আফগানিস্তানত কিমান অস্ত্ৰ এৰি গ’ল আমেৰিকাই ?

বিশ্বৰ বৃহৎ বৃহৎ শক্তি সমূহৰ বাবে ১৯ দশকৰ পৰাই আফগানিস্তান এখন খেলপথাৰ হিচাপে পৰিগণিত হৈ আহিছে৷ ১৯ দশকত ইংলেণ্ড,বিংশ দশকত ৰাছিয়া আৰ একবিংশ দশকত আমেৰিকাই আফগানিসতানত নিজৰ প্ৰভূত্ব সাব্যস্ত কৰি দেখুৱাইছে৷ কিন্তু এই তিনটা শক্তিয়েই বিভিন্ন সময়ত উচনো গৈছে আফগানিস্তানৰ মাটিত৷শেহতীয়া উদাহৰণ আমেৰিকা৷ কিন্তু আমেৰিকাই আফগানিস্তানত কিমান অস্ত্ৰ এৰি গল আপুনি জানেনে?
আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুৰসৰি,৮,৮৪,৩১১ আধুনিক সামৰি অস্ত্ৰ আমেৰিকাই এৰি গৈছে আফগানিস্তানত৷ইয়াৰ ভিতৰত সোমাই আছে, M16 rifle, M4 carbines, 82 mm mortar launchers,মিলিটাৰী বাহন যেনে Humvee, Black Hawk helicopters, A29 fighter aircraft ইত্যাদি ইত্যাদি৷সংখ্যাৰ হিচাপত আমেৰিকাই এৰি গৈছে,৫.৯৯ লাখ অস্ত্ৰ,৭৬ হাজাৰতকৈ আধিক মিলিটাৰী বাহন আৰু ২০৮ খনতকৈ অধিক সামৰিক বিমান৷ বিগত মাহত আমেৰিকাই আফগানিস্তানলৈ প্ৰেৰণ কৰিছিল ৭ খনকৈ Blackhawk helicopter৷প্ৰতিখন Blackhawk helicopter ৰ মূল্য প্ৰায় ১৫০ কোটিৰ পৰা ২৭০ কোটি৷আন্তৰাষ্ট্ৰীয় বাতৰি অনুসৰি,এই সমূহ বিমানো এতিয়া আফগানিস্তানতেই এৰি গৈছে আমেৰিকাই৷

#afghanistan#waponsamericathecrosscurrent
Comments (0)
Add Comment