ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট-ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS
  • বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS

  • বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ

গৌতম প্ৰতিম গগৈ

শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত সোমাই পৰিছে একাংশ ব্যক্তিগত কোচ্চিং চেণ্টাৰৰ ভূমিকা৷ ঠিক একে সময়তে ‘নীট’ৰ কোচ্চিঙৰ নামত একাংশ প্ৰতিষ্ঠানে কেনেদৰে সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে প্ৰহসনত পৰিণত কৰিছে, তাৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক চৰজমিন অনুসন্ধানত৷ আমাৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে নামী দামী কোচ্চিং ইনষ্টিটিউটত প্ৰস্তুতি চলোৱা শিক্ষার্থীয়ে বিদ্যালয়লৈ নোযোৱাকৈয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হয়৷ চিকিৎসক-অভিযন্তা হ’ব খোজা শিক্ষার্থীক লৈ এনে এক বৃহৎ অনৈতিক কাৰ্যকলাপ সংঘটিত কৰিছে একাংশ কোচ্চিং ইনষ্টিটিউটে৷ এইক্ষেত্ৰত আটাইতকৈ আগত আছে ‘এলেন’ৰ দৰে অভিজাত প্ৰতিষ্ঠান৷শিক্ষা সংসদৰ চকুত ধূলি দিবলৈ নামত মাত্ৰ বিদ্যালয়ত নামভর্তি কৰি, তাত অধ্যয়ন নকৰাকৈয়ে এতিয়া পৰীক্ষাত বহিছে ‘এলেন’ৰ দৰে কোচ্চিং ইনষ্টিটিউটৰ শিক্ষার্থী৷ বৃহৎ মাচুলৰ বিনিময়ত এই সুবিধা কৰি দিছে ছাউথ পইণ্ট, ইন্টাৰনেচনেল স্কুল অৱ গুৱাহাটী, মাৰিয়া পাব্লিক স্কুলৰ দৰে কেইখনমান নামী দামী ব্যক্তিগত শিক্ষানুষ্ঠানে৷ ব্যক্তিগত বিদ্যালয়ৰ সৈতে বুজাপৰাৰে ‘এলেন’ৰ দৰে একাংশ কোচ্চিং ইনষ্টিটিউটে দীৰ্ঘদিন ধৰি চলাই আহিছে শিক্ষাৰ এই অনৈতিক বেহা৷ ‘দ্য ক্ৰছকাৰেন্ট’-এ বিগত এসপ্তাহ ধৰি অনুসন্ধান চলাই শিক্ষাৰ্থী আৰু অভিভাৱকৰ পৰা এনে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ দ্বাৰা ‘এলেন’ৰ দৰে প্ৰতিষ্ঠানৰ অনৈতিক ব্যৱসায়ৰ সকলো তথ্য ফাদিল হৈ পৰিছে৷

কি অনিয়ম সংঘটিত কৰিছে কোচ্চিং ইনষ্টিটিউটে?

সাধাৰণতে একো একোজন ছাত্ৰই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষা সংসদৰ স্বীকৃতপ্ৰাপ্ত কোনো শিক্ষানুষ্ঠানৰ ছাত্ৰ হোৱাটো বাধ্যতামূলক৷ বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়-মহাবিদ্যালয়ত ছাত্ৰ একোজনে পৰীক্ষাত বহিবলৈ নিদির্ষ্ট শতাংশ দিন শ্ৰেণী কোঠাত উপস্থিত থকাটোও সমানেই বাধ্যতামূলক৷ কিন্তু লক্ষণীয়ভাৱে নামত মাত্ৰ নামভর্তি কৰি বিদ্যালয়ত অধ্যয়ন নকৰাকৈয়ে এতিয়া পৰীক্ষাত বহিছে একাংশ কোচ্চিং ইনষ্টিটিউটৰ শিক্ষার্থী৷ ‘এলেন’ৰ দৰে অভিজাত প্ৰতিষ্ঠানৰ সৈতে একাংশ নামী- দামী ব্যক্তিগত শিক্ষানুষ্ঠানৰ বুজাপৰাৰ মাজেৰেই এই অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে৷ এইসমূহ শিক্ষানুষ্ঠানক মাচুল আদায় দিলেই তেওঁলোকে শিক্ষাৰ্থীক শ্ৰেণীকোঠাৰ সলনি কোচ্চিং ইনষ্টিটিউটত অধ্যয়নৰ সুযোগ প্ৰদান কৰে৷ এই বিশাল অনৈতিক কাৰ্যকলাপ চকুৰ সন্মুখত দেখিও চকু মুদা কুলিৰ ভাও লৈ আহিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷

