বিজেপিয়ে উত্তৰ প্ৰদেশত প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিস্থানত ইস্তাহাৰ প্ৰকাশ কৰিলে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ ৰাজ্যিক মুৰব্বী স্বতন্ত্ৰ দেৱ সিং আৰু অন্যান্যসকলৰ উপস্থিতিত ‘লোক কল্যাণ সংকল্প পাত্ৰ’ নামৰ ইস্তাহাৰখন মুকলি কৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমৃত শ্বাহে। ইস্তাহাৰ মুকলি কৰি জনসাধাৰণক সম্বোধন কৰি অমিত শ্বাহে দাবী কৰে যে, বিজেপিয়ে ২০১৭ চনৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া ২১২ টা প্ৰতিশ্ৰুতিৰ ৯২ শতাংশতকৈও অধিক পূৰণ কৰিছে।
লগতে অমিত শ্বাহে ঘোষণা কৰে যে, যদি বিজেপি ক্ষমতালৈ ঘূৰি আহে, তেন্তে ‘লাভ জিহাদ’ত জড়িত সকলৰ বাবে ১০ বছৰৰ শাস্তি আৰু ১ লাখ টকাৰ জৰিমনা আৰোপ কৰা হ’ব।

#election2022#manifesto#thecrosscurret#uttarprdeshBJP
Comments (0)
Add Comment