বিবাহিতও নাছিল,ব্ৰহ্মচাৰীও নাছিল,কিন্তু ৰাজকুমাৰীৰ লগত কি সম্পর্ক আছিল বাজপেয়ীৰ?

ভালপোৱাক ভালপোৱা হৈয়ে থাকিব দিয়ক,তাৰ কোনো নাম দিব নিবিচাৰিব৷দেশৰ মহান স্বাধীনতা সংগ্ৰামী সকলৰ ব্যক্তিগত প্ৰেমজীৱবনলৈ লক্ষ্য কৰিলে আপুনি অনুধাৱন কৰিব পাৰিব কিছুমান ব্যতিক্ৰম ধাৰনা৷উদাহৰণ নেহৰু৷পত্নীৰ ওপৰিও এডিউনা মাউন্টবেটেন আৰু পদ্মজা নাইডুৰ লগত এটা গাঢ় সম্পর্ক আছিল নেহৰুৰ৷ৰাম মনোহৰ লোহিয়াই এলানিয়া ৰামা মিত্ৰৰ লগত সহবাস কৰিছিল৷কিন্তু বিবাহপাশত বহা নাছিল৷তাৰমাজৰে আন এজন উদাহৰণ অটল বিহাৰী বাজপেয়ী৷আজীৱন অবিবাহিত বাজেপীয়ৰ হৃদয়ত ৰাজকুমাৰী কৌলৰ বাবে আছিল এডুখৰ আছুতীয়া ঠাই৷কিন্তু কি নাম আছিল এই সম্পর্কৰ?এই সম্পর্কক কি নাম দিছিল বাজপেয়ী অথবা ৰাজকুমাৰীয়ে?এই সম্পর্কক কেনেকৈ চাইছিল ৰাজকুমাৰীৰ স্বামী নাৰায়ন কৌল আৰু পৃথীবীয়ে?ভালপোৱাক ভালপোৱা হিচাপে লওক,তাৰ নাম দিবলৈ যত্ন নকৰিব,
অটল বিহাৰী বাজপেয়ী৷ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷তাৰ ওপৰিও বাজপেয়ীৰ আছে আন এটা চিনাকি,সেইয়া হৈছে ভাল মানুহ৷তেতিয়া গোৱালিয়ৰৰ ভিক্টৰিয়া কলেজৰ ছাত্ৰ অটল বিহাৰী বাজপয়ী৷তাতেই সাক্ষাৎ ৰাজকুমাৰী হাক্সৰৰ সৈতে৷বাজপেয়ীৰ জীৱনীত সাগৰিকা ঘোষে লিখিছে,ৰাজকুমাৰী হাক্সৰ বহুত ধুনীয়া আছিল৷বিশেষকৈ চকু কেইটা৷তেতিয়াই বাজপেয়ী আকর্ষিত হল হাক্সৰৰ প্ৰতি৷ৰাজকুমাৰীও প্ৰেমত পৰিল বাজেপয়ীৰ৷
কলেজত প্ৰেমৰ আৰম্ভণী৷কথা ওলাল বিয়াৰ৷কিন্তু ৰাজকুমাৰী হাক্সৰৰ পৰিয়ালে নাকচ কৰিলে বাজপেয়ীক৷বাজপেয়ী তেতিয়া আৰএচএচৰ সক্ৰিয় কর্মী৷ব্যস্ত সংঘৰ কামত৷কণ্যাৰ জীৱন সুখকৰ নহব বুলিয়েই ৰাজকুমাৰীৰ পৰিয়ালে সন্মতি নিদিলে বিবাহত৷অৱশেষত দিল্লীৰ ৰামজাজ কলেজৰ অধ্যাপক ব্ৰাজ নাৰায়ন কৌলৰ লগত বিবাহপাশত আবদ্ধ হল ৰাজকুমাৰী হাক্সৰ৷

প্ৰেমিকা বিয়া হৈ গলেই শেষ হব নেকি ভালপোৱা?অটল বিহাৰী বাজপেয়ী,দ্য মেন ফৰ আল চিজন৷আন এখন জীৱনীত সেই কথা লিখিছে কিংসুখ নাগে৷অটল বিহাৰী বাজপেয়ীয়ে লাইব্ৰেৰীৰ কিতাপৰ মাজতে এখন চিঠিত লিখিলে ৰাজকুমাৰীলৈ৷কিন্তু সেই চিঠিৰ উত্তৰ নাপালে বাজপেয়ীয়ে৷আচলতে উত্তৰ প্ৰদান কৰি চিঠি পঠাইছিল ৰাজকুমাৰীয়ে,কিন্তু সেই চিঠি বাজপেয়ীৰ ওচৰলৈ আহি নাপালে৷