গুৱাহাটীস্থিত এলেন ইনষ্টিটিউট

উল্লেখ্য যে গুৱাহাটী মহানগৰীত এলেন কোচ্চিং ইনষ্টিটিউট, লালন কোচ্চিং ক্লাচেছ, পটেন্সিয়েল এণ্ড কনচেপ্ট এডুকেচন, ফিজিক্সৱালা, আকাশ ইনষ্টিটিউট আদি একাধিক প্ৰতিষ্ঠানে নীট অথবা জে ই ই আদিৰ বাবে প্ৰস্তুতিমূলক প্ৰশিক্ষণ প্ৰদান কৰে৷ ইয়াৰে ‘এলেন’ৰ দৰে একাংশ কোচ্চিং ইনষ্টিটিউটে একাধিক ব্যক্তিগত বিদ্যালয়ৰ লগত গঢ়ি তুলিছে এক গোপন বুজাবুজি৷ এই বুজাবুজিৰ জৰিয়তে এই সমূহ কোচ্চিং ইনষ্টিটিউটত নীট অথবা জে ই ইৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষার্থীয়ে উচ্চতৰ মাধ্যমিকৰ বাবে কোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত অধ্যয়ন কৰিব লগা নহয়৷ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিবলৈ বিদ্যালয়ত অধ্যয়ন কৰাৰ বিপৰীতে তেওঁলোকে এই সময়খিনিত নীট অথবা জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোচ্চিং ইনষ্টিটিউটত প্ৰস্তুতি চলোৱাৰ সুবিধা লাভ কৰে৷ ইয়াৰ বাবে কোচ্চিং ইনষ্টিটিউটখনৰ সৈতে বুজাবুজি থকা এখন বিদ্যালয়ত শিক্ষার্থী গৰাকীয়ে বৃহৎ মাচুল পৰিশোধ কৰি নামভর্তি কৰিব লাগে৷ তাৰ পাছত বিদ্যালয়খনত অধ্যয়ন নকৰাকৈ শিক্ষার্থী গৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ হিচাপে পৰীক্ষাত বহাৰ অনুমতি লাভ কৰে৷ এই প্ৰক্ৰিয়াটোৰ ফলত ‘এলেন’ৰ দৰে প্ৰতিষ্ঠান আৰু ব্যক্তিগত শিক্ষানুষ্ঠান, দুয়োটা পক্ষই বৃহৎ মুনাফা আদায় কৰে৷ ‘এলেন’ৰ দৰে প্ৰতিষ্ঠানে ‘নীট’ বা আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে দুটা বছৰত এজন শিক্ষাৰ্থীৰ পৰা আদায় লয় প্ৰায় ৩ লাখ টকা৷ কিন্তু একেসময়তে শিক্ষাৰ্থীগৰাকীয়ে অধ্যয়ন নকৰাকৈ ব্যক্তিগত বিদ্যালয়সমূহকো বৃহৎ পৰিমাণৰ মাচুল আদায় দিব লাগে৷ ইয়াৰ বিনিময়ত বিদ্যালয়খনে শিক্ষাৰ্থীগৰাকীক নিজৰ ছাত্ৰ হিচাপে শিক্ষা সংসদক অৱগত কৰে৷ দীৰ্ঘদিন ধৰি ‘এলেন’ৰ দৰে প্ৰতিষ্ঠান আৰু ব্যক্তিগত বিদ্যালয়ৰ মাজত চলি থকা এই নেক্সাছৰ সকলো তথ্য ফাদিল হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত৷

