“সময়বোৰ নতুন, সময়বোৰ জটিল। সমস্যাবোৰো নতুন, সমস্যাবোৰো জটিল।কিন্তু এয়া সামাজিক অসমতাই সৃষ্টি কৰা এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ সময়। ৰাজনীতিৰ অংকবোৰ চলিব, অৰ্থনীতিও চলিব, কিন্তু এয়া সকলোৱে এলাগী কৰা সেই কনমানিটোৰ চকুত চকু থৈ তাইক অভয় দিয়াৰ সময়।”ত্ৰিদিৱ ভাগৱতীৰ কলমত-স্মাৰ্টফ’ন নোহোৱা কণমানিজনীৰ কথা
ভূপেন হাজৰিকাৰ এটি পুৰণি গান। ‘জিকমিক দেৱালীৰ বন্তি জ্বলে – আন্ধাৰত কান্দে কোনো অকলে অকলে’। গানৰ অন্তৰাত সুধাকণ্ঠই গাইছে – ওচৰা-ওচৰিকৈ থকা দুটি ঘৰৰ গাঁথা। এটি পঁজা ঘৰ, আনটি ৰজাৰ। দিপান্বিতাৰ দিনাও এন্ধাৰ হৈ ৰৈছে পঁজা ঘৰটি।
ল’কডাউনৰ এই সময়ছোৱাত আমাৰ সমুখত উন্মোচিত হৈছে দুখন পৃথক ভাৰতবৰ্ষ। এখন সমৃদ্ধ ভাৰত, পোহৰ ভাৰত – য’ত হোৱাটছআপ-ফেইচবুকত সিঁচৰতি হৈ পৰিছে ভিন্ন ৰন্ধন-প্ৰকৰণ প্ৰণালী,য’ত চর্চা চলিছে নতুনকৈ মুকলি হোৱা ৱেব-ছিৰিজৰ বাতৰিৰ,য’ত বিশেষ কোনো অসুবিধা-অভাৱ নোহোৱাকৈ ল’কডাউন উদযাপন কৰি জীৱন নিৰ্বাহ কৰা এচামে পুনৰ বিচাৰিছে কঠোৰ ল’কডাউন; আনহাতে এখন নিঃস্ব ভাৰত, এন্ধাৰ ভাৰত – য’ত নিজৰ সকলো হেৰুৱাই পদব্ৰজে নিজৰ ঘৰলৈ উভতি আহিছে হেজাৰ হেজাৰ শ্ৰমিক,য’ত ৰুদ্ধ হৈ পৰিছে বহু পৰিয়ালৰ ভৱিষ্যতৰ উপাৰ্জনৰ বাট, জীৱন নিৰ্বাহৰ বাট। শিক্ষাৰ ক্ষেত্ৰতো প্ৰথমখন ভাৰতবৰ্ষৰ শিশুসকলে ল’কডাউন উদযাপন কৰি অনলাইন শিক্ষা গ্ৰহণ কৰাৰ সময়তেই দ্বিতীয়খন ভাৰতৰ শিশুসকল পিতৃ-মাতৃৰ কঠোৰ সংগ্রামৰ সহযোদ্ধা হৈছে। প্ৰথমখন ভাৰতৰ শিশুসকলৰ পাঠদান অবিৰতভাৱে চলি যোৱাৰ মাজতেই এটা দ্বিতীয়খন ভাৰতৰ শিশুসকল বঞ্চিত হৈছে শিক্ষাৰ পৰা।
অনলাইন শিক্ষাৰ এই চৰ্চাৰ মাজতেই বিহাৰ চৰকাৰে ইউনিচেফৰ সহযোগত ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘উন্নয়ন’ শীৰ্ষক এটা এপ মুকলি কৰিছিল। উদ্দেশ্য আছিল বিদ্যালয় বন্ধ হৈ পৰাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীসকলক অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষাদান। কিন্তু শেহতীয়াকৈ লণ্ডন স্কুল অ’ফ ইকোনমিক্সৰ এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে বিহাৰৰ কেইবাখনো চৰকাৰী বিদ্যালয়ত চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে -বিহাৰৰ বহু পৰিয়ালৰ বাবে পেটৰ ভাতমুঠিৰ বাবে সংগ্রাম কৰিবলগীয়া হোৱা এই সংকটৰ সময়ত মোবাইল এপৰ জৰিয়তে ল’ৰা ছোৱালীক শিক্ষাৰ সুবিধা কৰি দিয়াটো কল্পনাৰো অগোচৰ। তেওঁলোকৰ বাবে এইসময়ত অনলাইন শিক্ষাৰ এই কথাবোৰ অৰ্থহীন।
