মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ

ৰিজাৰ্ভ বেংক বনাম কেন্দ্ৰীয় চৰকাৰ!

ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত নাজল-নাথল অৱস্থা জনতাৰ। অসমতো কালিৰ দিনটোত কণীৰ প্লেটত ২৫ টকাকৈ দাম বৃদ্ধি পাইছে। মাছ-মাংসৰ ব্যাপক দাম বৃদ্ধিৰ পাছত সাধাৰণ মানুহৰ ভাতৰ পাত শুৱনি কৰা কণীয়েও যেন এতিয়া সাধাৰণ মানুহৰ লগ এৰিব। কিন্তু এই মূল্যবৃদ্ধিক মানি ল’বলৈ ৰাজী নহয় নৰেন্দ্ৰ মোদী চৰকাৰ। এফালে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু আনফালে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই বাৰে বাৰে উল্লেখ কৰিছে, অৰ্থনীতিৰ গতিত প্ৰধান প্ৰতিবন্ধক হৈ থিয় দিছে মূল্যবৃদ্ধিয়ে। আৰু সেইবাবেই ইচ্ছা থাকিলেও ৰিজাৰ্ভ বেংকে হ্ৰাস কৰিব পৰা নাই ৰেপ’ৰেট। আৰু এই কথাই ক্ষুব্ধ কৰি তুলিছে নৰেন্দ্ৰ মোদী চৰকাৰক। কাৰণ নৰেন্দ্ৰ মোদী চৰকাৰে মানি ল’ব বিচৰা নাই যে ভাৰতত মূল্য বৃদ্ধি বুলি কিবা এটা আছে। আৰু এই সুৰ শুনা গ’ল নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা অনন্ত নাগেশ্বৰনৰ কণ্ঠত। নাগেশ্বৰণৰ দাবী যে ভাৰতত জিডিপি হ্ৰাস বা মূল্যবৃদ্ধিৰ কোনো সমস্যা নাই। এইবোৰ অতিৰঞ্জিত কথা।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰেপ’ ৰেট হ্ৰাস কৰিব লাগে বুলি মন্তব্য কৰি আহিছে। মূল্যবৃদ্ধিক লৈ যিমান কথা কোৱা হৈছে বাস্তৱত তেনেকুৱা একো নাই বুলি দাবী পীযুষ গোৱেল আৰু নিৰ্মলা সীতাৰমণৰ। ৰিজাৰ্ভ বেংকৰ সৈতে এই স্নায়ু যুদ্ধ নৰেন্দ্ৰ মোদী চৰকাৰৰ কেইবামাহো ধৰি চলি আছে। কিন্তু তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই চাঞ্চল্য সৃষ্টি কৰিছে বিশেষজ্ঞসকলৰ মাজত। অৰ্থনৈতিক উপদেষ্টা নাগেশ্বৰণৰ মন্তব্য যে খাদ্যৰ কিছুমান সামগ্ৰীৰ দাম সামান্য বেছি। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মূল্যবৃদ্ধিৰ হাৰ বহুত চিন্তাজনক।
অৰ্থাৎ নাগেশ্বৰনৰ কথাত স্পষ্ট হৈ পৰিছে যে মূল্যবৃদ্ধিৰ প্ৰসংগ নৰেন্দ্ৰ মোদী চৰকাৰৰ ওচৰত কোনো চিন্তাজনক বিষয় নহয়। জনতাই মূল্যবৃদ্ধিক লৈ যিমানেই যন্ত্ৰণা নাপাওঁক কিয় নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে মূল্যবৃদ্ধি হোৱাই নাই। নাগেশ্বৰনৰ মতে দেশৰ অৰ্থনীতি সঠিক দিশতে আগবাঢ়িছে। আনকি সাধাৰণ মানুহেও সামগ্ৰী ক্ৰয় কৰি আছে আৰু বিশ্বৰ বিত্তীয় সংকটৰ মাজতো ৰপ্তানি বাণিজ্যৰ যথেষ্ট উন্নতি হৈছে বুলি মন্তব্য নাগেশ্বৰনৰ।
ৰিজাৰ্ভ বেংক আৰু সাধাৰণ মানুহৰ স্থিতিৰ সম্পূৰ্ণ বিপৰীতে গৈ নাগেশ্বৰনে কয়, এইটো সঁচা যে কিছুমান খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হৈছে যদিও সামগ্ৰিক মূল্যবৃদ্ধিৰ হাৰৰ পৰিসংখ্যাত ই যথেষ্ট গুৰুত্বহীন। ৰিজাৰ্ভ বেংকলৈ দোষ ঠেলি নাগেশ্বৰনে কয় ২০২২ চনৰ মে’ মাহৰ পৰা নীতি নিৰ্ধাৰক সমিতিৰ প্ৰায় প্ৰতিখন বৈঠকতে ৰিজাৰ্ভ বেংকে ৰেপ’ৰেট বৃদ্ধি কৰিছে। ফলত ৰাইজ দুগুণ সংকটৰ সন্মুখীন হ’ব লগীয়া হৈছে। বজাৰত জুই লাগিছে, ইএমআই বৃদ্ধি পাইছে। ৰেপ’ৰেট বৃদ্ধি হলে মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰিব যাব পৰা বুলি কৈছিল ৰিজাৰ্ভ বেংকে। কিন্তু ৰেপ’ৰেট ৪.৪ শতাংশৰ পৰা বৃদ্ধি হৈ হৈ ৬.৫ শতাংশ হোৱাৰ পাছতো মূল্যবৃদ্ধি হ্ৰাস নহ’ল। কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহতে ৰিজাৰ্ভ বেংকে জনাই দিছিল যে ৰিজাৰ্ভ বেংকৰ পক্ষে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। আৰু আজিও সেয়া সম্ভৱ হোৱা নাই। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে ভাৱে যে মূল্যবৃদ্ধি ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়।

BJPcentral govtnarendra modiprice hikereserve bank of indiathe crosscurrent
Comments (0)
Add Comment