শিক্ষাৰ ব্যৱসায়ঃ এলেনত ৬ দিন, বিদ্যালয়ত ১ দিন

‘এলেন’ৰ গুৱাহাটীৰ জিএছ ৰোডস্থিত এটা কেন্দ্ৰৰ কেইবাগৰাকী শিক্ষার্থীৰ লগত বার্তালাপ হৈছিল দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিনিধিৰ৷ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰই দ্য ক্ৰছকাৰেণ্টক জনোৱা অনুসৰি, তেওঁ বর্ষাপাৰাৰ ছাউথ পইন্ট স্কুলৰ ছাত্ৰ৷ কিন্তু একেসময়তে এলেনত নীটৰ প্ৰস্তুতিৰ বাবে অধ্যয়ন চলাই আছে৷ সপ্তাহত তেওঁলোকে মাত্ৰ এদিন ছাউথ পইন্ট স্কুলত উপস্থিত থাকিব লাগে৷ সপ্তাহটোৰ অন্য ছটা দিন তেওঁলোকে এলেন ইনষ্টিটিউটতেই নীটৰ বাবে প্ৰস্তুতি চলায়৷ ছাত্ৰগৰাকীয়ে জনোৱা অনুসৰি, ছাউথ পইণ্ট স্কুলৰ আন বহু শিক্ষার্থীয়েই বিদ্যালয়ত মাত্ৰ এদিনহে উপস্থিত থকাৰ বাদে নিয়মীয়াকৈ এলেনত নীট বা জে ই ইৰ প্ৰস্তুতিৰ বাবে অধ্যয়ন কৰে৷ ছাউথ পইণ্ট স্কুলৰ আন কেইবাগৰাকী শিক্ষার্থীয়েও একেই মন্তব্য কৰে৷ একেসময়তে জে ই ইৰ বাবে প্ৰস্তুতি চলাই থকা আন এগৰাকী শিক্ষার্থীয়ে জনোৱা অনুসৰি, তেওঁ জ্ঞান এডুকেচনেল ইনষ্টিটিউচনৰ দ্বিতীয় বর্ষৰ ছাত্ৰ যদিও এটা সপ্তাহত মাত্ৰ এদিনহে বিদ্যালয়ত উপস্থিত থাকিব লাগে৷ অন্য ছটা দিনেই তেওঁলোকে এলেনত অধ্যয়ন কৰে৷ গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ আন এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰইও সপ্তাহটোৰ এটা মাত্ৰ দিন বিদ্যালয়ত উপস্থিত থকাৰ বিপৰীতে ৬ দিন এলেনত অধ্যয়ন কৰে বুলি জানিবলৈ দিয়ে৷ একেসময়তে গোগামুখৰ জ্ঞান একাডেমীৰ এগৰাকী ছাত্ৰই জনায় যে, তেওঁ মাহটোৰ মাত্ৰ এটা সপ্তাহ নিজৰ বিদ্যালয়ত উপস্থিত থকাৰ বিপৰীতে বাকী দিনকেইটা এলেনত নীটৰ প্ৰস্তুতিৰ বাবে অধ্যয়ন কৰে৷ এই আটাইকেইগৰাকী শিক্ষার্থীৰ মতে, তেওঁলোকৰ বিদ্যালয় সমূহৰ সৈতে এলেনৰ বুজাপৰা আছে , যাৰবাবে তেওঁলোকে নিজৰ বিদ্যালয়ত মাত্ৰ এটা দিন ক্লাছ কৰি পৰীক্ষাত বহাৰ সুযোগ লাভ কৰে৷

শিক্ষা নহয় : এলেন- ব্যক্তিগত বিদ্যালয়ৰ মুনাফা আদায়ৰ নেক্সাছ

নাম প্ৰকাশত অনিশ্চুক গুৱাহাটীৰ এগৰাকী অভিভাৱকে দ্য ক্ৰছকাৰেণ্টক কয় যে, দশম শ্ৰেণী উত্তীর্ণ হোৱাৰ পাছত একাদশ শ্ৰেণীত নামভর্তিৰ পূর্বেই তেওঁ সন্তানক নীটৰ প্ৰস্তুতিৰ বাবে এলেন কেৰিয়াৰত ভর্তি কৰিছিল৷ এলেন কেৰিয়াৰত সর্বমুঠ মাচুলৰ পৰিমাণ ২ লাখ ৭৫ হাজাৰ টকা৷ পৰৱর্তী সময়ত একাদশ শ্ৰেণীত সন্তানক নামভর্তি কৰিবলৈ বিদ্যালয় নির্বাচন কৰাৰ বাবে তেওঁ এলেন কর্তৃপক্ষৰ পৰামর্শ গ্ৰহণ কৰিছিল৷ অভিভাৱক গৰাকীয়ে জনোৱা অনুসৰি, এলেন কর্তৃপক্ষই তেওঁৰ সন্তানক নামভর্তিৰ বাবে ছাউথ পইন্ট আৰু ইণ্টাৰনেচনেল স্কুল অব গুৱাহাটীসহ প্ৰায় পাঁচ-ছয়খন বিদ্যালয়ৰ এখন তালিকা দেখুৱাইছিল৷ সেই অনুসৰি অভিভাৱক গৰাকীয়ে নিজৰ সন্তানক ছাউথ পইণ্ট স্কুলত একাদশ শ্ৰেণীত নামভর্তি কৰে৷ অভিভাৱক গৰাকীয়ে কয়, ছাউথ পইণ্ট স্কুলত ৭৫ হাজাৰ টকাৰ বার্ষিক মাচুল পৰিশোধ কৰিব লাগে যদিও, তাত সপ্তাহত মাত্ৰ এদিনহে পাঠদান হয়৷ অন্য ছটা দিন উপস্থিত থাকিব লাগে এলেনৰ কোচ্চিঙত৷ সেই অনুযায়ী, প্ৰতি বুধবাৰে পুৱা ৮ বজাৰ পৰা ১ বাজি ৩০ মিনিটলৈ ছাউথ পইণ্ট স্কুলত পাঠদান হোৱাৰ বিপৰীতে অন্য ছটা দিনত পুৱা ৭ বাজি ৪৫ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ এলেনত কোচ্চিং ক্লাছত উপস্থিত থাকিব লাগে শিক্ষার্থী গৰাকীয়ে৷

