দ্য ক্ৰছকাৰেণ্টৰ বিশেষ প্ৰতিবেদন :
গুৱাহাটীৰ ছয়মাইলত জি এছ ৰোডৰ একেবাৰে সমীপত শেহতীয়াকৈ সম্পূৰ্ণ হৈছে এটা সাত মহলীয়া বাণিজ্যিক অট্টালিকাৰ নিৰ্মাণ ৷ অট্টালিকাটোৰ নাম- নেক্সিয়া টাৱাৰ ৷প্ৰায় ১ বিঘা মাটিৰ চৌহদত এই অট্টালিকাটো নিৰ্মাণ কৰিছে নেক্সিয়া ডেভ’লপাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে আৰু এই কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে মন্ত্ৰী অজন্তা নেওগৰ দুই পুত্ৰ ৰাজৰ্ষি নেওগ আৰু কাশ্যপ নেওগ ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰত অজন্তা নেওগে বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত গুৱাহাটীৰ জি এছ ৰোডৰ সমীপত এই বিশাল অট্টালিকাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ কেৱল এটা অট্টালিকাই নহয় , বিগত ৫ বছৰত গুৱাহাটীৰ কেইবাটাও স্থানত মন্ত্ৰী অজন্তা নেওগৰ দুই পুত্ৰই ক্ৰয় কৰিছে কোটি টকীয়া ভূ- সম্পত্তি ৷ কিন্তু এই বিশেষ অট্টালিকাটোৰ সৈতে জৰিত নেক্সিয়া ডেভ’ল’পাৰ্ছৰ সৈতে জড়িত হৈ আছে সন্দেহজনক বিত্তীয় লেনদেনৰ এটা ইতিহাস ৷
চন – ২০১২ ৷ ৰাজ্যত কংগ্ৰেছ চৰকাৰ ৷ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত অজন্তা নেওগৰ হাতত তেতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ ৷ সেই সময়তে গঠন হয় – নেক্সিয়া ডেভেল’পাৰ্ছ প্ৰাইভেট লিমিটেড ৷ কোম্পানী গঠনৰ তাৰিখ – ৮ অক্টোবৰ ,২০১২ ৷ গঠনৰ সময়ত এই কোম্পানীৰ সঞ্চালক পদত আছিল মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰ ৰাজৰ্ষি নেওগ আৰু ইলোৰা দেৱী নামৰ এগৰাকী মহিলা ৷ৰাজৰ্ষি নেওগৰ হাতত কোম্পানীটোৰ ৭৫ শতাংশ শ্বেয়াৰ থকাৰ বিপৰীতে ইলোৰা দেৱীৰ হাতত আছিল ২৫ শতাংশ শ্বেয়াৰ ৷ কিন্তু কোম্পানীটো গঠনৰ তিনি সপ্তাহ পাছতেই হঠাৎ সঞ্চালকৰ পদ ত্যাগ কৰে ৰাজৰ্ষি নেওগে ৷ এইবাৰ তেওঁৰ স্থানত সঞ্চালক পদত অধিষ্ঠিত হয় কুমাৰ পৰীক্ষিত নাৰায়ন দেৱ আৰু মঞ্জু হালৈ নামৰ আন দুগৰাকী ব্যক্তি ৷
ইয়াৰ পাছৰে পৰাই নেক্সিয়া ডেভেল’পাৰ্ছৰ সৈতে কলকাতাৰ কেইবাটাও সন্দেহজনক কোম্পানীৰ লেনদেন আৰম্ভ হয় ৷ মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰই প্ৰতিষ্ঠা কৰে নেক্সিয়া ডেভেল’পাৰ্ছ নামৰ কোম্পানীটোৱে কলকাতাৰ দুটা সন্দেহজনক কোম্পানীৰ পৰা ঋণ আৰু আগধনৰ ৰূপত লাভ কৰে মুঠ ৪৪ লাখ ৩১ হাজাৰ ৮৪৩ টকা ৷ নেক্সিয়াত ধন বিনিয়োগ কৰা কোম্পানী দুটা হ’ল কলকাতাৰ মধুশ্ৰী ফিনভেষ্ট প্ৰাইভেট লিমিটেড আৰু সম্ৰাট ফিনভেষ্ট প্ৰাইভেট লিমিটেড ৷ মধুশ্ৰী ফিনভেষ্টৰ ঠিকনা হ’ল – ৰুম নং ৬০২ , ১৮ ষ্টেণ্ড ৰ’ড , ন- কলকাতা , ৭০০০০১ ৷ এই কোম্পানীটওৰ বৰ্তমান সঞ্চালক পদত আছে মুকেশ গোৱেল আৰু ইন্দু আগৰৱালা ৷ আনহাতে , সম্ৰাট ফিনভেষ্টৰ ঠিকনা হ’ল – ৰুম নং -১৩এ , দ্বিতীয় মহলা , ২০/১ মহৰ্ষি দেবেন্দ্ৰ ৰোড ,কলকাতা – ৭০০০০৭ ৷ এই বৰ্তমান কোম্পানীটোৰ সঞ্চালকৰ পদত আছে বিকাশ কুমাৰ সোধানী আৰু তাপস কুমাৰ হোৰে ৷ কলকাতাৰ সূত্রই জনোৱা অনুসৰি , এই দুয়োটা কোম্পানীয়ে সন্দেহজনক লেনদেনৰ সৈতে জড়িত ৷ যাৰ পৰা অজন্তা নেওগৰ পুত্ৰই প্ৰতিষ্ঠা কৰা নেক্সিয়া ডেভেল’পাৰ্ছত প্ৰায় ৪৫ লাখ টকাৰ বিনোয়োগ সম্পন্ন হয় ৷ সেই সময়তে ৰাজৰ্ষি নেওগেও কোম্পানীটোত ৫ লাখ টকা বিনিয়োগ কৰে৷