ইয়াৰ পিছত সাংসদ হৈ দিল্লীলৈ আহিল অটল বিহাৰী বাজপেয়ী৷এইবাৰ ৰাজকুমাৰী হাক্সৰক পুনৰ সাক্ষাৎৰ চেষ্টা চলালে বাজপেয়ীয়ে৷তেতিয়াৰ এজন জেষ্ঠ্য চৰকাৰী বিষয়া হৰদীপ পুৰীয়ে পৰামর্শদাতা হিচাপে বাজপেয়ীৰ প্ৰথমবাৰলৈ এটা সাক্ষাৎৰ ব্যবস্থা কৰিলে অধ্যাপক ব্ৰাজ নাৰায়ন কৌলৰ বাসগৃহত৷ইয়াৰ পিছৰে পৰা নাৰায়ন কৌলৰ পৰিয়ালৰ লগত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠে বাজপেয়ীৰ৷
এটা সাক্ষাৎকাৰত ৰাজকুমাৰী কৌলে স্বীকাৰ কৰে,যে বাজপেয়ীৰ লগত তেখেতৰ এটা গভীৰ সম্পর্ক আছে৷যিটো সম্পর্কৰ কথা খুব মানুহেহে বুজিব পাৰিব৷ৰাজকুমাৰী কৌলে এই কথাও কয়,যে বাজপেয়ী আৰু মই এই সম্পর্কৰ কথা কেতিয়াও মোৰ স্বামীৰ আগত বুজাব লগা হোৱা নাই৷মোৰ স্বামী আৰু মোৰ সৈতে বাজপেয়ীৰ এটা গভীৰ আৰু নিবিড় সম্পর্ক আছে৷
অটল বিহাৰী বাজপেয়ী আৰু ৰাজকুমাৰী কৌলৰ মাজত এনেদৰেই ব্ৰতি থাকে সম্পর্ক৷পৃথিবীৰ বাবেই এই সম্পর্ক আদৰনীয় নাছিল৷কিন্তু সকলোৰে বাবে এইয়া আচৰিত আৰু অদ্ভুদ আছিল৷কিন্তু বাস্তবত সেই সম্পর্ক আছিল কলেজত গঢ়ি উঠা বন্ধুত্বৰ এটা দীঘলীয়া আৰু স্বাভাবিক সম্প্ৰসাৰণ৷কিন্তু এই কাহিনী ইমানতেই শেষ হোৱা নাই৷
অটল বিহাৰী বাজপেয়ীয়ে দিল্লীত লাভ কৰিলে এটা ডাঙৰ চৰকাৰী বাসভবন৷বাজপেয়ীৰ জীৱনীত সাগৰিকা ঘোষে লিখিছে,বাজপেয়ীয়ে চৰকাৰী ভবন লাভ কৰাৰ পিছতেই তাতেই স্বামী আৰু কন্যা সন্তানসহ ৰাজকুমাৰী কৌলে থাকিবলৈ ললে৷বাজপেয়ীৰ লগত বাজপেয়ীৰ ঘৰত কৌল পৰিয়ালে থাকিব লোৱা ঘটনাত বাজপেয়ীৰ বহু ঘনিষ্ঠ আচৰিত হৈছিল৷কিন্তু পিছলৈ সকলোয়ে সেইয়া স্বাভাবিকভাবে লবলৈ আৰম্ভ কৰিলে৷বাজপেয়ীৰ ঘনিষ্ঠ বন্ধু আপ্পা ঘাতাতে প্ৰায়ে বাজপেয়ীক ডিনাৰৰ বাবে তেখেতৰ ঘৰলৈ আমন্ত্ৰণ জনাইছিল৷তেতিয়া ডিনাৰলৈ বাজপেয়ী অকলে নগৈছিল৷লগত গৈছিল ৰাজকুমাৰী কৌল আৰু ব্ৰাজ নাৰায়ন কৌল৷বাজপেয়ীৰ আন এজন বন্ধু বলবীৰ পুঞ্জৰ উদ্ধৃতি দি সাগৰিকা ঘোষে লিখিছে,যে এগৰাকী শিক্ষক হিচাপে ব্ৰাজ নাৰায়ন কৌলক বহুত সন্মান কৰিছিল বাজপেয়ীয়ে৷ব্ৰাজ নাৰায়ন কৌলেও কেৱল ৰাজকুমাৰী আৰু বাজপেয়ীৰ বন্ধুত্বকেই স্বীকাৰ কৰাই নহয়,বাজপেয়ীক বহুত ভাল পাবলৈও আৰম্ভ কৰিছিল৷ব্ৰাজ নাৰায়ন কৌলে সদায় খবৰ ৰাখিছিল,বাজপেয়ীয়ে আহাৰ খালেনে,তেওৰ আজিৰ ভাষণ কেনে আছিল,ভাষণ শুনি ৰাইজে ভাল পালেনে ইত্যাদি ইত্যাদি৷
