লক্ ডাউনৰ সময়তেই ৰাজ্যত সংঘটিত হোৱা আন এক দুখলগা ঘটনাৰ খবৰ প্ৰকাশ পাইছে৷ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই কেইবা কিলোমিটাৰ দূৰত থকা চিকিৎসালয়লৈ নিব লগা হ’ল পৰিয়ালৰ লোকে। বিলাসীপাৰাৰ ১ নং হাতীপুটা গাঁৱৰ নিবাসী ছাহেনা বেগম নামৰ গৰ্ভৱতী মহিলাগৰাকীক ঠেলাগাড়ীত উঠায়েই গৌৰাংগ নদী পাৰ কৰাই চিকিৎসালয়লৈ নিব লগা হয়। গৌৰাংগ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে। সাংসদ বদৰুদ্দিন আজমলৰ সমষ্টিত হোৱা এই ঘটনাই পুনৰ চৰকাৰ তথা স্থানীয় প্ৰতিনিধিয়ে কৰা উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.