২০১৫ চনৰ ৭ জুলাইত ছয়মাইলত জি এছ ৰোডৰ সমীপত নেক্সয়া ডেভেল’পাৰ্ছৰ নামত ক্ৰয় কৰা হয় এডোখৰ বহুমূলীয়া ভূমি ৷ যাৰ দাগ নম্বৰ ৪৮৩ আৰু পট্টা নম্বৰ ৩৯৬ ৷ ইয়াৰ পাছত নেক্সিয়া ডেভেল’পাৰ্ছৰ বিত্তীয় লেনদেনে অন্য দিশত গতি কৰিবলৈ আৰম্ভ কৰে ৷ ২০১৭ চনত কুমাৰ পৰীক্ষিত নাৰায়ন দেৱক কোম্পানীটোৰ ৫০ লাখ টকাৰ আৰু ইলোৰা দেৱীক ১ কোটি ২৫ লাখ টকাৰ শ্বেয়াৰ আবণ্টন কৰা হয় ৷ অৰ্থাৎ সেই বছৰটোত নেক্সিয়া ডেৰভেল’পাৰ্ছত মুঠ ১ কোটি ৭৫ লাখ টকা বিনিয়োগ কৰা হয় ৷ পৰৱৰ্তী ২০১৯ চনত কোম্পানীৰ সঞ্চালক পদ ত্যাগ কৰে মঞ্জুশ্ৰী হালৈয়ে ৷
ইয়াৰ পাছত ২০২০ চনৰ ডিচেম্বৰ মাহত অজন্তা নেওগে কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰে ৷ ২০২১ চনত অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হয় ৷ এই চৰকাৰত অজন্তা নেওগে বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰে ৷ অজন্তা নেওগে বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত নেক্সিয়া ডেভেল’পাৰ্ছলৈও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে ৷
২০২২ চনৰ ৩ মাৰ্চত নেক্সিয়া ডেভেল’পাৰ্ছৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে কুমাৰ পৰীক্ষিত নাৰায়ন দেৱ আৰু ইলোৰা দেৱীয়ে ৷ তাৰ ঠিক ১৫ দিন পূৰ্বে কোম্পানীটোৰ অতিৰিক্ত সঞ্চালক ৰূপে আত্মপ্ৰকাশ কৰিছিল মন্ত্ৰী অজন্তা নেওগৰ দুই পুত্ৰ ৰাজৰ্ষি নেওগ আৰু কাশ্যপ নেওগে ৷ এই সময়ছোৱাতে কুমাৰ পৰীক্ষইত নাৰায়ন দেৱ আৰু ইলোৰা দেৱীৰ নামত থকা সমস্ত শ্বেয়াৰ দুই মন্ত্ৰীপুত্ৰলৈ হস্তান্তৰ কৰা হয় ৷ অৰ্থাৎ ২০২২ চনত নেক্সিয়া ডেভেল’পাৰ্ছ প্ৰাইভেট লিমিটেডৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ অজন্তা নেওগৰ দুই পুত্ৰ ক্ৰমে ৰাজৰ্ষি নেওগ আৰু কাশ্যপ নেওগৰ হাতলৈ আহে ৷
২০২৪ চনত কোম্পানী পৰিক্ৰমা মন্ত্ৰালয়ত নেক্সিয়া ডেভেল’পাৰ্ছে প্ৰায় ৩ কোটি ৮০ লাখ টকাৰে এটা অট্টালিকা নিৰ্মাণ কৰি থকাৰ তথ্য সদৰী কৰে ৷ শেহতীয়াকৈ ছয়মাইলত জি এছ ৰোডৰ সমীপত সম্পূৰ্ণ হৈ উঠিছে অজন্তা নেওগৰ পুত্ৰৰ কোম্পানীৰ সাত মহলীয়া এই অট্টালিকাটো ৷ ইয়াতেই মন্ত্ৰী পুত্ৰৰ সম্পত্তিৰ কাহিনী শেষ হোৱা নাই ৷ মাতৃ বিত্তমন্ত্ৰী হোৱাৰ পাছত গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে ৰাজৰ্ষি নেওগ আৰু কাশ্যপ নেওগে ভূ- সম্পত্তি ক্ৰয় কৰাৰ তথ্যও বিশেষ সূত্ৰই আমালৈ প্ৰেৰণ কৰিছে ৷