আফগানিস্তানত আইছিছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

কাবুলত আইছিছ খুৰাছান গোটে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণৰ পাছত হুংকাৰ দিছিল আমেৰিকাই ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সন্ত্ৰাসবাদী সংগঠনটোৱে এই ঘটনাৰ মাচুল আদায় দিব লাগিব বুলি সকীয়ণি দিছিল ৷ ইয়াৰ পাছতেই পদক্ষেপ গ্ৰহণ কৰিলে পেন্টাগণে ৷
আইছিছ কুৰাছানৰ ঘাটিত ড্ৰোণেৰে আক্ৰমণ চলাইছে আমেৰিকাই ৷ এই আক্ৰমণত কাবুল বিস্ফোৰণৰ মূল চক্ৰান্তকাৰী নিহত হোৱা বুলি দাবী কৰিছে দেশখনে ৷ আমেৰিকান সেনাৰ কেপ্তেইন বিল আৰ্বানে দাবী কৰা মতে ,আফগানিস্তানৰ নানগৰহৰ প্ৰদেশত ড্ৰোণ আক্ৰমণ চলোৱা হৈছে ৷ মানববিহীন এই অভিযানত বিস্ফোৰণৰ মূল চক্ৰান্তকাৰীৰ মৃত্যু হৈছে যদিও সাধাৰণ মানুহৰ কোনো ক্ষয় ক্ষতি হোৱা নাই ৷
বৃহস্পতিবাৰে কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনাত ১৭০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ ৰো অধিক লোক আহত হৈছিল ৷ নিহত সকলৰ মাজত ১৩ জন আমেৰিকান সেনাও আছিল ৷ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আইছিছ – খুৰাছান গোটে

Comments (0)
Add Comment