গুৱাহাটীৰ বৰ্ষাপাৰাত অৱস্থিত ছাউথ পইণ্ট বিদ্যালয়

 

 

 

 

 

 

দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধানকালত অভিভাৱক আৰু শিক্ষার্থীয়ে জনোৱা অনুসৰি, ছাউথ পইণ্ট স্কুল, ইন্টাৰনেশ্যনেল স্কুল অৱ গুৱাহাটী, মাৰিয়া পাব্লিক স্কুল, জ্ঞান এডুকেচনেল ইনষ্টিটিউশ্যন আদি গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত বিদ্যালয়ত নামভর্তি কৰা এলেনৰ শিক্ষার্থীয়ে বিদ্যালয়ত নিয়মীয়া উপস্থিতি নথকাকৈয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহাৰ সুবিধা লাভ কৰিছে৷ আপাতঃ দৃষ্টিত এইসমূহ বিদ্যালয়ৰ এই সকল ছাত্ৰই অতিৰিক্তভাৱে এলেন কেৰিয়াৰত নীট অথবা জে ই ইৰ প্ৰস্তুতি চলাই থকাৰ যেন দেখিলেও, বাস্তৱত ই ওলোটাহে৷ বাস্তৱ ক্ষেত্ৰত এলেনৰ এইসকল শিক্ষার্থীয়ে পৰীক্ষাত বহাৰ সুযোগ পাবলৈহে উল্লেখিত ব্যক্তিগত বিদ্যালয়ত নামভর্তি কৰিছে আৰু দুয়োপক্ষৰ মাজত থকা বুজাবুজিৰ জৰিয়তে বিদ্যালয়ত উপস্থিত নথকাকৈ পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিছে৷ একেই বুজাবুজিৰ জৰিয়তে ব্যক্তিগত বিদ্যালয়সমূহেও কোনো ধৰণৰ পাঠদান নকৰাকৈ বৃহৎ পৰিমাণৰ মাচুল সংগ্ৰহ কৰি অভিভাৱকৰ পৰা মুনাফা আদায় কৰি আহিছে৷ ইয়াৰ বাহিৰেও ‘এলেন’ৰ দৰে প্ৰতিষ্ঠানত সকলো শিক্ষাৰ্থীয়ে সমান গুৰুত্ব লাভ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

বিহাৰত নিষিদ্ধ, অসমত কি নিয়ম?

বিদ্যালয় চলি থকাৰ সময়ত কোচ্চিং ইনষ্টিটিউট সমূহৰ পাঠদান ইতিমধ্যে নিষিদ্ধ কৰিছে বিহাৰৰ শিক্ষা বিভাগে বিদ্যালয়ৰ পাঠদানত উপস্থিত নাথাকি কোচ্চিং ইনষ্টিটিউট সমূহৰ পাঠদানত উপস্থিত থকাত নিষেধাজ্ঞা আৰোপ কৰিয়েই এই ব্যৱস্থা প্ৰৱর্তন কৰিছে বিহাৰৰ শিক্ষা বিভাগে৷ সেই অনুসৰি, বিদ্যালয় খোলা থকা দিনত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ বিহাৰত কোনো কোচ্চিং ইনষ্টিটিউটে পাঠদান অনুষ্ঠিত কৰিব নোৱাৰে৷ একেই ঘোষণাত চৰকাৰী অথবা ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকে কোচ্চিং ইনষ্টিটিউটত শিক্ষাদান কৰাটোও নিষিদ্ধ কৰিছে বিহাৰৰ শিক্ষা বিভাগে৷ অনফালে অসমৰো বিভিন্ন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত ৭৫ শতাংশৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে৷ শ্ৰেণী কোঠাত ৭৫ শতাংশ দিন উপস্থিত থাকিলেহে শিক্ষার্থীয়ে পৰীক্ষাত বহাৰ অনুমতি লাভ কৰে৷ কটন বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষার্থীৰ পৰা লোৱা মন্তব্যত কয় যে, কটন বিশ্ববিদ্যালয়ৰ প্ৰতিটো পৰীক্ষাতেই অৱর্তীণ হ’বৰ বাবে ৭৫ শতাংশৰ উপস্থিতি বাধ্যতামূলক৷ অথচ একাংশ কোচ্চিং ইনষ্টিটিউটে আন একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে গোপন বুজাবুজিৰ জৰিয়তে শিক্ষাৰ নামত গঢ়ি তুলিছে কোচ্চিঙৰ ব্যৱসায়৷

