আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে মূলত: জগৰীয়া কৰা হৈছে আমেৰিকাক ৷ আফগানিস্তানৰ মুক্তিৰ সপোন দেখুৱাই পুণৰ তালিবানৰ হাতত ক্ষমতা তুলি দিয়া কাৰ্যক বিশ্ব সমুদায়ে সহজভাৱে ল’ব পৰা নাই ৷ এনে প্ৰেক্ষাপটত নিজৰ পক্ষ সদৰী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷ তেও সেনা প্ৰত্যাহাৰৰ সমৰ্থনত যুক্তি ডাঙি ধৰি কয় ,’আমি অনুতপ্ত নহয় ৷’সোমবাৰে নিশা দেশবাসীক সম্বোধন কৰি জ’ বাইডেনে লগতে কয় যে আমেৰিকাৰ সেনা বাহিনীয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি আফগানিস্তানৰ গৃহযুদ্ধ চম্ভালি থাকিব নোৱাৰে৷ আফগানিস্তানত যি ঘটিছে তাৰ বাবে দায়ী আফগান সামৰিক আৰু ৰাজনৈতিক শক্তিৰ ব্যৰ্থতা ৷
বাইডেনে অৱশ্যে স্বীকাৰ কৰি লয় যে পৰিস্থিতিৰ ইমান যে দ্ৰুত অৱনতি ঘটিব সেয়া ভবা হোৱা নাছিল ৷ ৰাষ্ট্ৰপতি আশ্ৰফে তালিবানৰ বিৰুদ্ধে যুঁজাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বাস্তৱত সেয়া হোৱা দেখা নগ’ল ৷
বাইডেনৰ দাবী- আল- কায়দাৰ বিৰুদ্ধে যুঁজিবলৈ গৈছিল আমেৰিকা ৷ আফগান ৰাষ্ট্ৰব্যৱস্থা গঢ়িবলৈ নহ্য ৷ মানৱ অধিকাৰেই কূটনীতিৰ স্তম্ভ হোৱা উচিত , যুদ্ধ নহয় ৷
উল্লেখ্য যে ড’ণাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি থকা সময়তে তালিবানৰ সৈতে স্বাক্ষৰিত হৈছিল দোহা শান্তি চুক্তি ৷ সেই অনুসৰি আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰে ৷ এতিয়া সেইগৰাকী ট্ৰাম্পেই বাইডেনক দোষাৰোপ কৰি কৈছে –‘বাইডেনৰ পদত্যাগৰ সময় আহি পৰিছে ৷ আমেৰিকাৰ ইতিহাসত ইয়াতকৈ লজ্জাজনক পৰাজয়ৰ ঘটনা সংঘটিত হোৱা নাই ৷’