“আছুৰ নেতৃত্বক সাক্ষী কৰি এচাম খ্যাতি সম্পন্ন শিল্পীয়ে ২০২১ত শাসকীয় দলক চাই ল’ম বুলি হুংকাৰো দিছিল ৷ প্ৰতিবাদী মঞ্চৰ পৰা সৰ্বা হিমন্তক উদ্দেশ্যি থুই পেলোৱা হৈছিল ৷ দুই জনৰ অহিত কামনাৰে খেনোৱে গোসাঁই ঘৰত চাকি দিয়াৰ কথাও ৰাজহুৱাকৈ ঘোষণা কৰিছিল ৷ চলিছিল টিভিৰ পৰ্দাতো চূড়ান্ত ভেঙুচালি ৷ কিন্তু সেইসকল শিল্পীৰ শেহতীয়া ভূমিকায়ো ৰাইজৰ মাজত সন্দেহৰ বীজ ৰোপণ কৰিছে ৷ এতেকে কা বিৰোধী আন্দোলন ২.০ত এইসকলক পুনৰ দেখা পালে ৰাইজৰ বিতৃষ্ণা জগাটোৱেই স্বাভাৱিক ৷এই পৰিস্থিতিত ২০২১ত সঁচাকৈয়ে কোনোবাই শাসকীয় চৰকাৰখন বা দলটোক চাই লোৱাৰ যি হুংকাৰ দিছিল তাক বাস্তৱায়িত কৰিব পাৰিবনে ?” লিখিছে বুলন কুমাৰ শইকীয়া
উজনি অসমৰ কেইটামান প্ৰান্তত পুনৰ “কা” বিৰোধী আন্দোলনে গা কৰি উঠিছে ! সমগ্ৰ ৰাজ্য বিয়পি যাবলৈ এথোন বাকী ৷ একেবাৰে পোনপটীয়াকৈ ক’বলৈ হ’লে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত “কা” বিৰোধী আন্দোলনৰ চোক পূৰ্বৰ দৰে নাবাঢ়ে ৷ তাৰে কেইবাটাও কাৰণৰ ভিতৰত এটা হ’ল “কা” আন্দোলনৰ অন্যতম গুৰিয়াল অখিল গগৈৰ কাৰাবন্দীত্বৰ ম্যাদ এতিয়াও অনিশ্চিত আৰু “কা”বিৰোধী আন্দোলনকাৰী পক্ষসমূহৰ ভিতৰত কৃষক মুক্তিৰ নেতা সদস্যৰ ওপৰত চৰকাৰে যিধৰণে নিৰ্যাতন নমাই আনিলে তাৰ পৰা ক’ব পাৰি যে অখিল গগৈক মুক্তি দিলেও তেওঁলোকে সুসংগঠিত হয় মানে ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ বতাহ পূৰ্ণ পৰ্যায়ত চলিব ৷ আনবোৰ কাৰণ হৈছে কা বিৰোধী আল্দোলন ২.০ৰ গুৰিতে কোন ? আছু ৷ আছুৰ নেতৃত্বত থকা বহুতৰে পোনপটীয়া উদ্দেশ্যে আছে নতুন ৰাজনৈতিক দল খোলাৰ ৷ অৰ্থাৎ তেওঁলোকৰ উদ্দেশ্য প্ৰকট হোৱাৰ পাছত “কা বিৰোধী আন্দোলন ২.০ত সকলোৱে জাপ নামাৰে ৷ এই কথাষাৰ আছুৰ কৰ্মকতাসকলে মানিবলৈ কষ্ট পায় ৷ ইফালে আছুৰ নেতৃত্বক সাক্ষী কৰি এচাম খ্যাতি সম্পন্ন শিল্পীয়ে ২০২১ত শাসকীয় দলক চাই ল’ম বুলি হুংকাৰো দিছিল ৷ প্ৰতিবাদী মঞ্চৰ পৰা সৰ্বা হিমন্তক উদ্দেশ্যি থুই পেলোৱা হৈছিল ৷ দুই জনৰ অহিত কামনাৰে খেনোৱে গোসাঁই ঘৰত চাকি দিয়াৰ কথাও ৰাজহুৱাকৈ ঘোষণা কৰিছিল ৷ চলিছিল টিভিৰ পৰ্দাতো চূড়ান্ত ভেঙুচালি ৷ কিন্তু সেইসকল শিল্পীৰ শেহতীয়া ভূমিকায়ো ৰাইজৰ মাজত সন্দেহৰ বীজ ৰোপণ কৰিছে ৷ এতেকে কা বিৰোধী আন্দোলন ২.০ত এইসকলক পুনৰ দেখা পালে ৰাইজৰ বিতৃষ্ণা জগাটোৱেই স্বাভাৱিক ৷
এই পৰিস্থিতিত ২০২১ত সঁচাকৈয়ে কোনোবাই শাসকীয় চৰকাৰখন বা দলটোক চাই লোৱাৰ যি হুংকাৰ দিছিল তাক বাস্তৱায়িত কৰিব পাৰিবনে ?