অনিয়ম সংঘটিত কৰা এলেনৰ লগত কি সম্পর্ক মুখ্যমন্ত্ৰীৰ?

ডিব্ৰুগড়ত এলেন ইনষ্টিটিউট উদ্বোধন কৰাৰ মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘এলেন’ৰ দৰে প্ৰতিষ্ঠান আৰু একাংশ ব্যক্তিগত বিদ্যালয়ে শিক্ষাৰ নামত অনৈতিক ব্যৱসায় চলাই যোৱাই নহয় , শিক্ষাক্ষেত্ৰত সৃষ্টি কৰিছে বৃহৎ অসমতাৰ৷ কাৰণ চৰকাৰী বিদ্যালয়–মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল নিজ নিজ শ্ৰেণীকোঠাত উপস্থিত থকাটো বাধ্যতামূলক৷ কিন্তু একে সময়তে ব্যক্তিগত বহু শিক্ষানুষ্ঠানৰ ছাত্ৰ– ছাত্ৰীয়ে বিদ্যালয়খনত মাচুল আদায় দি প্ৰশিক্ষণ গ্ৰহণ কৰে ‘এলেন’ৰ দৰে কোচ্চিং চেণ্টাৰত৷ মুনাফাৰ বাবে শিক্ষাক্ষেত্ৰক বজাৰত পৰিণত কৰা এই ‘এলেন’ৰ সৈতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক যুৱ আয়োগে যৌথভাৱে কার্যসূচী হাতত লৈছে৷ এলেনৰ সহযোগত যুৱ আয়োগে ৰাজ্যৰ বিভিন্ন স্থানত কোচ্চিং চেণ্টাৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ ৰাজ্যিক যুৱ আয়োগৰ সহযোগত ডিব্ৰুগড়ত আৰম্ভ হোৱা এলেন কেৰিয়াৰ ইনষ্টিটিউটত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰি IIT আৰু NEETত স্থান পোৱা আঠ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনায়।

এলেনৰ সফলতা বাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ ইন্সটিটিউটৰ সফলতাৰ পাছতে তেজপুৰ, নলবাৰী, শিলচৰ আদি ঠাইতো ৰাজ্যিক যুৱ আয়োগৰ সহযোগত এনে শিক্ষানুষ্ঠানৰ সংখ্যা সম্প্ৰসাৰণ কৰা হ’ব বুলি উল্লেখ কৰে৷ ইয়াৰ পৰাই সন্দেহৰ সৃষ্টি হয় যে অসম চৰকাৰৰো এলেনৰ সৈতে গোপন বুজাবুজি আছে নেকি? কাৰণ, বৃহৎ মাচুল আদায় দিব পৰা শিক্ষাৰ্থীয়েহে শিক্ষা সংসদৰ চকুত ধূলি দি ‘এলেন’ৰ দৰে প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ পায়৷ সাধাৰণ পৰিয়াল এটাৰ শিক্ষাৰ্থীৰ বাবে এয়া সম্ভৱ নহয়৷ এই কথা জানি বুজিও এলেনৰ ব্যৱসায় সম্প্ৰসাৰণত খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমিকা লোৱা ঘটনাই আৰু বহু প্ৰশ্নৰ উদয় কৰিছে৷
এলেনৰ ওপৰিও একেই অনিয়ম অব্যাহত ৰখা অন্যান্য কোচ্চিং চেন্টাৰ আৰু ব্যক্তিগত বিদ্যালয় সন্দর্ভত দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধান অব্যাহত আছে৷

allen coaching centreassamassam educational councilassam studentexclusivehimanta biswa sarmaneetneet scamsouth point schoolthe crosscurrent
Comments (0)
Add Comment