কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে তেওঁৰ চতুৰ্থখন বাজেট।কৃষি, শিক্ষা, স্বাস্থ্য সেৱা, ৰে’লৱে, ডিজিটেল মুদ্ৰা আৰু ডিজিটেল বেংকিং সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।৫ জুলাই, ২০১৯ত প্ৰথম বাজেট উপস্থাপন কৰা নিৰ্মলাই বাজেটত আধিপত্য বিস্তাৰ কৰা ‘চামৰাৰ মোনা’ পৰম্পৰাক অস্বীকাৰ কৰি ব্ৰিফকেছৰ পৰিৱৰ্তে ‘লেজাৰ’ লৈ সংসদলৈ আহিল।2021 চনৰ বাজেটত, তেওঁ এখোজ আগুৱাই গৈ টেবলেটৰ জৰিয়তে প্ৰথম কাগজবিহীন বাজেট উপস্থাপন কৰে।আজিৰ দ্য ক্ৰছ কাৰেন্ট টেকত সংক্ষেপে জানো আহক সাধাৰণ মানুহে কি পালে এই বাজেটৰ পৰা,পূৰ্বৰ বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ ‘ড্ৰীম বাজেট’ আৰু যশৱন্ত সিনহাৰ ‘মিলেনিয়াম বাজেটে কেনেদৰে স্থাপন কৰিলে নিৰ্মলাৰ ‘টেবলেট বাজেট’ৰ ভেটি?
১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত প্ৰথমবাৰৰ বাবে শিৰোনাম দখল কৰা বাজেটখন আছিল পি চিদাম্বৰমৰ ১৯৯৭ চনৰ ‘সপোনৰ বাজেট’। ইয়াক সপোনৰ বাজেট বুলি এইকাৰণেই কোৱা হয় কিয়নো এই বাজেটে এলপিজিৰ (উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন)ক লৈ যি সপোন দেখিছিল সেই সপোনবোৰত এই বাজেট ৰং সানিছিল,অধিক আশা দেখুৱাইছিল।সাধাৰণ জনতা আৰু কোম্পানীৰ ওপৰত কৰৰ বোজা হ্ৰাস কৰিছিল,আয়কৰৰ উৰ্ধসীমা 40 ৰ পৰা 30 শতাংশলৈ হ্ৰাস কৰা হৈছিল।
সপোনৰ বাজেটৰ লাভালাভবোৰ পৰৱৰ্তী সময়ত দেখা গৈছিল।সপোন চাৰি মাহৰ পিছতহে ম্লান হ’বলৈ আৰম্ভ কৰিছিল। জিডিপি বৃদ্ধি, যি 7 শতাংশত উপনীত হৈছিল,সেয়া 4 শতাংশলৈ হ্ৰাস পাইছিল। কিন্তু চিদাম্বৰমক ‘ভাগ্যৱান বিত্ত মন্ত্ৰী’ বুলি কোৱা হয়।কাৰণ এই সংকটৰ এমাহ পূৰ্বে,কংগ্ৰেছে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বাবে ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ পতন ঘটিছিল।
পি চিদাম্বৰম এই অৰ্থত ভাগ্যৱান আছিল যে ১৯৯৬ চনত তেওঁ বিত্ত মন্ত্ৰী হিচাপে লাভ কৰা অৰ্থনৈতিক উত্তৰা ধিকাৰটো পূৰ্বৰ পাঁচ বছৰত মনমোহন সিঙে লালন-পালন কৰিছিল। জিডিপি বৃদ্ধি আছিল ৭ শতাংশ। বিত্তীয় ঘাটি 4.5 শতাংশলৈ হ্ৰাস পাইছিল, যি 1991 চনত 8 শতাংশআছিল।মনমোহন সিঙে নিৰ্মান কৰি থৈ যোৱা খেলপথাৰত চিদাম্বৰমে কেৱল চাৰি আৰু ছয় মাৰিব লগা হৈছিল, যিটো তেওঁ কৰিছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত এছিয়াত যি অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছিল সেই সংকট নতুন চৰকাৰ আৰু নতুন বিত্ত মন্ত্ৰীয়ে বহন কৰিব লগা হৈছিল।আৰু তেওঁ আছিল যশৱন্ত সিনহা।
