উত্তৰ প্ৰদেশৰ ৰাজনীতিত মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষক আকৌ এবাৰ জীৱন্ত কৰি তুলিবলৈ চেষ্টাৰ কাৰ্পন্য কৰা নাই বিজেপি দলে ৷ ২০১৩ ৰ আগষ্ট মাহত জাত আৰু মুছলমানৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷ তাৰ পাছৰে পৰা ক্ৰমাগতভাৱে জাতসকলে বিজেপি দলক ভোটদান কৰি আহিছিল ৷ কিন্তু শেহতীয়া কৃষক অন্দোলনে আকৌ এবাৰ জাত আৰু মুছলমানসকলক একত্ৰিত কৰিছে ৷ ফলত পশ্চিম উত্তৰ প্ৰদেশত বিজেপিৰ বাবে নিৰ্বাচনী পটভূমি কঠিন হৈ পৰিছে ৷ এনে প্ৰেক্ষাপটত আকৌ এবাৰ জাতসকলক ২০১৩ ৰ সংঘৰ্ষৰ স্মৃতিৰে বিজেপিৰ ফালে ঢাল খুৱাবলৈ বিচাৰিছে বিজেপি নেতৃত্বই ৷ শণিবাৰে মুজাফ্ফৰনগৰত এক কাৰ্যসূচীত ভাগ লৈ অমিত শ্বাহে কয়,’সংঘৰ্ষৰ কথা আপোনালোকে পাহৰি গ’ল নেকি ? যদি ভোট দিয়াত ভুল কৰে , তেনেহ’লে আকৌ এবাৰ এই চহৰ জ্বলি উঠিব ৷’অমিত শ্বাহে অখিলেশ যাদৱৰ বিৰুদ্ধে গুণ্ডা , মাফিয়া আৰু তুষ্টীকৰণৰ ৰাজনীতিৰ অভিযোগ উত্থাপণ কৰে ৷
উল্লেখ্য যে ২০১৩ চনৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষত ৬২ জন লোকে প্ৰাণ হেৰুৱাইছিল ৷