সেনাৰ অস্থায়ী নিযুক্তি : অগ্নিপথে কিয় জ্বলাইছে অগ্নি ?

অৰূপ কলিতা

মঙলবাৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ‘অগ্নিপথ’ শীৰ্ষক এখন নতুন আঁচনিৰ ঘোষণা কৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সেনাৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিহাৰত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ ৷ বিহাৰৰ আৰা ৰেলৱে ষ্টেচন লণ্ড ভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে ৷ হাতত ত্ৰিৰংগা পতাকা লৈ ‘মোদী চৰকাৰ মুৰ্দাবাদ’ শ্ল’গান দিছে ৷ অবৰোধ কৰিছে ৰে’লপথ ৷

ৰাজনাথ সিঙে ঘোষণা কৰা কি এই ‘অগ্নিপথ’ আঁচনি ?

কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ঘোষণা কৰা অগ্নিপথ আঁচনি অনুসৰি ৪ বছৰৰ বাবে সেনাত দিয়া হ’ব ঠিকাভিত্তিক নিযুক্তি৷ ১৭ বছৰ ৬ মাহ বয়সৰ পৰা ২১ বছৰৰ ভিতৰৰ যুৱক যুৱতীক দিয়া হ’ব সেনাৰ অস্থায়ী নিযুক্তি ৷ ইয়াৰ ভিতৰত ২৫ শতাংশক সেনা বাহিনীত স্থায়ী নিযুক্তি দিয়া হ’ব ৷ এইদৰে নিযুক্তি লাভ কৰা যুৱক –যুৱতীসকলক অভিহিত কৰা হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু সেই অগ্নিপথ – অগ্নীবীৰে এতিয়া তোলপাৰ লগাইছে দেশ ৷ নিবনুৱাৰ দাবী অস্থায়ী নিযুক্তি প্ৰত্যাহাৰ কৰক ৷ স্থায়ী নিযুক্তি প্ৰদান কৰক ৷

মোদী চৰকাৰৰ নতুন আঁচনিক লৈ কিয় শংকিত নিবনুৱা ?

কোভিডৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰাই বন্ধ হৈ আছে ভাৰতীয় সেনাৰ নিযুক্তি ৷উত্তৰ প্ৰদেশত খোদ ৰাজনাথ সিঙৰ সন্মুখতেই  সেনাৰ নিযুক্তি পুণৰ আৰম্ভ কৰাৰ দাবী উত্থাপণ কৰিছিল বিক্ষুদ্ধ নিবনুৱাই ৷ কাৰণ ভাৰত চৰকাৰৰ তথ্য অনুসৰিয়ে বৰ্তমান ভাৰতীয় সেনাত খালী হৈ আছে ১ লাখ ২২ হাজাৰ ৫৪৬ টা পদ৷ কিন্তু দীৰ্ঘদিন ধৰি সেনাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নাই মোদী চৰকাৰে ৷ অথচ কৌটি কৌটি যুৱকে সেনাত নিযুক্তিৰ বাবে দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলাই আছে ৷ বহুতৰে সেনাৰ নিযুক্তিৰ বাবে বয়সৰ সীমাও ইতিমধ্যে অতিক্ৰম কৰিছে ৷ তাৰ মাজতে ৰাজনাথ সিঙে ঘোষণা কৰিছে সেনাৰ অস্থায়ী নিযুক্তিৰ আঁচনি ‘অগ্নিপথ’ ৷ এই আঁচনি অনুসৰি নিযুক্তি লাভৰ চাৰি বছৰ পাছতেই অৱসৰ লাভ কৰিব যুৱক যুৱতীসকলে ৷

কিমান দৰমহা পাব অস্থায়ী সৈনিকে ?

‘অগ্নিপথ’ আঁচনিৰ অধীনত চাৰিবছৰীয়ে নিযুক্তি লাভ কৰা একোজন প্ৰাৰ্থীয়ে প্ৰথম বছৰত  মাহে ৩০ হাজাৰ টকা , দ্বিতীয় বছৰত মাহে ৩৩ হাজাৰ টকা , তৃতীয় বছৰত মাহে ৩৬ হাজাৰ ৫০০ টকা আৰু চতুৰ্থ বছৰত মাহে ৪০ হাজাৰ টকা লাভ কৰিব ৷ চাৰি বছৰত এই দৰমহাৰ পৰাই মুঠ ৫ লাখ ২ হাজাৰ টকা কৰপাছ ফাণ্ডৰ বাবে কাটি ৰখা হ’ব ৷ চাৰি বছৰ পাছত যেতিয়া যুৱক যুৱতীসকলে অৱসৰ গ্ৰহন কৰিব তেতিয়া ভাৰত চৰকাৰে অতিৰিক্ত ৫ লাখ ২ হাজাৰ টকা যোগ দি অৱসৰী ‘অগ্নিবীৰ’সকলক ১১ লাখ ৭১ হাজাৰ টকাৰ সেৱা নিধি পেকেজ প্ৰদান কৰিব ৷

বিজেপি সাংসদ- বিৰোধীৰ প্ৰতিক্ৰিয়া 

কেন্দ্ৰৰ এই আঁচনিক লৈ কোনোপধ্যে সন্তুষ্ট নহয় চাকৰি প্ৰত্যাশী নিবনুৱাসকল ৷ তেওঁলোকক লাগে স্থায়ী নিযুক্তি ৷ যাৰ বাবে হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বিজেপি সাংসদ বৰুণ গান্ধীয়ে বিষয়টো লৈ প্ৰতিৰক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷ য’ত তেওঁ উল্লেখ কৰিছে যে অগ্নিপথ আঁচনিক লৈ দেশৰ যুৱ প্ৰজন্মৰ অনেক প্ৰশ্নৰ উদয় হৈছে ৷ চৰকাৰে এই আঁচনিৰ সকলো নীতিগত সিদ্ধান্ত স্পষ্ট কৰি নিজৰ বক্তব্য মুকলিকৈ কোৱা উচিত ৷ তেওঁ লগতে উল্লেখ কৰে যে সেনাত ১৫ বছৰ চাকৰি কৰি অৱসৰ লাভ কৰা সৈনিকসকলকেই কৰ্পোৰেট খণ্ডই নিযুক্তি প্ৰদানৰ  বাবে আগ্ৰহী নহয় ৷ তেনেস্থলত চাৰি বছৰ চাকৰি কৰি অৱসৰ লোৱা অগ্নিবীৰসকলৰ ভৱিষ্যত কৰি হ’ব ?

বি এছ পি নেত্ৰী মায়াৱতীৰো দাবী অগ্নিপথ আঁচনি পুণৰ বিবেচনা কৰক ৷ বিৰোধীৰ এনে আপত্তিৰ মাজতো অব্যাহত আছে নিবনুৱাৰ প্ৰতিবাদ ৷ দেশৰ নিবনুৱাই মানি নলয় সেনাৰ অস্থায়ী নিযুক্তি , লাগে স্থায়ী নিযুক্তি ৷

agnibeeragnipathNARENDRAMODIrajnathsingthe_crosscurrent
Comments (0)
Add Comment