হস্পিতালৰ পৰা অমিত শ্বাহে কিয় ফোন কৰিলে হিমন্ত বিশ্ব শৰ্মাক?

কৰোনাত আক্ৰান্ত হৈ অমিত শ্বাহ বৰ্তমান চিকিৎসাধীন। পিছে অসুস্থতাৰ মাজতো হস্পতালৰ পৰাই অমিত শ্বাহৰ ফোন হিমন্ত বিশ্ব শৰ্মা লৈ। কিন্ত কিয়?

হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনোৱা মতে যোৱা কালি অমিত শ্বাহ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰি উত্তৰ পূৰ্বাঞ্চলৰ শান্তি শৃংখলা জনীত পৰিস্থিতিৰ বুজ লয়।

উল্লেখ যোগ্য যে ভাৰতৰ গৃহ মন্ত্ৰী গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি শৃংখলাৰ বিষয়ে কথা পাতিবলৈ হিমন্ত বিশ্ব শৰ্মালৈ কৰা এই ফোনে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য লাভ কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যৰ একো একোজন মুখ্যমন্ত্ৰী আৰু গৃহ মন্ত্ৰী থকাৰ পিছতো হিমন্ত বিশ্ব শৰ্মালৈ ভাৰতৰ গৃহ মন্ত্ৰীয়ে ইয়াকে সূচায় নি যে হিমন্ত বিশ্ব শৰ্মা বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ শক্তিশালী ব্যক্তি?

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

amit shahassamhimanta biswa sharmanortheast
Comments (0)
Add Comment