কংগ্ৰেছ, এ.ইউ.আই.ডিএফ, সাম্যবাদী দলসমূহ বা আন বিজেপি বিৰোধী দলসমূহৰ বৰ্তমানে স্থিতি কি ? তেওঁলোককেই বা ৰাইজে কিয় বিশ্বাসত ল’ব ? এই কথা ঠিক যে ৰাজ্যত বিজেপি বিৰোধী মৰ্চা গঠন হ’ব লাগিব ৷ সেই মৰ্চাৰ বাবে গুৰু দায়িত্ব ল’ব লাগিছিল “কা” বিৰোধী আন্দোলনৰ গুৰি ধৰোঁতাসকলে ৷ কিন্তু “কা” বিৰোধী আন্দোলনটোক ধ্বংস কৰিবলৈ গৈ শাসকীয় পক্ষই বিভাজনৰ এনে কৌশলী নীতি গ্ৰহণ কৰিলে যে তাৰ পৰা পন্দোলনকাৰীসকলৰ ভূমিকাৰ ক্ষেত্ৰত বাৰে বাৰে সন্দেহৰ প্ৰশ্ন উদ্ৰেক হয় ৷
বিগত কেইটামান দশকৰ পৰা স্পষ্ট হৈছে যে অসমৰ দৰে ৰাজ্যত কেন্দ্ৰই শোষণ নীতি আৰু দমন নীতি সমানে চলাবলৈ বিচাৰে ৷ আনহাতে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ অধিষ্ঠিত হোৱাৰ পাছত শাসকীয় পক্ষই সকলো সাংবিধানিক পৰিকাঠামোত অভূতপূৰ্ব নিয়ন্ত্ৰণ আনি অতিকেন্দ্ৰিকতাৰহে প্ৰচলন আগ্ৰহী বুলি দেখুৱাই দিছে ৷ এই পৰিস্থিতিত অসমবাসীক কোনো “২০২১” বা “২০২৬” এ সকাহ দিব নোৱাৰে ৷ এইক্ষেত্ৰত আমাৰ সন্মুখত দুটাই পথ ৷ এটা তীব্ৰ গণতান্ত্ৰিক সংগ্ৰামৰ পথৰ পৰা কক্ষচ্যুত নোহোৱা আৰু দ্বিতীয়টো হ’ল সংসদ আৰু বিধানসভাৰ মজিয়ালৈ এই সংগ্ৰামখনক কঢ়িয়াই নিয়া ৷
আমাৰ তথাকথিত জাতীয় সংগঠনসমূহৰ ভূমিকা কি ? তেওঁলোকে ইনষ্টলমেন্টত সংগ্ৰাম সমূহ কৰি আহিছে ৷ “কেব” আনিলে “কা” হ’ল আন্দোলন ৷ তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণ ৷ আহিল আন্দোলন ৷ নদীবান্ধ নালাগে ৷ হ’ল আন্দোলন ৷ এইবোৰৰ গুৰিতে কোন ? দিল্লীৰ অতিকেন্দ্ৰিক চৰিত্ৰ ৷ আমাৰ সংগ্ৰাম হ’ব লাগিব দিল্লীৰ এই অতিকেন্দ্ৰিক চৰিত্ৰ আৰু আধিপত্যবাদৰ বিৰুদ্ধে ৷ আমি কেৱল এটা প্ৰান্তৰ পৰা অসমীয়া ভাষিক জাতীয়তাবাদটোৰ কথা চিঞঁৰিলেই নহ’ব ৷ ভাৰতত লুপ্তপ্ৰায় হ’ব ধৰা ফেডাৰেল গাঁথনিটোৰ পুনঃউদ্ধাৰৰ বাবেও আমি সচেষ্ট হৈ থাকিব লাগিব ৷ আৰু সেইটোৰ কাৰণে গৰম গৰম শ্লোগানেই শেষ কথা নহয় ৷ সিংহৰ পৰা মেকুৰী সজাৰ কৌশলটো দিল্লীয়ে জানে ৷ এতেকে সেই কথাটোকে মনত ৰাখিয়ে সংগ্ৰাম আগবঢ়াব লাগিব ৷ নহ’লে ২১’ত চাই ল’ম জাতীয় স্তৱকবোৰ হৈ পৰিব বিপৰীতপক্ষৰ বাবে হাস্যৰসৰ খোৰাক ৷
(মতামত লেখকৰ নিজৰ, মতামতৰ বাবে The Cross Current দায়ী নহয়।)