‘বিশ্বস্ত আলাপ’

এটা বয়সৰপৰা যি আজীৱন লকডাউনত বন্দী আত্মীয়ই কৰিব বিচৰা অৰ্থহীন দীৰ্ঘজীৱী?

✍🏻ৰিপুঞ্জয় গগৈ

বয়সৰ লেখেৰে নব্বৈ পাৰ কৰা মানুহগৰাকীৰ জী, পুত্ৰ, জোঁৱাই আমাৰ দেশ ৰাজ্যৰেই একোজন সুখ্যাত ব্যক্তি। ঘৰোৱা সম্পৰ্কেৰে শৰ্মা উপাধীৰ মানুহঘৰলৈ মোৰ আছে সঘন অহা যোৱা। এইগৰাকী আইমাতৃৰ পৰিয়ালৰ সাংস্কৃতিক আভিজাত্যৰে তেওঁ খুউবেই নম্ৰ ভদ্ৰ, সুশীলা। পিছে এনে এগৰাকী আই মাতৃয়েই এসময়ত মুখেৰে এনে কেতবোৰ অতি অশালীন বাক্য উচ্চাৰণ কৰিবলৈ ললে যে আমাৰ দৰে আলহী, অভ্যাগতৰ উপস্থিতিত সমস্ত পৰিয়ালটোৱেই ভীষণ অস্বস্তিত পৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হয়। সকলো যত্ন, চিকিৎসাৰ পাছতো অনাৰোগ্য বিষৰ যন্ত্ৰণাত আই গৰাকীয়ে অনবৰতে ঘৰৰ সকলোকে অশালীন গালি-গালাজ পাৰি থাকিবলৈ ল’লে। এইবোৰ সময়তে অতি মাতৃবৎসল ৬৪ বছৰীয়া সৰুপুত্ৰই আমাৰ সৈতে অনবৰতে ইচ্ছামৃত্যুৰ “ইউথেনচীয়া”ৰ কথাবোৰ পাতিবলৈ ধৰিলে। ,,,,, বহুদিন যন্ত্ৰণা ভোগাৰ পাছত পৰিয়ালৰ সকলোকে কন্দোৱাই মৰমৰ আইগৰাকীয়ে জীৱন নাট সামৰিলে।
আমাৰ এই বাস্তৱ অভিজ্ঞতাখিনি কিবা একক বিৰল ব্যতিক্ৰমী ঘটনা কিন্তু নহয়। অনেকৰেই পৰিয়ালত এনে ঘটনা অভিজ্ঞতা অতিকৈয়েই সুলভ।
প্ৰায় সকলোৱেই নিজৰ মাক-দেউতাক বা আত্মীয়ক দীৰ্ঘজীৱী কৰি ৰখাৰ ইচ্ছা, হেঁপাহ কৰে। ইয়াত একো অস্বাভাৱিকতা নাই। পিছে দীৰ্ঘজীৱী কৰাৰ নামত আমি আমাৰ আত্মীয়সকলক শাৰীৰিক যন্ত্ৰণা আৰু মানসিক নিসংগতাৰ মাজত ৰখাটো কিমান বিজ্ঞোচিত কাৰবাৰ বাৰু?
কোভিদ কেন্দ্ৰীক লকডাউনৰ সময়ত আমি দেখিছোঁ অনেকেই বয়সীয়াল মাক দেউতাকবোৰক কভিদ সংক্ৰমণৰ অহৈতুক ভয়ত(?) তথা সন্তানৰ দায়িত্বৰ নামত তেওঁলোক অনেককেই গৃহবন্দী কৰি ৰাখিছেতো ৰাখিছেই তেওঁলোকক আন সকলো বন্ধু বান্ধৱ বা ভক্ত অনুগামীৰ পৰা কৰুণভাৱে বিচ্ছিন্ন কৰি ৰাখিছে। এটা বয়সৰপৰা মানুহ নিজেই লকডাউনেৰে গৃহবন্দী হয়। যোৱা আগষ্ট মাহত মই গাঁৱলৈ গৈ আমাৰ গাওৰ কেইবাজনো দদাই খুৰীৰ এই অৱস্থা প্ৰত্যক্ষ কৰিছিলো। তেওঁলোকৰ সৈতে কভিদৰ অবৰ্তমানতো এইদৰে বয়সে কৰা লকডাউন গৃহবন্দীৰ কথা পাতিছিলো। হোমেন বৰগোহাঞিৰ অস্তৰাগৰ দিলীপৰ দেউতাক যেন আমাৰ অনেকৰেই বৃদ্ধ মা-দেউতা, দদাই খুৰীসকল!
এইবোৰ ভাবিয়েই যোৱাবছৰ এইসময়খিনিত মোৰ মাৰ সৈতে একসপ্তাহ গাঁৱৰ ঘৰত থাকি আহিলোঁ। আৰু কাকতলীয়ভাৱে এইবছৰৰ একেখিনি সময়তে মাক এসপ্তাহ গুৱাহাটীৰ ঘৰত ৰাখিলোঁ। আজি দহবছৰৰ আগতে অকলে গুৱাহাটীলৈ অহা মা এতিয়া মোৰ একমাত্ৰ ভনী, ভনী-জোৱাঁই, ভাগিনটো আৰু ভনীৰ জাজনীৰ সৈতে গুৱাহাটীলৈ আহিল। মাৰ এতিয়া ৮৩ বছৰ যদিও এসময়ৰ শিক্ষয়িত্ৰী আৰু অতি বুদ্ধীদীপ্ত মায়ে নিজৰ নব্বৈ পাৰ হ’ল বুলিয়েই ক’ব বিচাৰে! বয়সে মানুহক বিজ্ঞ কৰে বুলি কলেও মাহতঁৰ বয়সে মাহঁতক পিছে বহুখিনি অকৰা, অজলাহে কৰে!