স্বাধীনতাৰ ৫৩ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে সন্ধিয়া ৫ বজাৰ পৰিৱৰ্তে পুৱা ১১ বজাত ২০০০ চনৰ বাজেট উপস্থাপন কৰা হৈছিল।উল্লেখ্য যে স্বাধীনতাৰ পূৰ্বে ভাৰতত উপস্থাপন কৰিব লগা বাজেটৰ সময় নিৰ্ধাৰণ কৰা আছিল ব্ৰিটিছ সংসদত বাজেট উপস্থাপন কৰা সময়টোৱে।দুয়োখন দেশত একেসময়তে অৰ্থাৎ সন্ধিয়া ৫ বজাত বাজেট উপস্থাপন কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল।কিন্তু স্বাধীনতাৰ পাছতো এই পৰম্পৰা অব্যাহত আছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) চৰকাৰৰ বিত্ত মন্ত্ৰী যশৱন্ত সিনহাই ইয়াক পৰিবৰ্তন কৰিছিল।
সিনহাৰ ২০০০ চনৰ মিলেনিয়াম বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল যে এই বাজেটত তথ্য প্ৰযুক্তি খণ্ডত ব্যাপক পৰিৱৰ্তন সাধন কৰিছিল।
কিন্তু দুবছৰৰ পিছত সিনহাৰ ‘বাজেট-2002’ ইতিহাসত ‘ৰোলবেক বাজেট’ হিচাপে জনাজাত হল।কাৰণ সেৱা কৰ হাৰকে ধৰি বহুতো বস্তুৰ মূল্য যথেষ্ট বৃদ্ধি কৰা হৈছিল। কিন্তু ৰাইজ আৰু বিৰোধীৰ প্ৰবল বিৰোধিতাৰ পিছত শীঘ্ৰেই তাক প্ৰত্যাহাৰ কৰিব লগা হৈছিল।
১৯৮২-৮৩ চনত বাজেট উপস্থাপন কৰা প্ৰণৱ মুখাৰ্জীয়ে ভবা নাছিল যে ২৫ বছৰৰ পিছত তেওঁ পুনৰ একেটা ভূমিকাই পালন কৰিব লাগিব।2009 চনত, তেওঁক মনমোহন সিং নেতৃত্বাধীন ইউপিএ চৰকাৰত বিত্ত মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল। এনে পৰিস্থিতিত, তেওঁ দেশৰ একমাত্ৰ বিত্ত মন্ত্ৰী আছিল, যিয়ে 1991 চনৰ অৰ্থনৈতিক সংস্কাৰৰ আগত আৰু পিছত বাজেট উপস্থাপন কৰিছিল।
যদিও যশৱন্ত সিনহাৰ নামও এই তালিকাত অন্তৰ্ভুক্ত হব পাৰে,তেওঁ চন্দ্ৰশেখৰ চৰকাৰত অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিছিল,সম্পূৰ্ণ বাজেট নহয়।
প্ৰণৱ মুখাৰ্জীক এই কথাৰ কৃতিত্ব দিয়া হয় যে তেওঁ ২০০৮ চনৰ বিশ্বব্যাপী অৰ্থনৈতিক সংকটৰ পৰা দেশখনক উদ্ধাৰ কৰিছিল। প্ৰায় ১.৮৬ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজটো ঐতিহাসিক আছিল। সেই সময়ত জিডিপি আছিল ৩.৫ শতাংশ।
২০১৪ চনত শাসনলৈ আহিল মোডী চৰকাৰ।মোডী চৰকাৰৰ বাবে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আৰু জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰাটো আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।ক’লা ধন ঘূৰাই অনা আৰু সকলোৰে একাউণ্টত ১৫-১৫ লাখ টকা দিয়াৰ কথা জুমলা বুলি উৰি গৈছিল।২০১৪ চনৰ জুলাই মাহত বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰথম বাজেট উপস্থাপন কৰা বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে প্ৰথমে নিযুক্তি প্ৰাপ্ত আৰু মধ্যবিত্ত শ্ৰেণীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল।
