অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ শোচনীয় ফলাফলৰ পাছতেই দেশৰ ৰাজনৈতিক পণ্ডিতসকল ব্যস্ত হৈ পৰিছে বিৰোধী দলৰ ভৱিষ্যত গণনা কৰাত৷ কিন্তু এই মুহূৰ্তত বিৰোধী ভৱিষ্যততকৈও গুৰুত্বপূৰ্ণ হৈ পৰিছে নিৰ্বাচনৰ ভৱিষ্যতৰ প্ৰসংগহে৷ প্ৰতিবাৰ নিৰ্বাচনৰ পাছতেই পৰাজিত দলটোৱে ই ভি এমৰ ওপৰত সন্দেহৰ আঙুলি তোলে৷ কিন্তু হঠাৎ অহা জোৱাৰৰ দৰেই এই অভিযোগৰ ভাটা পৰিবলৈও বেছি সময়ৰ দৰকাৰ নহয়৷ সেইবাবেই বেলট পেপাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন আজি ন্যায়ালয়ে খাৰিজ কৰি দিছে৷ শাসক পক্ষৰ দৰেই ন্যায়ালয়ে মন্তব্য কৰিছে যে যেতিয়া কোনোবা এটা পক্ষ পৰাজিত হয়, তেতিয়াহে ই ভি এমক লৈ সন্দেহ ব্যক্ত কৰে৷ নিজে নিৰ্বাচনত জিকিলে ই ভি এমক লৈ কোনো প্ৰশ্ন নাথাকে৷ এইটো এটা তেনেই সহজ যুক্তি৷ কিন্তু প্ৰশ্ন কেৱল ই ভি এমক লৈ নহয়, প্ৰশ্ন আছে সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটোক লৈ৷ যদিহে ভাৰতত এখন নিৰপেক্ষ আৰু সন্দেহৰ ঊৰ্ধ্বত থকা নিৰ্বাচন আয়োগ নাথাকে, ভোটদান আৰু ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু মুক্ত নহয়, তেতিয়াহলে অহা ৫০ বছৰলৈ কোনো বিৰোধী শক্তি শাসনলৈ অহাটো সম্ভৱেই নহয়৷ অহা ৫০ বছৰলৈ ক্ষমতাত থকাৰ কথা নিজমুখে ২০১৮ চনতেই ঘোষণা কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই নিখুঁত পৰিকল্পনা প্ৰস্তুত কৰিছে৷
পৰিকল্পনা অনুসৰিয়ে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাটো ইতিমধ্যেই হাইজেক কৰা হৈ গৈছে৷ অহা ৫০ বছৰলৈ ক্ষমতাত বৰ্তি থাকিবৰ বাবেই নিৰ্বাচন আয়োগ নিৰ্বাচন কৰিব পৰা সকলো ক্ষমতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কুক্ষিগত কৰি লৈছে৷ ইয়াৰ বাবে তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে -ইলেকশ্যন কমিছনাৰ্ছ বিল, ২০২৩৷ এই আইন অনুসৰি, নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ পছন্দৰ ব্যক্তিক অনায়াসে নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিব পাৰিব৷
ইয়াৰ পূৰ্বে ২০২৩ চনৰ মাৰ্চ মাহত দিয়া এটা ৰায়দানত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ বাবে গঠন কৰিছিল তিনিজনীয়া সমিতি৷ এই সমিতিত আছিল –প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশ আৰু বিৰোধী দলপতি৷ কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা নতুন আইনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সলনি কমিটীত অন্তৰ্ভুক্ত কৰা হয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এজন কেন্দ্ৰীয় মন্ত্ৰীক৷ নক’লেও হয় যে ইয়াৰ ফলত প্ৰধানমন্ত্ৰীৰ মতেই নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ পথ মুকলি হৈ পৰিব৷ বিৰোধী দলপতিগৰাকী হৈ ৰ’ব কেৱল অলংকাৰ মাত্ৰ৷ সেইমতেই প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিৰ বাবে মনোনীত কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহক৷
