মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ ৫ মাহ ১৭ দিন পাছত লোকনিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ
মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ  ১২.৬৮ কোটি

গৌতম প্ৰতিম গগৈ, দ্য ক্ৰছকাৰেণ্টঃ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত অনিয়মেই নিয়ম আৰু ‘কী কী’ বাহিনীৰ ইচ্ছাই সৰ্বশেষ সিদ্ধান্ত৷ মুখ্যমন্ত্ৰীয়ে নিজৰ অধীনত ৰখা লোকনিৰ্মাণ বিভাগত অস্থায়ী মঞ্চ আৰু পেণ্ডেল নিৰ্মাণৰ নামত যিবোৰ ঘটনা ঘটি আছে, সেয়া দেখিলে সকলো স্তম্ভিত হৈ পৰিব৷ আমাৰ বিহু, আমাৰ ঝুমুইৰে কিদৰে ভূপিন্দৰ, কমলজিৎ আৰু গুৰজাছ সিং বাহিনীৰ জেপ গধুৰ কৰিছে, তাৰ এটা এটা প্ৰামাণিক তথ্য ‘দ্য ক্ৰছকাৰেণ্ট’ৰ হাতত আহি পৰিছে৷ ‘দ্য ক্ৰছকাৰেণ্ট’-এ লাভ কৰা তথ্যই উন্মোচন কৰিছে লোকনিৰ্মাণ বিভাগৰ জৰিয়তে মঞ্চ আৰু পেণ্ডেল নিৰ্মাণত সংঘটিত হৈ অহা অনিয়মৰ বহু বিস্ফোৰক কাহিনী৷ আনকি বহুৰ গীনিজ ৰেকৰ্ডৰ নামত ২০২৩ চনৰ এপ্ৰিলত সৰুসজাইৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পত যি অস্থায়ী পেণ্ডেল, মঞ্চ আদি নিৰ্মাণ কৰা হৈছিল, তাৰ বাবদ বেকডেটৰ নিবিদাৰ জৰিয়তে ‘কী কী’ অৰ্থাৎ ভূপিন্দৰ পাল সিং বাহিনীয়ে ৰাজকোষৰ পৰা মুঠ ১২.৬৮ লাখ টকা উলিয়াই নিয়াৰ নাভুত নাশ্ৰুত ঘটনাও ঘটিছে এইখন অসমত৷তাকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বিভাগত৷

আমি সকলোৱে জানোঁ যে ২০২৩ চনৰ ১৪ এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হৈছে মেগা বিহু অনুষ্ঠান৷ গীনিজ বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্তিৰ বাবে অনুষ্ঠিত এই বিশাল অনুষ্ঠানত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই অনুষ্ঠানৰ বাবে সৰুসজাইক ন-কৈ সাজি কাছি তোলাৰ উপৰি, অস্থায়ী মঞ্চ, পেণ্ডেল আদিও নিৰ্মাণ কৰা হৈছিল৷ কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল-২০২৩ চনৰ ১৪ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱাৰ মেগা বিহু অনুষ্ঠানৰ পেণ্ডেল, মঞ্চৰ লগতে ৰং দিয়া, ভি ভি আই পি ৰূম আদি নিৰ্মাণৰ বাবে ৱৰ্ক অৰ্ডাৰ দিয়া হৈছে ২০২৩ চনৰ ৩০ ছেপ্তেম্বৰত৷ অৰ্থাৎ অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৫ মাহ ১৭ দিন পাছতহে সেই কামৰ বাবে ৱৰ্ক অৰ্ডাৰ ইছ্যু কৰা হৈছে৷ মন কৰিবলগীয়া কথাটো হ’ল – এই আটাইবোৰ কামৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে ‘কী কী’ হিচাপে খ্যাত ভূপিন্দৰ পাল সিং আৰু তেওঁৰ সহযোগীসকলে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, এই ভূপিন্দৰ পাল সিঙে নিজৰ আৰু ঘনিষ্ঠ আত্মীয় নামত চলাই আছে কেইবাখনো ফাৰ্ম৷ তাৰ ভিতৰত অন্যতম হ’ল ভূপিন্দৰ পাল সিঙৰ এ চি এম ই ইভেণ্টছ এণ্ড এক্সপ’, কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজ আৰু গুৰজাছ সিঙৰ হোৱাইট ড’ৰ ইভেণ্ট৷ এই তিনিটা প্ৰতিষ্ঠানেই বিহু অনুষ্ঠিত হৈ যোৱাৰ ৫ মাহ পাছত একক নিবিদাকাৰী হিচাপে নিবিদাত অংশ লৈ মুঠ ১২.৬৮ লাখ কোটই টকা হস্তগত কৰিছে৷

