এজন নহয় , দুজন বিধায়ক অন্তৰ্ভুক্ত হ’ব মন্ত্ৰীসভাত ৷ মাজুলীত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷
পূৰ্বে কৰা ঘোষণা অনুসৰি , পাহাৰীয়া জিলাৰ পৰা এগৰাকী বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত ৷ চৰ্চাত আছে বিধায়িকা নন্দিতা গাৰ্লোচাৰ নাম ৷
আনগৰাকী বিধায়কো বিজেপি দলৰ হোৱাটো নিশ্চিত হৈ আছে ৷ কিন্তু শেষ মুহূৰ্তত কোনে মন্ত্ৰিত্ব লাভ কৰে , তাক লৈ এতিয়াও উৎকণ্ঠা অব্যাহত আছে ৷