তাৰ পাছৰ কাৰ্যকলাপলৈ মন কৰিলেই গম পাব যে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাটো ইতিমধ্যেই হাইজেক কৰি লোৱা হৈছে৷ শেহতীয়া সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ এদিন পূৰ্বে নিৰ্বাচন আয়োগৰ পৰা পদত্যাগ কৰে অন্যতম আয়ুক্ত অৰুণ গোৱেলে৷ আয়োগৰ এজন আয়ুক্তৰ পদ পূৰ্বৰে পৰা খালী হৈ আছিল৷ স্বাভাৱিকতে অৰুণ গোৱেলৰ পদত্যাগৰ পাছত আয়োগৰ একমাত্ৰ সদস্য হৈ পৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ৷ ইয়াৰ লগে লগে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ দ্বাৰা গঠিত কমিটিয়ে গণেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুক নিৰ্বাচন আয়ুক্ত হিচাপে মনোনীত কৰে৷ অৰ্থাৎ নিৰ্বাচন ঘোষণাৰ এদিন পূৰ্বে মোদী আৰু শ্বাহে নিজৰ মানুহেৰে নিৰ্বাচন আয়োগ গঠন কৰি লয়৷
ইতিমধ্যে বিজেপি চৰকাৰে প্ৰমাণ কৰি দেখুৱাইছে যে মোদীৰ বিৰুদ্ধাচৰণ কৰা নিৰ্বাচন আয়ুক্তৰ পৰিণতি কি হ’ব পাৰে৷ অশোক লাভাচাই ইয়াৰ উদাহৰণ৷ ২০১৯ চনত নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগত অশোক লাভাচাই প্ৰধানমন্ত্ৰী মোদীক ক্লীনছীট দিবলৈ অস্বীকাৰ কৰিছিল৷ আয়োগৰ আন সদস্যই প্ৰধানমন্ত্ৰীক ক্লীনছীট দিলে যদিও অশোক লাভাছাৰ আপত্তি তাত সন্নিৱিষ্ট কৰা নহ’ল৷ তাৰপাছত অশোক লাভাছাৰ পত্নীৰ বিৰুদ্ধে চলিল আয়কৰৰ অভিযান৷ শেষ পৰ্যন্ত অশোক লাভাছাই নিৰ্বাচন আয়ুক্তৰ পদ ত্যাগ কৰি আই এম এফত যোগদান কৰিবলগীয়া হয়৷
নিজৰ বহতীয়া নিৰ্বাচন আয়োগ গঠন কৰি মোদী–শ্বাহে অহা ৫০ বছৰলৈ বিজেপিক শাসনত ৰখাৰ যি নীল নক্সা(blue Print) প্ৰস্তুত কৰিছে, তাক লৈ বিৰোধী দলৰ কোনো প্ৰতিক্ৰিয়া নাই৷ এনে এখন বহতীয়া আয়োগে কিমান নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিব, ই ভি এম কিমান বিশ্বাসযোগ্য হ’ব, সেয়া দুগ্ধপোষ্য শিশুয়েও বুজি পাব৷ ই ভি এমক লৈও বিৰোধী দলসমূহে ধাৰাবাহিক প্ৰশ্ন উত্থাপন কৰাৰ পৰা বিৰত আছে৷ যদি এনেকৈয়ে চলে তেনেহ’লে অনন্তকাললৈ ই ভি এম হৈ ৰ’ব বিৰোধীয়ে পৰাজয়ৰ পাছত দেখুওৱা অজুহাত মাত্ৰ৷ বিৰোধীৰো বাধ্যবাধকতা থাকিব পাৰে, সেইবাবেই ভাৰতীয় গণতন্ত্ৰক জীয়াই ৰখাৰ স্বাৰ্থত নাগৰিক সমাজ বিৰোধীৰ ভৱিষ্যত নহয়, ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ ভৱিষ্যতক লৈহে চিন্তিত হোৱা উচিত৷