বিকশিত ভাৰতত ব্যৰ্থতাৰ উদাহৰণ 

দেশজুৰি আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা । গাঁৱে গাঁৱে , পঞ্চায়তে পঞ্চায়তে চলিছে মোদী চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা । কোৱা হৈছে ১৪০ কোটি ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাবলৈ চলিছে এই যাত্ৰা । কিন্তু এই প্ৰতিবেদনত আমি দেখুৱাবলৈ লৈছো মোদী চৰকাৰৰ বিশেষ কেইখনমান আঁচনি ।যি কেইখন আঁচনি ব্যাপক হৰ্ষোল্লাসৰ মাজেৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই আঁচনিকেইখন আৰম্ভ কৰাৰ সময়ত সংবাদ মাধ্যমৰো উৎসাহৰ অন্ত নাছিল ৷ কিন্তু মোদী চৰকাৰে দহ বছৰ সম্পূৰ্ণ কৰাৰ মুহূৰ্তত এই ব্যৰ্থ আঁচনিকেইখনৰ খতিয়ান দাঙি ধৰিছে জ্যেষ্ঠ সাংবাদিক পি ৰামনে ।দ্য ৱায়াৰত প্ৰকাশিত পি ৰামনৰ প্ৰতিবেদনত প্ৰথমতে উল্লেখ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ এখন বহুল চৰ্চিত আঁচনিৰ বিষয়ে। 

 

নমামী গংগে

গংগা পৰিষ্কাৰ আঁচনিখনৰ নাম সলাই নমামী গংগে আঁচনি ব্যাপক হৰ্ষোল্লাসৰ মাজেৰে আৰম্ভ কৰা হৈছিল ২০১৪ চনৰ মে’ মাহত ।কোৱা হৈছিল যে এই আঁচনিখন তেওঁৰ জীৱনৰ এটা সপোন ।কিন্তু ২০২১ চনৰ এক প্ৰতিবেদন অনুসৰি , সেই পৰ্যন্ত ২০ হাজাৰ কোটিৰ এই আঁচনিখনৰ জড়িয়তে মাত্ৰ ২০ শতাংশহে আবৰ্জনা নিষ্কাষণ কৰা হৈছে ৷ এইবাৰ নতুন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ২০২৬ চন । ২০২৬ চন পৰ্যন্ত আৰু ৭ হাজাৰ মিলিয়ন লিটাৰ আবৰ্জনা নিষ্কাষণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মোদী চৰকাৰে । অৰ্থাৎ নমামী গংগেৰ দৰে বহু চৰ্চিত আঁচনিখন ৰূপায়নত মোদী চৰকাৰ বিগত ১০ বছৰত ব্যৰ্থ হোৱাই নহয় , এই আঁচনিখনেই এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ।

 

১০০ খন স্মাৰ্ট চিটী

২০১৫ চনৰ জুন মাহত মোদী চৰকাৰে ঘোষণা কৰিছিল ১০০ খন নতুন স্মাৰ্ট চিটী নিৰ্মাণৰ অভিলাসী আঁচনি ।এই আঁচনিৰ ভিতৰত আছিল গুৱাহাটীও ।বহু দেশী- বিদেশী সংস্থাক দিয়া হৈছিল স্মাৰ্ট চিটী নিৰ্মাণৰ দায়িত্ব । কিন্তু এই আঁচনি ৰূপায়নত মোদী চৰকাৰ কিমান সফল হ’ল সেয়া গুৱাহাটীৰ পানী যোগান , ৰাজহুৱা পৰিবহনলৈ চালেই বুজিব পাৰি ।

 

মুম্বাই – আহমেদাবাদ বুলেট ট্ৰেইন ‘

২০১৪ চনৰ ছেপ্তেম্বৰ মাহত আড়ম্বৰপূৰ্ণভাৱে মোদী চৰকাৰে আৰম্ভ কৰিছিল মুম্বাই – আহমেদাবাদ বুলেট ট্ৰেইন আঁচনি ।সম্পন্ন হৈছিল ভূমি পূজন ৷ ২০২২ চনৰ ১৫ আগষ্টৰ ভিতৰত বুলেট ট্ৰেইন আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু এতিয়া এই আঁচনি সম্পূৰ্ণ হোৱাৰ নতুন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ২০২৭ চন ৷ পাঁচ বছৰ বিলম্ব হোৱাৰ লগে লগে ১ লাখ ৮ হাজাৰ কোটিৰ প্ৰকল্পটোৰ নিৰ্মাণব্যয় বৃদ্ধি পাইছে ২ লাখ কোটিলৈ ।অৰ্থাৎ বুলেট ট্ৰেইন প্ৰকল্পও সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিলে মোদী চৰকাৰে  

 

কৃষকৰ আয় দুগুন

২০১৭ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ৰ ভিতৰত কৃষকৰ আয় দুগুন কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু ৭ বছৰ পাছত তেওঁৰ মুখেৰে এই সন্দৰ্ভত এটাও শব্দ উচ্চাৰণ নহয় ।

 

মহাকাশলৈ ভাৰতীয়ক প্ৰেৰণ

২০২২ চনৰ ভিতৰত মহাকাশলৈ ভাৰতীয়ক প্ৰেৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল মোদী চৰকাৰে । ২০১৮ চনত লালকিল্লাৰ পৰা দিয়া ভাষণত এই কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কিন্তু এই সন্দৰ্ভত এতিয়াও কোনো উদ্যোগেই লোৱা হোৱা নাই ।

 

দীনদয়াল উপাধ্যায় বৈদ্যুতিকৰণ আঁচনি

২০১৮ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিখন গাঁৱৰ বৈদ্যুতীকৰণ হোৱা বুলি ঘোষণা কৰিছিল । কিন্তু ফৰ্বছৰ এক সমীক্ষাত ওলাই পৰে যে ৩১ মিলিয়ন পৰিয়াল এতিয়াও বৈদ্যুতীকৰণৰ পৰা বঞ্চিত হৈ আছে ।  

 

উজালা যোজনা

মোদী চৰকাৰৰ এখন অত্যন্ত সফল আঁচনি হিচাপে উজালা যোজনাৰ প্ৰচাৰ লোৱা হয় । কিন্তু আৰ টি আই তথ্যৰ পৰা ওলাই পৰে যে উজালা যোজনাৰ ৯.৫৮ কোটি হিতাধিকাৰীৰ ভিতৰত ১.৮ কোটিয়ে দ্বিতীয়বাৰ চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই ।১.৫১ কোটি হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে চিলিণ্ডাৰ ৰিফিল কৰিছে ।

 

এই আঁচনিকেইখনৰ বাহিৰেও স্কীল ইন্ডিয়াৰ দৰে আঁচনিয়েও লক্ষ্যপ্ৰাপ্তিত বিফল হৈছে ।যিসময়ত মোদী চৰকাৰে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বিকশিত ভাৰত সংকল্প যাত্ৰা উলিয়াই আছে সেই সময়ত বহু চৰ্চিত এই আঁচনিকেইখন হৈ পৰিছে মোদী চৰকাৰৰ বিফলতাৰ একো একোটা উদাহৰণ ।

Comments (0)
Add Comment