১২০০ ট্ৰেক্টৰৰ সৈতে দিল্লী অভিমুখে বিদ্রোহী কৃষক।কি আছে এই ট্ৰেক্টৰ সমূহত?

কৃষক বিদ্রোহে ১৬দিন অতিক্ৰম কৰিলে। কৃষক বিদ্ৰোহ সাম কটাৰ সলনি অধিক তীব্ৰ হৈ পৰাহে দেখা গৈছে। ভাৰতবর্ষৰ লগতে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আদিৰ পৰাও সমাজিক মাধ্যমসমূহত কৃষি আইন বাতিল কৰা আৰু কৃষক বিদ্রোহক সমৰ্থন কৰা দেখা গৈছে। দিল্লীৰ সিংঘু সীমান্তত কৃষকসকলে এই বিদ্ৰোহ অব্যাহত ৰাখিছে। আৰু এইবাৰ কেইবাখনো জিলাৰ পৰা ১২০০ ট্ৰেক্টৰৰ সৈতে ৫০ হাজাৰ কৃষকে বিদ্রোহত যোগদান কৰিব। এই ট্ৰেক্টৰ সমূহত বিক্ষোভকাৰী কৃষকৰ বাবে অনা হৈছে খাদ্য।ইতিমধ্যে পঞ্জাৱৰ ফিৰোজপুৰ, ফজলিকা, আবহাৰ, ফৰিদকোট আৰু মোগাৰ পৰা ৫০হাজাৰ কৃষকে দিল্লী অভিমুখে ৰাওনা কৰিছে।

farmersprotestthecrosscurreny
Comments (0)
Add Comment