পাকিস্তানৰ পৰা পৰিচালিত ২০ টা ইউটিউব চেনেল বন্ধ কৰিলে ভাৰত চৰকাৰে

ভাৰত চৰকাৰৰ চোৰাংচোৱা সংস্থাৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে চিনাক্ত কৰি উলিয়াইছে পাকিস্তানৰ পৰা পৰিচালিত এই সমূহ ইউটিউব চেনেল আৰু ৱেবচাইট৷এই তালিকাত আছে The Punch Line, InternationalWeb News, Khalsa TV, The Naked Truth, News24, 48 News, Punjab Viral, Naya Pakistan Global, Cover Story, Zain Ali Official, Bajwa, আৰু Official ৰ দৰে ইউটিউব চেনেলৰ নাম৷আটাইতকৈ ডাঙৰ কথা এয়ে যে এই ইউটিউব চেনেল সমূহৰ আছে সন্মিলিত চাব্চক্ৰাইবাৰ৷চেনেলসমূহৰ সর্বমুঠ চাব্চক্ৰাইবাৰ আছে ৩৫ লাখ আৰু প্ৰচাৰিত ভিডিঅ’ সমূহৰ আছে ৫৫ কোটিৰো অধিক দর্শক৷কিন্তু কি প্ৰচাৰ কৰি আহিছিল এই সমূহ ইউটিউব চেনেল আৰু ৱেবচাইটে?ভাৰত চৰকাৰে বন্ধ কৰা এই ২০ টা ইউটিউব চেনেল আৰু ৱেবচাইটে সততে প্ৰচাৰ কৰি আহিছিল কাশ্মীৰ,ভাৰতীয় সেনা,ভাৰতৰ সংখ্যলঘূ,ৰাম মন্দিৰ আদিৰ দৰে প্ৰসংগত৷বিপিন ৰাৱাটৰ ওপৰতো অপপ্ৰচাৰ চলাইছিল এই সমূহে ইউটিউব চেনেলে৷উদাহৰণ স্বৰুপে মহচিন ৰাজপুত অফিচিয়েল নামৰ এই ইউটিউব চেনেলটোয়ে অসমৰ মুছলমান আৰু তালিবান সন্দর্ভত প্ৰচাৰ কৰিছিল ভূৱা বাতৰি৷এটা বাতৰিত কোৱা হৈছিল,যে অসমৰ এক হাজাৰ মুছলমানে তালিবানৰ প্ৰশিক্ষণ লবলৈ আফগানিস্তানত উপস্থিত হৈছে৷
একেদৰে বাজৱা নামৰ ইউটিউব চেনেলটোয়ে বিগত ২২ অক্টোবৰত ৫০০ গেৰিলা মোজাহিদিন সদস্যই কাশ্মীৰত প্ৰবেশ কৰা বুলি শিৰোনামাৰে পৰিবেশন কৰিছিল ভূৱা বাতৰি৷উল্লেখনীয় যে আগন্তুক পাচ ৰাজ্যৰ নির্বাচন সম্পর্কীয় বাতৰি পৰিবেশন কৰি এই সমূহ চেনেলে প্ৰভাব বিস্তাৰ কৰিব বুলি ধাৰনা কৰা হৈছে৷শেহতীয়া চোৰাংচোৰা সংস্থাৰ সহযোগত পাকিস্তানৰ পৰা পৰিচালিত বুলি চিনাক্ত কৰা এই ২০ টা ইউটিউব চেনেল আৰু ২ দুটাকৈ ৱেবচাইট বন্ধ কৰিবলৈ বিভাগীয় কতৃপক্ষক নিদের্শ প্ৰদান কৰিছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে৷

#pakistan_youtub_channelpakistan
Comments (0)
Add Comment