অভাৰব্ৰীজৰ সৌন্দৰ্য বৃদ্ধিৰ নামত লাখ টকা খৰচ কৰাত কৈ এইলোক সকলৰ সৃষ্টিৰাজিৰ সৌন্দৰ্যক এবাৰ জিলিকাই তোলক সমাজত !
বিশেষ জটিল ৰোগত ভুগি জীৱন-মৰণেৰে যুঁজ দি থকা শৰ্মিষ্ঠা প্ৰীতমৰ ব্যথাভৰা শেহতীয়া এক ফেচবুক পোষ্টে চকু সেমেকাই তুলিছে বহুতৰে । SMA অৰ্থাৎ Spinal muscular atrophy ৰোগত মৃত্যুৰ সৈতে প্ৰতিমুহূৰ্তত যুঁজি যুঁজি জীয়াই থকা নিৰুপায়-অসহায় শৰ্মিষ্ঠা প্ৰীতমে বাৰে বাৰে বিভিন্ন মাধ্যমেৰে সহায়ৰ আহ্বান জনাই আহিছে। আকৌ এবাৰ তেওঁ লিখিছে- আৰু কিমান যুঁজিম?মূল কথালৈ যোৱাৰ পূৰ্বে দুটামান কথা কবই লাগিব। সমাগত বহাগ বিহু। ৰাইজৰ গাত বিহু লাগিছেই। আমাৰো গা সাতখন-আঠখন। বাপতিসাহোন বিহুটিক লৈ উত্সাহ নথকাৰ প্ৰশ্নই নুঠে। বিহু আমাৰেই, বিহু অসমৰেই। ইতিমধ্যেই বিহু বিশ্বৰ ভিতৰতেই একক আৰু অনন্য। বিহুক অতিৰিক্তকৈ বিশ্ব ৰেকৰ্ডযুক্ত স্বীকৃতিৰ কি প্ৰয়োজন, সেয়া ৰাইজৰ বিচাৰ্যৰ বিষয়। আৰু এই স্বীকৃতিৰ নামত সমস্যাৰে জৰ্জৰিত বৰ্তমানৰ অসমত এটা দিনত শ কোটি খৰচ কৰিব খোজা চৰকাৰৰ সিদ্ধান্তৰ কথাটোও কিমানদূৰ গ্ৰহণযোগ্য, সেয়া আপোনালোকলৈয়ে এৰিছোঁ।সমস্যা নেদেখা চৰকাৰৰ বিপৰীতে কিন্তু সমস্যা আছে সমাজৰ, সমস্যা আছে শৰ্মিষ্ঠাৰ। শৰ্মিষ্ঠা কেৱল এটাহে চৰিত্ৰ। ৰাজ্যত ৰশ্মিৰেখা-চয়নিকাহঁতকে ধৰি এনে বহু সম্পদ এতিয়াও অসহায় অৱস্থাত থাকিও সমাজৰ হকেই কঠোৰ সংগ্ৰাম চলাই আহিছে। অক্ষুণ্ণ ৰাখিছে নিজা নিজা ক্ষেত্ৰৰ বিভিন্ন সৃষ্টিৰাজি কৰ্ম। কেৱল শৰ্মিষ্ঠাই নহয়, ৰশ্মিৰেখা-চয়নিকাহঁতৰ দৰে আন বহুতেই চলাই গৈছে জীৱনৰ লগতে আন এখন কঠোৰ সংগ্ৰাম। সেই কথা সমাজে জানে, সমাজে বুজে। কিন্তু আঁকোৰগোজ চৰকাৰক হেও মনাব কোনে?