আচৰিত ভাৱে মায়ে আমাৰ গাওঁৰ ঘৰত অনবৰতে মোৰ মৃত ভাইটিটোৰ(২০১৯) কথা কৈ শোকাভিভূত হৈ থাকিলেও মোৰ গুৱাহাটীৰ ঘৰত ভাইটিৰ কথা বিশেষ উচ্চাৰণ নকৰিলে! ইয়াৰ পৰিবৰ্তে ওচৰ চুবুৰীয়া সকলো মাৰ স্নেহধন্যসকলক এইবাৰেই গুৱাহাটী শেষ যাত্ৰা বুলি নিজৰ আশু মৃত্যুৰ ইংগিত দিলে! কথাবোৰ মোৰবাবে যন্ত্ৰণাদায়ক, হাহাকাৰ উদ্ৰেকক। তথাপি বাৰ্ধক্যৰ যন্ত্ৰণাৰ কথা ভাবি মাক আৰু দীৰ্ঘজীৱী কৰাৰ আত্মসন্তুষ্টিক পৰিহাৰ কৰাই উচিত নেকি?
সক্ৰিয় হৈ থকালৈকে দীৰ্ঘজীৱী হোৱাটো ভাল কথা অন্যথা জগতত জেগাবন্দী। আত্মীয় সন্তুষ্টিৰে বয়সিয়ালগৰাকী যন্ত্ৰণা নিঃসংগতাৰ বলি। আজি দুবছৰৰ পূৰ্বে মই যোৰহাটত এৰাতি মোৰ মৰমৰ ভাই লেখক বিষ্ণুৰাত শৰ্মাৰ মানে বিখ্যাত ডিম্বেশ্বৰ দয়াল শৰ্মা আৰু বন্ধু ড° দেৱব্ৰত শৰ্মাৰ ঘৰত থাকিছিলোঁ। পাছদিনা পুৱতি নিশাই বিষ্ণুৰাতহঁতৰ ৮১ বছৰীয়া মাকে নিজেই মোক লুচি ভাজি খুৱাই গুৱাহাটীলৈ পঠাইছিল। এতিয়া খবৰ লৈ জানি আছো মা (তৰুণা শৰ্মা, ড° সত্যেন্দ্ৰনাথ, পণ্ডিত তীৰ্থনাথ শৰ্মাৰ ভগ্নী)বিষে অসুখে জৰ্জৰ। আচলতে নিজৰ নিজৰ কাম কাজ কৰি থকালৈকে সকলোখিনি ঠিকেই থাকে। আমাৰ মায়েও এইবাৰ গুৱাহাটীতে চুবুৰীয়া ভতিজা জিতুহঁতৰ (ৰূপজ্যোতি ,নৱজ্যোতি দাস) ব্যৱস্থাপনাতে ঘৰতে সাজ থলে। (দেৱৰস ,লাওপানী ) মায়ে সাজৰ দৰৱ সানিবলৈ ভনীৰ জাঁ দীপালীক কলে। কলিতাকুলৰ দিপালী জাপমাৰি উঠিল !! মায়ে ভেকাহী মাৰি নিজেই সকলো কৰিলে। সময়ত সামূহিকভাৱে দেৱৰস পান কৰিলে দাসদা ,কলিতা জোঁৱাই দিগন্ত হাজৰিকা , ধন,জিতু ,ভনী পৰী ,ভাই বন্ধু খাইৰুল আলমে।
এইবোৰ সকলো আমাৰ জীৱন বিলাস বা জীৱনমুখিতাৰ অচ্ছেদ্য অংশ।
এতিয়া আকৌ কেন্দ্ৰীয় বিষয়লৈ আহো। অযথা সংখ্যাৰে দীৰ্ঘজীৱী হোৱাৰ অৰ্থ নাই। সক্ৰিয়তা ,সৃষ্টিশীলতাৰেই আছে মানুহ জীয়াই থকাৰ সাৰ্থকতা।
শংকৰদেৱ সক্ৰিয়তাৰে বহুবছৰ থাকিল (১৪৪৯-১৫৬৮) পিছে শংকৰাচায্য অৰ্ধ শতিকাও নাথাকিল (জগত মিছা ,মায়া বোলাৰ বাবে ?) আমাৰ জ্যোতি বিষ্ণুনো কিমান দিন আছিল? মাথো ৪৮ আৰু ৬০ বছৰ। কাৰ্লমাক্স (১৮১৮-১৮৮৩)? বাৰ্টাণ্ড ৰাছেল (১৮৭২-১৯৭০) দীৰ্ঘজীৱী হোৱাৰ বিপৰীতে গণিতজ্ঞ ৰামানুজনৰ অৰ্ধশতিকা পাবলৈ বহুবছৰেই থাকিল। আৰু বিবেকানন্দ বা আমাৰ দুয়োজন আনন্দৰাম? আনন্দৰাম বৰুৱা মাথোন ৩৯ বছৰ (১৮৫০-১৮৮৯)।
চমুকৈ ক’বলৈ হ’লে সক্ৰিয় হোৱালৈকে জীয়াই থাকিব লাগে। দীৰ্ঘজীৱী কৰাৰ নামত কাকো অসীম যন্ত্ৰণা, নিঃসীম নিঃসংগতাৰ মাজলৈ নিব নালাগে।
(২০২২ চনত লিখা এইখিনি কথা আজি ২০২৫ত মোৰ মাৰ আৰু অধিক অচল অৱস্থাত মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ )

#thecrosscurrent #assam
Comments (0)
Add Comment