নিৰ্বাচনলৈ ১০০ দিন!

✍🏻জিতুমণি বৰা
এডাল ইকৰা আৰু এমুঠি ইকৰাৰ মাজত শক্তিৰ আকাশ-পাতাল পাৰ্থক্য৷ ইকৰাৰ কাহিনীটো আজি নতুন ধৰণে গৌৰৱ গগৈক ক’ব খুজিছোঁ৷ গৌৰৱ গগৈ মানে সাংসদ, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সৰ্বোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি৷ এই আটাইবোৰ দায়িত্ব থকাৰ পাছতো যদি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহ’লহেঁতেন, তেতিয়াহ’লে এইখিনি কথা এনেকৈ কোৱাৰ প্ৰয়োজনীয়তা নাছিল৷ এতিয়া আহো মূল প্ৰসংগলৈ৷ ১২ নৱেম্বৰ, ২০২৫ত বিৰোধী দলবোৰৰ এখন বৈঠক বহিছিল৷ প্ৰদেশ কংগ্ৰেছৰ উদ্যোগতে, সভাপতি গৌৰৱ গগৈৰ আগ্ৰহতে গুৱাহাটীত অনুষ্ঠিত হৈছিল বিৰোধী দলৰ এইখন বৈঠক৷ এই বৈঠকলৈ আপ আৰু এ আই ইউ ডি এফক নিমন্ত্ৰণ জনোৱা নাছিল৷ বৈঠকলৈ নিমন্ত্ৰণ জনোৱা বাঁও গণতান্ত্ৰিক মৰ্চা, অজাপ, ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চাকে ধৰি কেউটা দল আৰু তেওঁলোকৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ বৈঠকত গ্ৰহণ কৰা মূল সিদ্ধান্তটোৱে হ’ল আগন্তুক অসম বিধানসভা নিৰ্বাচনত সকলোৱে ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব৷
গণতান্ত্ৰিক ধ্যান-ধাৰণাত বিশ্বাসী যিকোনো লোকেই ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত বিৰোধী শক্তিশালী হোৱাটো বিচাৰে৷ বিৰোধী শক্তিশালী হ’লে শাসক পক্ষই নিজ খেয়াল-খুচি মতে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ মূৰত জাপি দিব নোৱাৰে৷ গণতান্ত্ৰিক বাতাবৰণ এটা টিকি থাকিবৰ বাবেই বিৰোধী দল শক্তিশালী হোৱাটো একান্তই জৰুৰী৷ অসম বিধানসভা নিৰ্বাচনলৈ প্ৰায় ১০০ দিন থকা অৱস্থাত শাসক দল ব্যাপক প্ৰচাৰত নামিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও জানুৱাৰীত অসমলৈ আহিব৷ উদ্দেশ্য নিৰ্বাচনী প্ৰচাৰ৷ তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ বিজেপিয়ে সকলো প্ৰকাৰে চেষ্টা চলাইছে৷ বিভিন্ন আঁচনি আৰু হিতাধিকাৰী সৃষ্টিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এক পৰিৱেশ সৃষ্টি কৰিছে, যি পৰিৱেশত অসমৰ এজনো লোক হিতাধিকাৰী আঁচনিৰ পৰা যাতে বাদ পৰি নাযায় তাৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰি উলিয়াইছে৷ চৰকাৰ এখনৰ বাবে এনেকুৱা কাম কৰাটো কঠিন নহয়৷ চৰকাৰৰ হাতত পৰ্যাপ্ত পুঁজি আৰু জনবল থাকে৷ ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰধান বিৰোধী দল কংগ্ৰেছে ইকৰাৰ কাহিনীটোৰ পৰা শিকা প্ৰয়োজনীয়৷ এদিন-দুদিনকৈ সময় নিৰ্বাচনৰ পিনে আগবাঢ়িছে৷ ১২ নৱেম্বৰত বিৰোধী দলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ পাছত ২০ দিনে বিৰোধীৰ কোনো ধৰণৰ বৈঠক নাই৷ ব্যক্তিগতভাৱে ইজনে সিজনৰ সৈতে কথা পাতি আছে যদিও আমি নাজানো৷ কিন্তু আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ৰণকৌশল কি হ’ব, এই ধৰণৰ আলোচনা এটা হ’ব লাগিছিল৷
মৰ্চা গঠন কৰিবলৈ ১২ নৱেম্বৰত যিকেইটা দল গোট খাইছিল, সেই দলকেইটাৰ প্ৰতিগৰাকী নেতাৰ বক্তব্য প্ৰতিগৰাকীয়ে মনপুতি শুনি ইয়াৰ আধাৰত নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাটো জৰুৰী৷ বিৰোধী দলৰ নেতাসকল ২০ দিনে ইজনে সিজনৰ পৰা আঁতৰি থকাৰ সময়ত বিজেপিয়ে ইটোৰ পাছত সিটো সমষ্টিত হাজাৰ বিজাৰ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰকৈ ধন বিলাইছে৷ বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰৰ বিষয়ে আলোচনা কৰি এই ইস্তাহাৰত কি কি বিষয় অন্তৰ্ভুক্ত হ’ব, সেই বিষয়েও আগবাঢ়িছে৷ গৌৰৱ গগৈলৈ অনুৰোধ– কথাবোৰ সাধাৰণ নাগৰিকে বুজিব পৰাকৈ ব্যাখ্যা কৰক৷ কোনবোৰ কথা ক’লে সাধাৰণ নাগৰিকৰ ওচৰ চাপিব পাৰি আৰু সাধাৰণ নাগৰিকো নেতাৰ ওচৰ চাপিব, সেই বিষয়ে অধ্যয়ন কৰক৷ সমস্যা বহুত৷ মধ্যবিত্ত সমাজৰ অৱস্থা কাহিল হৈ পৰিছে৷ অসমীয়া মানুহৰ হাতৰ পৰা ব্যৱসায়বোৰ ওলাই গৈছে৷ কোনোবা এজন অসমীয়া শৰ্মা বা দাসে কেইখনমান ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিবলৈ ঠিকা পোৱা মানে অসমীয়া ঠিকাদাৰ আৰু ব্যৱসায়ীসকল সামগ্ৰিকভাৱে চহকী হোৱাটো নুবুজায়৷ কেনেকুৱা ভয়-শংকাৰ মাজত অসমীয়া মানুহে জীৱন কটাবলগীয়া হৈছে, এই কথাবোৰ নেতাৰ মুখলৈ আহক৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিশ্চয় জানে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ৷ গতিকে বিৰোধী ঐক্যৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিব লাগিব কংগ্ৰেছে৷ আসনৰ ভাগ-বটোৱাৰ পিছলৈ থ’লেও এতিয়া কৰিবলগীয়া বহু কাম আছে৷ সেইখিনিকে আলোচনা কৰি আগবাঢ়ক৷

#electoinassam #assam #bjp #assam #thecrosscurrent
Comments (0)
Add Comment