শিক্ষা ব্যৱস্থাৰ পৰিমণ্ডলত সমাজৰ প্ৰতিটো শ্ৰেণীৰ,প্ৰতিটো স্তৰৰ ছাত্ৰ-ছাত্ৰী থাকে। চহৰৰ ব্যক্তিগত মাধ্যমৰ বিদ্যালয়কেইখনক সামৰিয়েই ৰাজ্যৰ শিক্ষা ব্যৱস্থা নচলে,চলিব নোৱাৰে। সেয়ে স্বাস্থ্যখণ্ডৰ বিপদসমূহৰ লগত যুঁজি থকাৰ সমান্তৰালভাৱে শৈক্ষিক ক্ষেত্ৰৰ সমস্যাসমূহকো চৰকাৰে গুৰুত্ব দিয়াৰ দৰকাৰ। চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপে শিক্ষাক্ষেত্ৰৰ পৰিবেষ্টনীয়ে সাঙুৰি লোৱা প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নবোৰ,প্ৰয়োজনবোৰ শুনাৰ দৰকাৰ, বুজাৰ দৰকাৰ। কিন্তু শেহতীয়া কাম-কাজ চাই বুজা গৈছে – পৰিকল্পনা আৰু গুৰুত্বৰ অভাৱত ল’কডাউনৰ ইমান দিন পাৰ হৈ যোৱাৰ পাছতো শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটা এলাগী হৈয়েই ৰৈছে। অনলাইন শিক্ষাৰ গুণগত মান, শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশত ইয়াৰ অৰিহণাৰ দিশটোকলৈও প্ৰশ্ন উত্থাপিত হৈছে। প্ৰতিটো বিষয়ৰ কেইটামান এচাইনমেণ্ট, কেইটামান প্ৰশ্ন-উত্তৰ কৰিবলৈ দি যিদৰে এই সমগ্ৰ ব্যৱস্থা চলিছে – ইয়াৰ জৰিয়তে যেন শিক্ষাৰ প্ৰকৃত উদ্দেশ্য, শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ ধাৰণাকো যেন কোনো দূৰ দূৰণিতেই ল’কদাউন কৰি থোৱা হৈছে।আমি বিশ্বাস কৰো – শিক্ষা কেতিয়াও মোবাইল বা লেপটেপৰ পৰ্দাত অহা আখৰৰ তালিকা হ’ব নোৱাৰে; অৰ্থনীতিৰ সংজ্ঞা, বুৰঞ্জীৰ ঘটনা, ৰাজনীতি বিজ্ঞানৰ ধাৰণা কেতিয়াও এখন নিৰ্জীৱ পৰ্দাত ভাঁহি অহা আখৰৰ মাজেৰে শিকিব নোৱাৰি। কিন্তু কেৱল পৰীক্ষা-নম্বৰৰ পাছত দৌৰা শিক্ষা ব্যৱস্থাই এই জটিল সময়তো ইয়াকেই যেন প্ৰতিপন্ন কৰিবলৈ গৈ হাবাধুৰি খাইছে।
