আদানীৰ সৈতে বাতিল সকলো চুক্তি। কেনিয়াৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পাছতেই সংসদত জয়ধ্বনি

আমেৰিকাৰ আদালতৰ যোগেদি পোহৰলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু বুলি চৰ্চিত উদ্যোগপতি গৌতম আদানীৰ কুকীৰ্তি। আদানীৰ কোম্পানী আদানী গ্ৰীণছ আৰু কানাডাৰ এটা কোম্পানী এজিউৰে মুনাফা লাভৰ আশাত ৰাজ্যই ৰাজ্যই বিলাইছিল ২ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ উৎকোচ। ভাৰতৰ বিভিন্ন ক্ষমতাশালী ব্যক্তিক ২ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ উৎকোচ প্ৰদানৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে আদানি গ্ৰীণৰ মুৰব্বী গৌতম আদানি, ভতিজাক সাগৰ আদানি আৰু বিনীত জৈনৰ লগতে এজিউৰ পাৱাৰৰ চাইৰিল কেবানছ, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা৷ আমেৰিকাৰ ফেডাৰেল ক’ৰ্ট অৱ ব্ৰুকলিনত ফাদিল হৈছে ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিৰ দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ এই চাঞ্চল্যকৰ অধ্যায়৷

এই অধ্যায় ফাদিল হোৱা পাছতেই বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য। ভাৰতৰ শ্বেয়াৰ বজাৰত দেখিবলৈ পোৱা গৈছে অস্থিৰতা। বিৰোধী ৰাজনৈতিক দলৰ সমালোচনা বলি হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি গোটেই বিজেপি চৰকাৰ। ঘোচ দি কুকীৰ্তিৰে দেশৰ মান নষ্ট কৰিলে বুলিও সমালোচিত হৈছে গৌতম আদানী। ইয়াৰ মাজতে শেহতীয়াকৈ খবৰ আহি পৰিছে কেনিয়াৰ পৰা। কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটুৱে সংসদত ঘোষণা কৰে যে, আদানী গ্ৰুপৰ সৈতে তেওঁলোকৰ চৰকাৰৰ যিমানবোৰ চুক্তি আছিল, সকলোবোৰ বাতিল কৰা হৈছে। আৰু ইয়াৰ পাছতেই সংসদত উপস্থিত সকলো উল্লাসিত হৈ পৰিল। আদানীৰ প্ৰতি থকা অসন্তুষ্টিৰ বাবেই এইসকল ৰাজনৈতিক নেতাই সংসদৰ মজিয়াত আদানীৰ বিৰুদ্ধে লোৱা সিদ্ধান্তত উত্ফুল্লিত হৈ পৰিছে। আদৰণি জনাইছে চৰকাৰৰ সিদ্ধান্তক।

উল্লেখ্য যে, বিগত মাহত কেনিয়াৰ শক্তি মন্ত্ৰালয়ে আদানি গ্ৰুপৰ এটা কোম্পানীৰ সৈতে বিদ্যুৎ পৰিবাহী লাইন নিৰ্মাণৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল। ৩০ বছৰৰ বাবে চুক্তিবদ্ধ হোৱা এই ৰাজহুৱাব্যক্তিগত অংশীদাৰিত্ব চুক্তিৰ প্ৰকল্প মূল্য আছিল ৭৩৬ মিলিয়ন ডলাৰ। এই চুক্তিও বাতিল কৰাৰ বাবে নিৰ্দেশ দিছে কেনিয়াৰ ৰাষ্ট্ৰপতিয়ে। আনফালে দেশখনে আন এক চুক্তিও বাতিলৰ বাবে নিৰ্দেশ দিছে যাৰ যোগেদি কেনিয়াৰ প্ৰাথমিক বিমান বন্দৰৰ নিয়ন্ত্ৰণ আদানী গ্ৰুপে লাভ কৰিলেহেঁতেন। কিন্তু এই সকলো চুক্তি বাতিল কৰিবলৈ নিৰ্দেশ দিছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে।

আনফালে এই খবৰৰ পাছতেই টুইটাৰত কেনিয়াৰ সংসদৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই বিদেশত ভাৰতৰ ভাবমূর্তি ক্ষতিগ্রস্ত হৈছে। তেওঁ ভাৰতীয় বৈদেশিক নীতি আদানী গোটৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

<blockquote class=”twitter-tweet”><p lang=”en” dir=”ltr”>What is worrying is the ovation in the Parliament of Kenya when their President announced his decision on Adani. The image of India has suffered because Prime Minister Modi. He has surrendered Indian foreign policy to the Adani group. <a href=”https://t.co/skeUQMPzCG”>https://t.co/skeUQMPzCG</a></p>&mdash; Gaurav Gogoi (@GauravGogoiAsm) <a href=”https://twitter.com/GauravGogoiAsm/status/1859615575925743715?ref_src=twsrc%5Etfw”>November 21, 2024</a></blockquote> <script async src=”https://platform.twitter.com/widgets.js” charset=”utf-8″></script>

Comments (0)
Add Comment