ইয়াৰ ভিতৰত কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজে সৰ্বাধিক ৮ খন ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে ২০২৩ চনৰ ৩০ ছেপ্তেম্বৰত৷ য’ত ১৪ এপ্ৰিলতেই অনুষ্ঠিত হৈ যোৱা মেগা বিহুৰ অস্থায়ী পেণ্ডেল, কাঠৰ প্লেটফৰ্ম, গ্ৰাছ কাৰ্পেটিং, ভিউ কাটলাৰ আদিৰ বাবে কেপিটেল অভাৰলেইজক ৯০,৫০,৬১৮ টকাৰ ঠিকা প্ৰদান কৰা হৈছে৷ সেই একেটা দিনতেই সৰুসজাইত নিৰ্মাণ কৰা ভি ভি আই পি ৰূমৰ ফাৰ্ণিচাৰ আৰু প্লাষ্টিক চেয়াৰ যোগানৰ বাবে কমলজিৎ সিঙক প্ৰদান কৰা হৈছে আন ২৪,৪৩,৯৭৪ টকাৰ ঠিকা৷ চকু কপালত উঠিবলগীয়া কথাটো হ’ল ৬ যোৰ চোফা যোগানৰ বাবদ কমলজিৎ সিঙক প্ৰদান কৰা হৈছে ১৭,৯০,৬৯২ টকা৷ একেদৰে ৫০০ খন প্লাষ্টিকৰ চেয়াৰৰ নামত দিয়া হৈছে ৯,৭৩,৭৯০ টকা৷ একেটা প্ৰতিষ্ঠানক একেটা দিনত প্লাষ্টিক চেয়াৰৰ ৰং কৰিবলৈ প্ৰদান কৰা হ’ল ৩৮,৭৪,৩০৯ টকাৰ ৱৰ্ক অৰ্ডাৰ৷ কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজেই ৪ৰ পৰা ১১, ১১ৰ পৰা ১৬ আৰু ১৬ৰ পৰা ২৩ নং গেলাৰীত ৰং দিয়াৰ বাবে লাভ কৰিছে ৭০,২৩,৩৬৭ টকাৰ, গেলাৰী ২৩ ৰ পৰা ৪ লৈ ৰং দিয়াৰ নামত ৭৪,৪৫,১০০ টকা, ফ্ল’ৰ পেইণ্টিঙৰ নামত ৮৩,১৯,২২৩ টকাৰ, দক্ষিণৰ পৰা পশ্চিমলৈ গেলেৰীৰ বাহিৰত ৰং দিয়াৰ নামত ৭৫,৭৯,১৭৪ টকা আৰু উত্তৰৰ পৰা পূৱলৈ গেলাৰীৰ বাহিৰত ৰং দিয়াৰ নামত আন ৭৫,৭৯,১৭৪ টকাৰ ঠিকা লাভ কৰিছে৷

ইয়াৰ পাছতেই ‘কী কী’ বাহিনীৰ পুৰোধা ভূপিন্দৰ সিং পালৰ এ চি এম ই এভেণ্টছ এণ্ড এক্সপ’ৱে ৬ টা ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে৷ ২০২৩ চনৰ ৩০ ছেপ্তেম্বৰৰ দিনটোতেই ভূপিন্দৰ সিং পালৰ নিজৰ নামত থকা প্ৰতিষ্ঠানটোৱে অস্থায়ী মঞ্চ, অস্থায়ী টয়লেট আৰু অতিথিৰ বহাৰ ব্যৱস্থা কৰাৰ নামত ৯৬,৯৯,০৮৩ টকাৰ, কাঠৰ ফ্ল’ৰিং, ৰেড কাৰ্পেট পৰাৰ নামত ৯৮,৪৭,১০৮ টকাৰ, দুটা ডাইনিং হল, দুটা পাকঘৰ নিৰ্মাণৰ নামত ৭৪,৮৭,৪৯৪ টকাৰ, তিনিটা সুকীয়া ডাইনিং হলৰ নামত ৮৭,৬৭,৪০৬ টকাৰ আৰু সৰুসজাই ষ্টেডিয়ামৰ মেৰামতিৰ নামত ৭২,৯৮,৯২১ টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে৷ এই সকলো ৱৰ্ক অৰ্ডাৰৰ উপৰি, ষ্টেডিয়ামৰ শক্তিশালীকৰণ আৰু মেৰামতিৰ নামত ২,৩৪,৪১,৮২৫ টকাৰ আন এক ৱৰ্ক অৰ্ডাৰো ভূপিন্দৰ পাল সিঙে লাভ কৰিছে৷ ২০২৩ৰ ১৪ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা বিহুৰ অনুষ্ঠানত কাঠৰ ফ্ল’ৰিঙৰ বাবে ৯৬,৬১,৯৯৫ টকাৰ আৰু ৰেড কাৰ্পেটৰ নামত ২০,৪৫,৮৬২ টকাৰ নিবিদা দাখিল কৰিছিল ভূপিন্দৰ পাল সিঙে৷