মুদ্ৰাস্ফীতিত ভুগি থকা লোকসকলক আকৰ্ষিত কৰাৰ বাবে, আয়কৰ ৰেহাইৰ সীমা 2 লাখৰ পৰা 2.5 লাখলৈ বৃদ্ধি কৰা হৈছিল।গৃহ ঋণৰ সূতৰ ওপৰত কৰ্তনৰ সীমা ১.৫ লাখৰ পৰা ২ লাখলৈ বৃদ্ধি কৰা হৈছিল।
মোডী চৰকাৰে ২০১৭-১৮ বৰ্ষলৈ বিত্তীয় ঘাটি ৩.৫ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।
1 জুলাই, 2017-ৰ পৰা কাৰ্যকৰী হোৱা দেশৰ সৰ্ববৃহৎ কৰ সংস্কাৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জিএছটিয়ে 17 প্ৰকাৰৰ পৰোক্ষ কৰ অন্তৰ্ভুক্ত কৰে। জিএছটিৰ হাৰ ঠিক কৰাৰ কৰ্তৃত্ব জিএছটি পৰিষদলৈ হাতলৈ যায়। এনে পৰিস্থিতিত, সাধাৰণ বাজেটৰ পৰা ‘কি সস্তা- কি ব্যয়বহুল’ তাৰ সংজ্ঞা প্ৰায় নাইকিয়া হৈ পৰিল।
কিন্তু বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ঠিক পিছতে অসংগঠিত আৰু অনানুষ্ঠানিক খণ্ডৰ দুৰ্দশাই অৰ্থনীতিক জোকাৰি যায়।লগতে জোকাৰি গল অৰুণ জেটলীৰ প্ৰতিচ্ছবিও। বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে মুকলিকৈ মোডী আৰু জেটলীৰ অৰ্থনৈতিক নীতিক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনেও জেটলীৰ কেইবাটাও সিদ্ধান্ত আৰু নীতিক তীব্ৰ সমালোচনা কৰে।
২০১৯ চনত দ্বিতীয় বাৰলৈ ক্ষমতাত অধিষ্ঠিত হয় নৰেন্দ্রমোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ।অৰুণ জেটলীৰ ঠাইত বিত্ত মন্ত্ৰীৰ দায়িত্ব দিয়া হল নিৰ্মলা সীতাৰমণক।সংসদত সীতাৰমনৰ প্ৰৱেশ ঘটিল ব্ৰিফকেছৰ পৰা বুককিপিং আৰু টেবলেট বাজেটৰ সৈতে।নিৰ্মলা সীতাৰমন দেশৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী। ৫ জুলাই, ২০১৯ত প্ৰথম বাজেট উপস্থাপন কৰা নিৰ্মলাই বাজেটত আধিপত্য বিস্তাৰ কৰা ‘চামৰাৰ মোনা’ পৰম্পৰাক অস্বীকাৰ কৰি ব্ৰিফকেছৰ পৰিৱৰ্তে ‘লেজাৰ’ লৈ সংসদলৈ আহিল।2021 চনৰ বাজেটত, তেওঁ এখোজ আগুৱাই গৈ টেবলেটৰ জৰিয়তে প্ৰথম কাগজবিহীন বাজেট উপস্থাপন কৰে।
এই সময়খিনিত দেশৰ জি ডি পি হ্ৰাস,কৰোনা মহামাৰীৰ ফলত 1.2 কোটি লোকৰ জীৱিকা ধ্বংস আদি নিৰ্মলা সীতাৰমনৰ বাবে প্ৰবল প্ৰত্যাহ্বান হৈ পৰে।
এই প্ৰত্যাহ্বানৰ মাজতেই নিৰ্মলা সীতাৰমনে আজি চতুৰ্থ খন বাজেট দাখিল কৰে।এই বাজেটৰ পৰা কি পালে সাধাৰণ মানুহে?
