায়৷ এই পদসমূহৰ ১০ হাজাৰ টা প্ৰাথমিক শিক্ষা বিভাগৰ আৰু ১২,৯২১ টা পদ হৈছে মাধ্যমিক শিক্ষা বিভাগৰ৷ অহা ১ ছেপ্টেম্বৰৰ পৰা এই পদপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ৷

▶️ পাৰ্বত্য অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪ টা পদত নিযুক্তিৰ বাবে বিশেষ টেট’ অনুষ্ঠিত কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ তদুপৰি বড়ো, গাৰো আৰু মণিপুৰী মাধ্যমৰ বাবেও হ’ব বিশেষ টেট’ পৰীক্ষা৷

assamcabinet\himantabiswasarmaministrythecrosscurrent
Comments (0)
Add Comment