কিন্তু ইয়াৰ পিছতেই কাহিনীয়ে ললে অন্য মূৰ৷এটা কথা জনাজাত হৈ পৰিল,যে ১৯৬০ ৰ দশকত ৰাজকুমাৰী কৌলে স্বামীৰ সৈতে ডাইর্ভচ কৰি বাজপেয়ীৰ লগত বিবাহপাশত আবদ্ধ হবলৈ মন মেলিলে৷কিন্তু দল আৰু আৰ এছএচে বাজপেয়ীৰ ৰাজনৈতিক ভবিষ্যতৰ কথা চিন্তা কৰি তাত বাধা দিলে৷বাজপেয়ীয়ে কোনোদিন ৰাজকুমাৰী কৌলক বিয়া নাপাতিলে৷কিন্তু নিজৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ হৈ ৰল ৰাজকুমাৰী৷বাজপেয়ীয়ে কয়,মই অবিবাহিত,কিন্তু ব্ৰহ্মচাৰী নহয়৷বাজপেয়ীৰ আন এখন জীৱনী হাৰ নাহি মানোংগাত বিজয় ত্ৰিবেদীয়ে লিখিছে,ৰাজনৈতিক ক্ষেত্ৰৰ এই অলিখিত প্ৰেম কাহিনী প্ৰায় ৫০ বছৰ ধৰি অব্যাহত থাকিল,যিটো গোপনীয় নাছিল৷কিন্তু এই সম্পর্কই কোনো দিনেই এটা নাম নাপালে৷বাজপেয়ী আৰু ৰাজকুমাৰীৰ এই সম্পর্কক লৈ গুলজাৰে গাইছিল,লেট লভ বি লভ,ড’ন্ট গিভ এনি নেম৷
সাগৰিকা ঘোষে বাজপেয়ীৰ জীৱনীত লিখিছে,বাজপেয়ী কেতিয়াও কোনো ধর্মী অনুষ্ঠান বা মঠ মন্দিৰলৈ যোৱা নাছিল৷দৈনিক ৰুটিনত কোনো পুজা অর্চনাৰো স্থান নাছিল৷তেখেতৰ গাড়ীৰ চালক মুজিব আছিল মুছলামন৷বাজপেয়ীয়ে মানুহক ভাল পাইছিল,মানুহক অন্তৰত ঠাই দিছিল৷কিন্তু তাৰ মাজত ৰাজকুমাৰী কৌলৰ স্থান আছিল অন্যন্য৷এবাৰ বিশিষ্ট সাংবাদিক কৰণ থাপাৰে বাজপেয়ীৰ লগত এটা সাক্ষাৎকাৰ আয়োজন চেষ্ট চলালে৷কিন্তু বিফল হল৷ইয়াৰ পিছত কৰন থাপাৰে যোগাযোগ কৰিলে ৰাজকুমাৰী কৌলক৷ৰাজকুমাৰীৰ প্ৰচেষ্টাত কৰণ থাপাৰে সাক্ষাৎ লাভ কৰিলে বাজপেয়ীৰ৷সাক্ষাৎকাৰত বাজপেয়ীৰ প্ৰথমটো বাক্য আছিল-aapne toh high command, how can I refuse you.”
২০১৪ চনত ৮৬ বছৰ বয়সত ৰাজকুমাৰী কৌলৰ মৃত্যু হয়৷চৰকাৰী প্ৰেছ বার্তাৰ তেতিয়া ৰাজকুমাৰী কৌলক বাজপেয়ীৰ পৰিয়ালৰ সদস্য বুলি উল্লেখ কৰা হৈছিল৷মৃত্যুৰ বাতৰি পাইয়ে ৰাজকুমাৰী কৌলৰ বাসগৃহত উপস্থিত হয় ছোনীয়া গান্ধী,এল কে আদৱানী,অমিত শ্বাহ,সুষমা স্বৰাজ অৰুণ জেটলীকে আদি কৰি বহু নেতা৷সিদিনা ৰাজকুমাৰী কৌলৰ সন্মুখত উপস্থিত নাছিল মাত্ৰ এজন ব্যক্তি৷তেখেত হল অটল বিহাৰী বাজপেয়ী৷২০০৯ চনৰ পৰা গুৰুত্বৰ ভাবে অসুস্থ হৈ থকা বাজপেয়ী উপস্থিত থাকিব পৰা নাছিল ৰাজকুমাৰীৰ অন্তিম সৎকাৰত৷ৰাজকুমাৰী কৌলৰ মৃত্যুৰ পিছতেই চিৰজীৱনৰ বাবে অন্ত পৰিল ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰৰ সকলোতকৈ মহান প্ৰেম কাহিনীটোৰ৷এই কাহিনী অলিখিত,এই সম্পর্ক নামবিহীন৷অথচ ই যুগমীয়া হৈ ৰ’ব৷

Comments (0)
Add Comment