চৰকাৰী কৰ্মচাৰী কি পালে এই বাজেটৰ পৰা?
নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাজেটত সৰ্বাধিক আশা থাকে Income tex ক লৈ। যোৱা আঠ বছৰ ধৰি আয়কৰ ৰেহাই দাবী কৰি আহিছে কৰ্মচাৰী সকলে।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এইবাৰো তেওঁৰ বাজেট ভাষণত আয়কৰ ৰেহাইৰ বিষয়ে কোনো ঘোষণা নকৰিলে। বেতনভোগী শ্ৰেণীৰ বাবে এইটো আটাইতকৈ ডাঙৰ বেয়া খবৰ।
কৃষকসকলে কি পালে বাজেটৰ পৰা?
সাধাৰণ বাজেট 2022-ত, চৰকাৰে কৃষকসকলৰ বাবে কেইবাটাও ঘোষণা কৰিছে। ২০২৩ বৰ্ষটোক মোটা খাদ্যশস্যৰ বছৰ হিচাপে ঘোষণা কৰা হৈছে। 2021-22 বৰ্ষত, 1.63 লাখ কৃষকৰ পৰা 12.08 লাখ মেট্ৰিক টন ঘেঁহু আৰু ধান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে এমএচপি মূল্যৰ ৰেকৰ্ড পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিও দিছে। চৰকাৰে কৈছে যে এমএছপি মূল্যৰ ২.৩৭ লাখ কোটি টকা কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ পৰিশোধ কৰা হ’ব।কেন-বেটৱা প্ৰকল্পৰ বাবে ৪৪,৬০৫ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। ই ৯ লাখ হেক্টৰতকৈও অধিক ভূমিত জলসিঞ্চনৰ পানী প্ৰদান কৰিব।
শিক্ষাৰ্থীসকলে কি পালে?
সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ চকুও এই সাধাৰণ বাজেটৰ ওপৰত আছিল। বিত্ত মন্ত্ৰীয়ে শিক্ষা খণ্ড সন্দৰ্ভতো কিছু ঘোষণা কৰিছে। তেওঁ কয় যে কৰোনাৰ সময়ত চৰকাৰে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা শিশুসকলৰ সমস্যা আৰু প্ৰয়োজনীয়তা বুজি পায়। সেয়েহে, প্ৰধানমন্ত্ৰী ই-বিদ্যা যোজনাৰ অধীনত ইতিমধ্যে চলি থকা ‘এক শ্ৰেণী, এক টিভি চেনেল’ কাৰ্যসূচী অধিক সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
এতিয়া, এই আঁচনিত চেনেলৰ সংখ্যা 200 লৈ বৃদ্ধি কৰা হ’ব, যাতে দেশৰ শিক্ষাৰ্থীসকলেও তেওঁলোকৰ পৰিপূৰক শিক্ষা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও, এখন বিশ্বমানৰ ডিজিটেল বিশ্ববিদ্যালয় গঢ়ি তোলা, শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীক টিভি প্ৰদান কৰা আৰু দক্ষতা ভাৰত অভিযানৰ জৰিয়তে যুৱ শক্তি দক্ষ শ্ৰমিক বনোৱাৰ ক্ষেত্ৰতো কাম কৰা হ’ব।
স্বাস্থ্য সম্পৰ্কীয় কি ঘোষণা আছে বাজেটত?