২০১৪ চনত পশ্চিম আফ্ৰিকাৰ দেশবোৰক ইব’লা ভাইৰাছৰ বিভীষিকাই কঁপাই গৈছিল। ২০১৫ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি প্ৰায় ৩৯ সপ্তাহ ধৰি দহহাজাৰ বিদ্যালয়ৰ ৫০ লাখ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰিবেষ্টনীৰ বাহিৰত আছিল। কিন্তু সকলোকে আচৰিত কৰি এই বিভীষিকাৰ পাছত চলা বিশ্ব বেংকৰ সমীক্ষাই পোহৰলৈ আনিছিল – লাইবেৰীয়াৰ ২৫% ছাত্ৰ-ছাত্ৰী, চিয়েৰা লিয়নৰ ১৩ % ছাত্ৰ-ছাত্ৰী পুনৰ বিদ্যালয় খোলাৰ পাছত কাহানিও বিদ্যালয়লৈ উভতি নগ’ল। ইব’লাৰ স্বাস্থ্য সংকটৰ সমান্তৰালভাৱে দেশবোৰত হোৱা অৰ্থনৈতিক দুৰ্যোগত কৰ্ম-সংস্থাপন হেৰুৱাই পেলোৱা বহু পৰিয়ালে নিজৰ সন্তানক বিদ্যালয়লৈ পুনৰ পঠোৱাৰ সামৰ্থ হেৰুৱাই পেলালে। ভয়ংকৰভাৱে বৃদ্ধি পালে শিশু নিৰ্যাতনৰ ঘটনা, বৃদ্ধি পালে শিশু শ্ৰমিকৰ সংখ্যা। চিৰদিনলৈ এই দেশবোৰত কমি গ’ল ছোৱালীৰ নামভৰ্তিৰ সংখ্যা। বৰ্ধিত নিৰ্যাতনৰ ঘটনাই, সামাজিক সুৰক্ষাৰ অভাৱে অৰ্থহীন কৰি ক্ৰমাৎ তুলিলে ফুলকুমলীয়া শিশুসকলৰ ভৱিষ্যতৰ সংজ্ঞা।
অতি শেহতীয়াকৈ দৈনিক জনমভূমি কাকতত প্ৰকাশিত এটা কাৰ্টুনে আমাক জোকাৰি গৈছিল। কাৰ্টুনটোত অনলাইন শিক্ষাৰ জাকজমকীয়া কাৰুকাৰ্যৰ পৰা আঁতৰত থকা এটি অসহায় কণমানিয়ে দেউতাকক অভিযোগ কৰি কৈছে – স্মাৰ্টফ’ন থকাবোৰতকৈ তাই পঢ়া শুনাত পিছ পৰি গ’ল।
কণমানিজনীৰ কথাত ফুটি উঠা অনিশ্চয়তাৰ এন্ধাৰ ছবিখন দেখি আমাৰ ভয় হৈছে- ক’ৰণা দুৰ্যোগৰ পাছত চলা কোনো সমীক্ষাই ইব’লাই পশ্চিম আফ্ৰিকাৰ দেশবোৰত সৃষ্টি কৰা কৰুণ পৰিস্থিতিৰ সমকক্ষ এখন ছবি বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ মাজতো বিচাৰি পোৱাৰ সুযোগকণ পাব নেকি? আমি সেই বাটেৰেই আগুৱাইছোঁ নেকি?
সময়বোৰ নতুন, সময়বোৰ জটিল। সমস্যাবোৰো নতুন, সমস্যাবোৰো জটিল।কিন্তু এয়া সামাজিক অসমতাই সৃষ্টি কৰা এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ সময়। ৰাজনীতিৰ অংকবোৰ চলিব, অৰ্থনীতিও চলিব, কিন্তু এয়া সকলোৱে এলাগী কৰা সেই কনমানিটোৰ চকুত চকু থৈ তাইক অভয় দিয়াৰ সময়। দেশৰ বাস্তৱিক পৰিস্থিতি বুজি, সমাজৰ প্ৰতিটো স্তৰৰ বাবে শিক্ষাক উপলদ্ধ কৰোৱাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰাৰ সময়,ৰূপায়ণ কৰাৰ সময়। সুধাকণ্ঠই গানেৰে কোৱা এন্ধাৰ পঁজাটিৰ মুখবোৰ পোহৰ কৰাৰ দায়িত্বও জানো চৰকাৰৰেই নহয়।
ত্ৰিদিৱ ভাগৱতী কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ
প্ৰকাশিত মন্তব্য লেখকৰ নিজা
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.