লোহা চোৰ দিলীপ গোৱেংকাৰে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ?

লোহা চোৰ দিলীপ গোৱেংকাৰে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ?

 

এই মানুহজনৰ নাম দিলীপ গোৱেংকা৷ মানুহজনৰ ফটো দেখিয়েই আপুনি অনুমান কৰিব পাৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ এইগৰাকী ব্যৱসায়ী৷ কেৱল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাই নহয়, মাজে মাজে মানৱ দৰদীৰ ভাৱ লোৱাটো সিদ্ধহস্ত এইগৰাকী দিলীপ গোৱেংকা৷ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ মাজে সময়ে লাখ লাখ টকা দানো কৰে দিলীপ গোৱেংকাই৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলীপ গোৱেংকাৰ চেক ধন্যবাদসহকাৰে গ্ৰহণো কৰে৷

কিন্তু এইগৰাকী দিলীপ গোৱেংকাই কি কাম কৰে জানেনে আপুনি? অসমীয়া প্ৰতিদিনত প্ৰকাশিত এটা বাতৰি অনুসৰি গুৱাহাটীত চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফুটপাথৰ পৰা লোহা চুৰ কৰি থকা কেইটামান চোৰক৷ কিন্তু আৰক্ষীৰ জেৰাত ওলাই পৰে যে গুৱাহাটীৰ ফুটপাথত চুৰি হোৱা লোহা বিক্ৰী হয় ৰঙিয়াৰ কে ডি আইৰণ ষ্টীল নামৰ এটা কোম্পানীত৷ যি কোম্পানীৰ স্বত্বাধিকাৰী হ’ল দিলীপ গোৱেংকা নামৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এইগৰাকী ব্যৱসায়ী৷ আৰক্ষীয়ে দিলীপ গোৱেংকাৰ মেনেজাৰক গ্ৰেপ্তাৰ কৰে যদিও দিলীপ গোৱেংকাক এতিয়াও ঢুকি পোৱা নাই মহানগৰ আৰক্ষীয়ে৷ কাৰণ এইগৰাকী দিলীপ গোৱেংকা দিছপুৰৰ নিজৰ মানুহ ৷ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হোৱা বাবেই তেওঁ অযোগ্য হোৱাৰ পাছতো হস্তগত কৰিছিল জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ৷

৩৪২ কোটি টকাৰ যন্ত্ৰাংশ ৮১ কোটিত হস্তগত দিলীপ গোৱেংকাৰ

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱা বাবেই দিলীপ গোৱেংকাই কিদৰে বিশেষ সা- সুবিধা লাভ কৰি আছে , তাৰেই শেহতীয়া উদাহৰণ হ’ল জাগীৰোড কাগজ কলৰ যন্ত্ৰাংশ নিলামৰ ঘটনা৷ লোকচানৰ অজুহাতত জাগীৰোড কাগজ কল বন্ধ কৰি দিয়াৰ পাছত তাৰ অৱশিষ্ট যন্ত্ৰাংশ নিলামৰ বাবে এক নিবিদা আহ্বান কৰে৷ নিবিদাৰ সময় অৱশিষ্ট যন্ত্ৰাংশৰ মূল্য নিৰ্ধাৰণ কৰা হয় প্ৰায় প্ৰায় ৩৪২ কোটি টকা৷ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড অৰ্থাৎ এ আই ডি চিয়ে আহ্বান কৰা নিবিদা মৰ্মেই পাঁচটাকৈ প্ৰতিষ্ঠানে এই নিবিদাত অংশগ্ৰহণ কৰে৷ জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশৰ বাবে সৰ্বাধিক ১৩১.৩৩ কোটি টকাৰ নিবিদা দাখিল কৰিছিল শৈলজা কনষ্ট্ৰাকশ্যনে। দ্বিতীয় সৰ্বাধিক ১০৫.৫৫ কোটি টকাত নিবিদা দাখিল কৰিছিল বজৰংগৱলী বাণিজ্যই আৰু তৃতীয় সৰ্বাধিক ৯৫ কোটি টকাত নিবিদা দাখিল কৰিছিল চিনাৰ ষ্টীল চেগমেণ্টে। এই নিবিদা প্ৰক্ৰিয়াত মাত্ৰ ৮১ কোটি টকাত নিবিদা দাখিল কৰিছিল দিলীপ গোৱেংকাৰ কে ডি ষ্টীলে। কিন্তু নিবিদা দাখিল সমাপ্ত হোৱাৰ পাছতেই ৰহস্যজনকভাৱে এ আই ডি চিয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় সৰ্বাধিক নিবিদা দাখিল কৰা তিনিওটা প্ৰতিষ্ঠানকে অযোগ্য ঘোষণা কৰে৷ তাৰ পাছত মাত্ৰ ৮১ কোটি টকাত দিলীপ গোৱেংকাৰ হাতত তুলি দিয়ে জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱা বাবেই যে দিলীপ গোৱেংকাই জাগীৰোড কাগজ কলৰ যন্ত্ৰাংশ হস্তগত কৰিছিল তাত তিলমানো সন্দেহ নাই৷

জাগীৰোড কাগক কলত পৰিত্যক্ত এখন জেচিবি

এই দিলীপ গোৱেংকাৰ বাবেই ৫০ কোটি টকা লোকচানৰ সন্মুখীন হৈছিল এ আই ডি চি৷ দিলীপ গোৱেংকাৰ প্ৰতি অসম চৰকাৰৰ দৰদ ইমানতে শেষ হোৱা নাই , লোহা চুৰিৰ দৰে নিকৃষ্ট কাণ্ডত জড়িত দিলীপ গোৱেংকাই লাভ কৰিছে পুৰণি গাড়ী স্ক্ৰেপ কৰাৰ ঠিকাও৷ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ এইগৰাকী ব্যৱসায়ীৰ নাম এতিয়া সাঙোৰ খাই পৰিছে ফুটপাথৰ লোহা চুৰিৰ দৰে জঘন্য ঘটনাত৷ আনকি দিলীপ গোৱেংকাৰ মেনেজাৰ অনিল গোৱেংকাও৷ কিন্তু প্ৰশ্ন হৈছে  বেঙেনা চোৰ ধৰি হাতী চোৰক এৰিব নেকি অসম আৰক্ষীয়ে? লোহা চুৰিৰ ঘটনাত গ্ৰেপ্তাৰ হ’বনে দিলীপ গোৱেংকা? নে দিছপুৰৰ আশীৰ্বাদত অক্ষত থাকিব  দিলীপ গোৱেংকাৰ লোহা সাম্ৰাজ্য? ইয়াকে লৈ সৃষ্টি হৈছে বহু প্ৰশ্নৰ।

AIDCcm himanta biswa sarmadilip gowenkajagiroad paper millk d iron steel
Comments (0)
Add Comment