কোন কোন মন্ত্ৰীৰ দালালে দপদপাই আছে দিছপুৰত?

শেহতীয়াকৈ দিছপুৰত দালালৰাজৰ ঘাটি পতাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ বৰঘৰৰ মানুহ। বিজেপি নেতাৰ দ্বাৰা সংঘটিত ভুৱা ৱৰ্ক অৰ্ডাৰৰ ২৫০ কোটি টকীয়া প্ৰৱঞ্চনাৰ ঘটনাৰে সংযোগ ওলাইছে বিজেপি মন্ত্ৰীৰ বৰঘৰৰ। নয়ডাৰ ব্যৱসায়ীৰ পৰা আদিবাসী উন্নয়ন পৰিষদৰ বিচনা চাদৰ আৰু গাৰু ক’ভাৰ যোগানৰ ঠিকাৰ নামত কোটি কোটি টকা আত্মসাত কৰাৰ ঘটনাৰ মাষ্টাৰমাইণ্ড বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম কুমাৰ দাস, বাগসা জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি দেৱ প্ৰসাদ ভাগৱতী, ক্ষুদ্ৰ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি বৰকটকী আৰু দালাল নিৰঞ্জন দাসক ইতিমধ্যে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে। এই প্ৰৱঞ্চক চক্ৰটোৰ এইবাৰ লিংক ওলাইছে মন্ত্ৰী সঞ্জয় কিষাণ আৰু জনতা ভৱনৰ খনি দপ্তৰৰ মন্ত্ৰী যোগেন মহনৰ। এই প্ৰৱঞ্চক চক্ৰটোৱে নয়ডাৰ ব্যৱসায়ী ভাতৃক বিলাসী বাহনত তুলি আনি দিছপুৰস্থিত মন্ত্ৰী সঞ্জয় কিষাণ আৰু জনতা ভৱনৰ খনি দপ্তৰৰ মন্ত্ৰী যোগেন মহনৰ চৰকাৰী কাৰ্যালয়ক কনফাৰেন্স ৰূমত বহুৱাই বৈঠক কৰি ভুৱা ৱৰ্ক অৰ্ডাৰত স্বাক্ষৰ কৰিছিল নকল যুটীয়া সচিবৰ দ্বাৰা।
কেৱল ইমানেই নহয়, দালাল নিৰঞ্জন দাসৰ সহায়ত বিজেপি নেতা অসীম দাসে নয়ডাৰ ব্যৱসায়ী কেইজনক জনতা ভৱনত প্ৰৱেশৰ বাবে পাছৰ অনুমোদন জনাইছিল খোদ বিভাগীয় মন্ত্ৰী যোগেন মহনৰ অ’ এছ ডিয়ে। অৰ্থাত খনি বিভাগৰ কনফাৰেন্স ৰূমত বহি প্ৰৱঞ্চক চক্ৰটোক ভুৱা মিটিঙৰ বাবে অনুমতি, গেট পাছৰ সুন্দৰ ব্যৱস্থা কৰি দিছিল মন্ত্ৰী যোগেন মহনৰ অ এছ ডিয়ে।
এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে যিটো প্ৰৱঞ্চনাৰ ঘটনাৰ সৈতে মন্ত্ৰীৰ লগত ২৪ ঘণ্টাই ছাঁটোৰ দৰে লাগি থকা অ এছ ডি জড়িত, সেই প্ৰৱঞ্চনাৰ বিষয়ে মন্ত্ৰীজনে কেনেকৈ একো অৱগত হোৱা নাছিল? মন্ত্ৰীৰ অজ্ঞাতে মন্ত্ৰীৰ বৰঘৰত কোনো মানুহে এনেদৰে দালালৰাজৰ দোকান খুলিবলৈ সাহস কৰিবনে? এই ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰীত বিজেপি মন্ত্ৰী যোগেন মহনৰ কিবা সম্পৰ্ক আছে নেকি? এই কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে তদন্ত হবনে? অভিযোগ উত্থাপন হয় যে দুৰ্নীতি কেলেংকাৰীক এতিয়া চেন্ট্ৰেলাইজ কৰা হৈছে। দুৰ্নীতি এতিয়া ওপৰত সংঘটিত হয়। সেই অভিযোগক ই সত্য প্ৰমাণিত কৰে নেকি?
ইফালে দিছপুৰত কেৱল এজনহে বিজেপিৰ দালাল আছে নেকি? আৰু কোনো মন্ত্ৰীৰ দালালে দিছপুৰত দপদপাই থকা নাই নেকি? কিছুদিন পূৰ্বে সংবাদমেল অনুষ্ঠিত কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল APWৰ অভিজিত শৰ্মাই। অভিজিত শৰ্মাই স্পষ্টকৈ কোন মন্ত্ৰীৰ কোন দালালে দিছপুৰত দপদপাই আছে তাক নাম সহকাৰে উল্লেখ কৰিছে। অসমত প্ৰতিটো বিভাগতে এতিয়া কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে অভিজিত শৰ্মাই। আনকি মুখ্যমন্ত্ৰীৰ অফিচতে দালাল থকাৰ কথা উল্লেখ কৰিছে APW। খোদ দিছপুৰতে মন্ত্ৰীৰ বৰঘৰৰ মানুহ ধৰা পৰাৰ পাছত অভিজিত শৰ্মাৰ এই অভিযোগৰ সত্যাসত্যতা যেন আৰু অধিক বৃদ্ধি পাইছে। এই দালালসকল ধৰা পৰিবনে? মন্ত্ৰীৰ অগোচৰে মন্ত্ৰীৰ মানুহে এই দালালি কৰি আছেনে? সেইটোহে এইমূহুৰ্তৰ লাখ টকীয়া প্ৰশ্ন।

Comments (0)
Add Comment