দুৰ্ভাগ্যজনকভাৱে শৰ্মিষ্ঠা-ৰশ্মিৰেখা-চয়নিকাহঁতৰ বাবে ধন নাই চৰকাৰৰ!কিন্তু বিশ্বৰ ভিতৰত একমাত্ৰ অসমতেই থকা বিহু সংস্কৃতিক লৈ চৰকাৰে খৰচ কৰিব পাৰে কোটি কোটি টকা।বিশ্ব ৰেকৰ্ডৰ নামত ১০০ কোটি টকা খৰচ কৰিব চৰকাৰে এঘণ্টীয়া বিহু নৃত্যৰ নামত হবলগীয়া অনুষ্ঠানৰ বাবে।সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ মেৰামতিৰ নামত চৰকাৰে খৰচ কৰিব ২.৩৪ কোটি টকা কিন্তু মানৱ সম্পদ ৰক্ষাৰ নামত খৰচ কৰিব নোৱাৰে চৰকাৰে ! প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভিভিআইপি-ভিআইপি উপস্থিত থাকিবলগীয়া এইমছৰ উদ্বোধনী অনুষ্ঠানৰ সাজসজ্জা আৰু অস্থায়ী পেণ্ডেলৰ নামত খৰচ কৰিব ৯৩ লাখ ৫ হাজাৰ ৫২৬ টকা।কিন্তু শৰ্মিষ্ঠা-ৰশ্মিৰেখা-চয়নিকাৰ দৰে সমাজৰ সম্পদসমূহৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰৰ যেন হাতত পৰ্যাপ্ত ধন নাই।ইমানৰ পাছতো অদম্য শক্তিৰে এতিয়াও যুঁজি আছে শৰ্মিষ্ঠা প্ৰীতমে। যুঁজি আছে ৰশ্মিৰেখা ভূঞা, চয়নিকাভূঞাহঁতে। লাখ লাখ টকা দি জীৱন ৰক্ষক ঔষধ ৰিছডিপাম্ ক্ৰয় কৰাৰ সক্ষমতা নাই তেওঁলোকৰ। তথাপি অত্যন্ত জটিল আৰু শতাংশত এজন-দুজনৰ ক্ষেত্ৰত দেখা ৰোগত আক্ৰান্ত হৈও তেওঁলোকে সমাজৰ বাবে কৰি গৈছে কাম। সমাজৰ বাবে কাম কৰাৰ আশাতেই জীয়াই থাকিব খোজে তেওঁলোকে। তেওঁলোকে সেয়ে চৰকাৰক বাৰে বাৰে আহ্বান জনাই আহিছে, কিন্তু সেই আহ্বানৰ প্ৰতি চৰকাৰ বিশেষ আগ্ৰহ যেন নাই।তেওঁলোকৰ চকুত এতিয়া অসহায়বোধৰ চাৱনি! জানোচা চৰকাৰে নিজাববীয়াকৈ দায়িত্ব লয়েইবা! চমক সৃষ্টিৰ নামত কোটি কোটি খৰচ কৰাৰ সামৰ্থ থকা চৰকাৰে যদি এবাৰলৈও এইসকল লুকাই থকা সম্পদৰ বাবে মূৰ পাতি দায়িত্ব লয়! সেই মৰহা আশাৰেই এতিয়াও যেন বাট চাই আছে তেওঁলোকে!আমাৰো আশা আৰু আহ্বান-ঢাক-ঢোল বজোৱা চৰকাৰে এবাৰ তেওঁলোকৰ কথাবোৰ শুনক। চাকৰিৰ নিযুক্তি পত্ৰ দিয়াৰ নামত সভা পাতি অযথা ধন ব্যয় কৰাতকৈ তেওঁলোকৰ বাবে কিবা এটা ব্যৱস্থা কৰক। অস্থায়ী পেণ্ডেলৰ সাজ-সজ্জাতকৈ এওঁলোকৰ সৃষ্টিৰ সৌন্দৰ্য অনেক মূল্যৱান। অভাৰব্ৰীজৰ ওপৰত চিত্ৰাংকণ কৰি সৌন্দৰ্যবৃদ্ধি কৰাতকৈ এই সম্পদসমূৰ সৌন্দৰ্যক জিলিকাবলৈ প্ৰচেষ্টা হাতত লওক।