এই কী কী অৰ্থাৎ ভূপিন্দৰ পাল সিঙৰ আন এগৰাকী সহযোগী গুৰজাছ সিঙৰ হোৱাইট ড’ৰ ইভেণ্টছে সৰুসজাই ষ্টেডিয়ামৰ শক্তিশালীকৰণ আৰু মেৰামতিৰ বাবদ ৭০,২০,৬৮০ টকাৰ ৱৰ্ক অৰ্ডাৰ ২০২৩ চনৰ ৩০ ছেপ্তেম্বৰত লাভ কৰিছে৷ এইদৰে ২০২৩ চনৰ ১৪ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা মেগা বিহু অনুষ্ঠানৰ পেণ্ডেল, মঞ্চ, মেৰামতি, পেইণ্টিং আদিৰ ঠিকা ‘কী কী’ বাহিনীক প্ৰদান কৰা হৈছে ২০২৩ চনৰ ৩০ ছেপ্তেম্বৰত৷ আমাৰ হাতত থকা ৱৰ্ক অৰ্ডাৰৰ প্ৰতিলিপি অনুসৰি, অনৈতিকভাৱে অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৫ মাহ ১৭ দিন পাছত ভূপিন্দৰ পাল সিঙে ৪,৩১,০০,০১২ টকাৰ, তেওঁৰ আত্মীয় কমলজিৎ সিঙে ৭,৬৭,৫৬,৭৬৪ টকাৰ আৰু তেওঁৰেই সহযোগী গুৰজাছ সিঙে ৭০,২০,৮৬০ টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে৷ ‘কী কী’ৰ নামে-বেনামে থকা এই আটাইকেইটা প্ৰতিষ্ঠানৰ ঠিকনা এটাই -হাউচ নং ১১৯, গোপীনাথ নগৰ, পল্টনবজাৰ, গুৱাহাটী-৭৮১০১৬৷ অৰ্থাৎ গোপীনাথ নগৰৰ এই ‘হাউচ নং ১১৯’ৰ পৰাই যে অসমৰ টেণ্ট হাউচৰ সমগ্ৰ ঠিকা নিয়ন্ত্ৰণ হৈ আছে , সেয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট৷

লোকনিৰ্মাণ বিভাগত অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ পাছত কামৰ ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰাটো কোনো নতুন কথা নহয়৷ ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানীৰ সঞ্চালকক এইদৰে ঠিকা প্ৰদান কৰিছে বিভাগটোৱে৷ জৰুৰীকালীন কামৰ নামত ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগে সকলো নীতি নিয়ম ভূ-লুণ্ঠিত কৰি ‘কী কী’ বাহিনীৰ ইচ্ছাকেই লোকনিৰ্মাণৰ অলিখিত নিৰ্দেশত পৰিণত কৰিছে৷ যাৰ পৰিণতিত মেগা বিহু অনুষ্ঠিত হৈ যোৱাৰ ৫ মাহ ১৭ দিন পাছত ‘কী কী’ বাহিনীয়ে ১২.৬৮ কোটি টকাৰ ঠিকা লাভ কৰাৰ আজৱ ঘটনা ঘটিবলৈ পাইছে৷ সবাতোকৈ আশ্চৰ্যজনক কথাটো হ’ল মেগা বিহুৰ এই ১৫ খন নিবিদাত অংশগ্ৰহণকাৰী আছিল একোটাকৈ প্ৰতিষ্ঠান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূপিন্দৰ পাল সিং বাহিনীৰ এই দৌৰাত্ম্যৰ তদন্ত কৰিব পাৰিবনে, সেয়া হৈ পৰিছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন

assam bihuassam pwd deptbihu world recordbjp govt assamhimanta biswa sarmamega bihusyndicate assamthe crosscurrent
Comments (0)
Add Comment