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে স্বাস্থ্য খণ্ড সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পৰিৱেশ ব্যৱস্থা সৃষ্টিৰ কথা ঘোষণা কৰিছে। ই ডিজিটেল উপায়েৰে স্বাস্থ্যসেৱা লোকসকলক সহজে স্বাস্থ্য সুবিধা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিব। কৰোনা মহামাৰীয়ে সকলো বয়সৰ লোকৰ মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰিছে।
উন্নত মানসিক স্বাস্থ্য পৰামৰ্শ আৰু যত্ন প্ৰদান কৰাৰ বাবে ‘ৰাষ্ট্ৰীয় টেলি-মানসিক স্বাস্থ্য কাৰ্যসূচী’ আৰম্ভ কৰা হ’ব। ইয়াৰ অধীনত দেশত 23 টা টেলি-মেন্টাল স্বাস্থ্য কেন্দ্ৰ আৰম্ভ কৰা হ’ব। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান ইয়াৰ নোডেল কেন্দ্ৰ হ’ব আৰু আইআইটি বাংগালোৰে ইয়াৰ বাবে কাৰিকৰী সমৰ্থন প্ৰদান কৰিব।
গাঁৱে গাঁৱে উপলব্ধ হ’ব 5G
এই বাজেটত 5G প্ৰযুক্তিৰ বিষয়েও উল্লেখ কৰা হৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে 5G স্পেকট্ৰাম ২০২২ চনত নিলাম কৰা হ’ব। 2022 চনত 5জি-ৰ স্পেকট্ৰাম নিলামৰ সৈতে, ইয়াৰ সেৱা 2022-23 বিত্তীয় বৰ্ষত মুকলি কৰা হ’ব। তেওঁ লগতে কয় যে পি মডেলৰ অধীনত গাওঁ আৰু দূৰৱৰ্তী অঞ্চলত ফাইবাৰ অপটিক্সৰ জৰিয়তে ইণ্টাৰনেট প্ৰদান কৰা হ’ব যাতে সকলোৱে উন্নত সংযোগ লাভ কৰিব পাৰে।
400 খন নতুন বন্দে ভাৰত ট্ৰেইন।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতীয় ৰেলৰ বাবেও কেইবাটাও ঘোষণা কৰিছে।তেওঁ কয় যে অহা তিনি বছৰত ৪০০ খন নতুন বন্দে ভাৰত ৰে’ল আৰম্ভ কৰা হ’ব। এইবোৰত যাতায়ত কৰা সহজ হ’ব। যাত্ৰীসকলৰ বাবে আসন বৃদ্ধি হ’ব। বাজেটত কৰা ঘোষণা অনুসৰি, ‘এক উৎপাদন এক ৰেল ষ্টেচন’ আঁচনি আৰম্ভ কৰা হ’ব।প্ৰতিটো ষ্টেচনৰ নিজা নতুন পৰিচয় থাকিব।
কিন্তু এই বাজেট কেৱল ঘোষণাতেই আবদ্ধ থাকিব নে বাস্তৱ ৰূপায়ন হব সেয়া অনাগত দিনতহে গম পোৱা যাব।কিয়নো ইয়াৰ পূৰ্বেও বহু চমক লগা ঘোষণা কৰিও বাস্তৱ ৰূপায়নত সফল নহল মোডী চৰকাৰ।
পূৰ্বতে বিত্ত মন্ত্ৰী সীতাৰমনে ঘোষণা কৰিছিল যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৮০ লাখ ঘৰ নিৰ্মাণ কৰা হ’ব। তেওঁলোকৰ বাবে ৪৮,০০০ কোটি টকাৰ পুঁজি আৱণ্টন কৰা হৈছে। সকলো পৰিয়ালক বিশুদ্ধ খোৱা পানী প্ৰদান কৰাৰ বাবে ‘টেপ-জল যোজনা’ৰ বাবে 60,000 কোটি টকা আৱণ্টন কৰা হৈছে।
নিম্ন আয়ৰ লোকসকলক আৱাস প্ৰদান কৰাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰিছিল। ইয়াৰ বাবে, ২০২২ চনৰ মাৰ্চৰ ভিতৰত ২ কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এই প্ৰতিশ্ৰুতি পালনত হল নৰেন্দ্রমোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ।