ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ জন সাংসদ

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷
সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷ সংসদৰ মজিয়াত বিশৃংখলতা সৃষ্টিৰ অভিযোগত বহিস্কাৰ কৰা হৈছিল কংগ্ৰেছৰ সাংসদ কেইজনক৷ মংগলবাৰে সেই একেই অভিযোগত ৰাজ্যসভাৰ পৰা বহিস্কৃত হয় আন ১৯ গৰাকী বিৰোধী সাংসদ৷ বহিস্কৃত সাংসদ সকলৰ আছিল তৃনমূল কংগ্ৰেছৰ ৭ জনকৈ সাংসদ৷ এওঁলোক ক্ৰমে ডোলা সেন, সুস্মিতা দেৱ, মৌচম বেঞ্জিৰ নুৰ, শান্তনু সেন, আবীৰৰঞ্জন বিশ্বাস, নাদিমূল হক আৰু শান্তা ছেত্ৰী৷ ইয়াৰ উপৰিও বহিস্কৃত সাংসদ সকলৰ তালিকাত আছে, ডিএমকেৰ ৬ সাংসদ,তেলেংগনা ৰাষ্ট্ৰ সমিতিৰ ৩ জন সাংসদ আৰু চিপিএমৰ ২ জন সাংসদ৷ উল্লেখ্য যে, মূল্যবৃদ্ধি আৰু জিএছটি সন্দর্ভত আলোচনাৰ বাবে মংগলবাৰে ৰাজ্যসভাত সৰৱ হৈ উঠে বিৰোধী।

#mp#price_hikeGSTrajyasabhathecrosscurrent
Comments (0)
Add Comment