গণতান্ত্ৰ দিৱসৰ দিনা ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত এগৰাকী ৰাজ্যপালে জনালে এক অগতানুগতিক আহ্বান।
তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সুন্দৰৰাজনে জনালে এই আহ্বান।তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু তেওঁৰ চৰকাৰক গণতন্ত্ৰ দিৱসৰ উদ্দেশ্যি দিয়া ভাষণত কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাজ্যপাল গৰাকীয়ে।ৰাজ্যপাল গৰাকীয়ে ৰাজ্যখনত এক অত্যন্ত ষ্ট্ৰেচফুল পৰিৱেশ সৃষ্টি হৈ থকা বুলি উল্লেখ কৰি কয় যে যুৱ প্ৰজন্মই নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু শক্তিশালী হৈ থাকক।তেওঁলোকে নিজকে ইমান শক্তিশালী কৰি ৰাখক যাতে তেওঁলোকে তেওঁলোকৰ মানসিক চাপৰ কাৰণবোৰ আঁতৰাব পাৰে।কেচি আৰ চৰকাৰৰ নাম উচ্চাৰণ নকৰাকৈ তেওঁ কয় “ নতুন বিল্ডিং নিৰ্মাণ মানেই উন্নয়ন হোৱা নুবুজায়,ৰাষ্ট্ৰ নিৰ্মাণ কৰাটোহে প্ৰকৃতাৰ্থত সফলতা।কেইজন মান ব্যক্তিৰ ফাৰ্মহাউছ থকাটোক উন্নয়ন আখ্যা দিব নোৱাৰি বৰঞ্চ প্ৰতিজন কৃষকৰে ফাৰ্ম আৰু হাউছ থকাটো জৰুৰী।”ৰাজ্যপালগৰাকীৰ এই ভাষণৰ পৰা এইটো কথা স্পষ্ট যে তেওঁ নতুন সচিবালয়টোক নতুন অট্টালিকা আৰু মুখ্যমন্ত্ৰী কে চি আৰৰ ফাৰ্ম হাউছটোক লক্ষ্য কৰি এই সমালোচনা কৰিছে।ভাষণৰ শেষত তেওঁ কেচিআৰক লক্ষ্য কৰি কয় ‘কিছু সংখ্যক’ লোকে তেওঁক ভাল নাপায়,কিন্তু তেওঁ তেলেংগানাৰ জনতাক ভাল পায় আৰু তেওঁ তেওঁলোকৰ বাবে সদায়েই কাম কৰি যাব।