প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশত সংঘটিত হৈছে ইতিহাসৰ সৰ্ববৃহৎ বেংক জালিয়াতি।হয়,আপুনি ঠিকেই শুনিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশত সংঘটিত হৈছে ইতিহাসৰ সৰ্ববৃহৎ বেংক জালিয়াতি।এই জালিয়াতিৰ পৰিমাণ ২২,৮৪২ কোটি টকা।উত্তৰ প্ৰদেশকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে দেশত উন্মোচিত হৈছে এই ২২,৮৪২ কোটি টকাৰ বেংক জালিয়াতি।
দেশৰ ২৮ টাকৈ বেংকৰ পৰা লুণ্ঠিত হৈছে ২২,৮৪২ কোটি টকা।মোডী চৰকাৰৰ আমোলত হোৱা এই বেংক জালিয়াতি এতিয়া দেশৰ ইতিহাসত সংঘটিত সর্ববৃহৎ কেলেংকাৰী ৰূপে পৰিগণিত হৈছে।আজি অসমীয়া প্ৰতিদিনৰ এক বাতৰি অনুসৰি ভাৰতীয় ষ্টেট বেংক, পঞ্জাব নেচনেল বেংককে ধৰি দুই ডজনৰো অধিক বিত্তীয় প্রতিষ্ঠানক লুণ্ঠন কৰিলে গুজৰাটী কোম্পানী এবিজি শ্বিপয়ার্ড-এ।চি বি আয়ে এই কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু কৰি কোম্পানীটোৰ চুৰট,ভাৰুজ, মুম্বাই,পুনেকে ধৰি তেৰটা স্থানত থকা কাৰ্যালয়ত তালাচী চলাইছে।চি বি আয়ে কোম্পানীটৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ঋষি কমলেশ আগৰৱাল,কার্যবাহী চাণ্ঠানাম মুথুস্বামী,অশ্বিনী কুমাৰ, সুশীল কুমাৰ আগৰৱাল আৰু ৰবি বিমল নিভেটীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।গুজৰাটী কম্পেনী এ বি জি শ্বিপয়াৰ্ডে জালিয়াতিৰে সৰকাই নিয়া প্ৰধান বেংকসমূহৰ ভিতৰত আই চি আই চি আই বেংকৰ পৰা ৭,০৮৯ কোটি টকা, আই ডি বি আই বেংকৰ পৰা ৩,৬৩৯ কোটি টকা, ভাৰতীয় ষ্টেট বেংকৰ পৰা ২,৯২৫ কোটি টকা,বেংক অব্ বৰোদাৰ পৰা ১,৬১৪ কোটি টকা আৰু পঞ্জাৱ নেচনেল বেংকৰ পৰা ১,২৪৪ কোটি টকা সৰকাই নিছে।ভাৰতীয় ষ্টেট বেংকে ২০১৯ চনৰ ৮ নৱেম্বৰতে এই কেলেংকাৰী সন্দৰ্ভত চি বি আইৰ ওচৰত গোচৰ ৰুজু কৰিছিল।কিন্তু চি বি আইয়ে ২০২০ চনৰ ১২ মাৰ্চতহে গোচৰ সম্পৰ্কত বেংকৰ পৰা স্পষ্টীকৰণ বিচাৰে।আৰু তাৰ দেৰবছৰৰ পিচতহে অর্থাৎ ২০২২ চনৰ ৭ ফেব্ৰুৱাৰীত চি বি আয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। কি কাৰণত এই সুদীর্ঘকাল চি বি আই নীৰৱ নিষ্কর্মা হৈ ৰ’ল তাক লৈ প্রশ্ন উত্থাপন হৈছে।ভাৰতীয় ষ্টেট বেংকৰ অভিযোগ যে বেংকসমূহৰ পৰা পোৱা ঋণ কোম্পানী কর্তৃপক্ষই অন্য শিতানত ব্যয় আৰু হস্তান্তৰ কৰি অপৰাধ কার্যত লিপ্ত হৈছে।অনেষ্ট এণ্ড ইয়াঙে চলোৱা ফৰেণ্সিক প্ৰতিবেদনত স্পষ্ট হৈছে যে ২০১২ চনৰ পৰা ২০১৭ চনলৈ কোম্পানীটোৰ পুঁজি অপব্যৱহাৰ হোৱাৰ লগতে বৃহৎ পৰিমাণৰ ধন অন্য শিতানলৈ হস্তান্তৰ ঘটিছিল।গুজৰাটৰ ডাহেজ আৰু চুৰাটত জাহাজ নির্মাণ কাৰখানা থকা এ বি জি শিপয়ার্ড নিমিটিডে বিগত ১৬ বছৰত ১৬৫ খনৰো বৃহৎ জাহাজ নিৰ্মান কৰিছে যদিও ২০১৩ চনৰ পৰা কোম্পানীটো লোকচানৰ সন্মুখীন হয়।অন্যতম বৃহৎ জাহাজ নিৰ্মাণ প্রতিষ্ঠানটোৰ বৃহৎ লোকচানে বিপদত পেলায় ঋণ প্রদানকাৰী বেংক আৰু বিত্তীয় প্রতিষ্ঠানক। দেউলীয়া কোম্পানীটোৱে নেচনেল কোম্পানী ল ট্ৰিবুনেলৰ আহমেদাবাদ শাখাৰ কাষ চাপে আৰু কোম্পানীটোৰ সম্পত্তি বিক্ৰীৰ অনুমতি বিচাৰে। শেহতীয়াকৈ বেংক লুণ্ঠনত এ বি জি শিপয়াৰ্ডৰ নাম সাঙোৰ খোৱাৰ পিচত মোডী আমোলত সংঘটিত বেংক কেলেংকাৰীৰ নাম দীঘলীয়া হৈ গৈছে। পঞ্জাব নেচনেল বেংক লুন্ঠন কৰা নীৰৱ মোডী,মেহুল চোকছীৰ পৰা বিজয় মালিয়ালৈকে এক ডজনৰো অধিক বেংক লুণ্ঠনকাৰীয়ে ইতিমধ্যে বিদেশলৈ পলায়ন কৰিছে।ইফালে এ বি জি শ্বিপয়ার্ড কেলেংকাৰীক লৈ মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ কংগ্ৰেছে।কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে ২০১৮ চনতে কংগ্ৰেছে এই কেলেংকাৰীৰ অভিযোগ কৰিছিল যদিও কি কাৰণত কেন্দ্রই কোনো ব্যৱস্থা গ্রহণ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছৰ মুখপাত্ৰ কুলদীপ সিং সূর্যেৱালাই কয় যে তদন্তৰ বাবে চি বি আয়ে ৫ বছৰৰ সময় লোৱাৰ কাৰণ কি? কংগ্ৰেছে লগতে অভিযোগ উত্থাপন কৰে যে গুজৰাট চৰকাৰে ২০০৭ চনত এ বি জি শ্বিপয়ার্ডক ১,২১,০০০ বর্গমিটাৰ ভূমিৰ আবণ্টন দিছিল।আৰু সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল বৰ্তমানৰ প্ৰধানমন্ত্রীগৰাকী নৰেন্দ্ৰমোডী।কংগ্ৰেছ নেতা ৰাহুল গধীয়েও আজি এক টুইট যোগে অভিযোগ উত্থাপন কৰে যে মোদীৰ এই ৭ বছৰ ৫ মহীয়া আমোলত সৰ্বমুঠ ৫ লাখ ৩৫ হেজাৰ কোটি টকাৰ বেংক জালিয়াতি সংঘটিত হৈছে।এই সমস্ত ধন ৰাজহুৱা ধন।