যুদ্ধ চলিছে ৷ অবিৰাম যুদ্ধ চলিছে ৷ ভাৰতৰ সৈতে চীনৰ ৷ চীনৰ সৈতে আমেৰিকাৰ ৷ জীৱিকাৰ সৈতে জীৱনৰ ৷ ভাতৰ সৈতে ভোকৰ ৷ যুদ্ধ এক ভীষণ ভাল লগা বিষয় ৷ উৎকন্ঠা আছে , উন্মাদনা আছে ৷ যুদ্ধজয়ে কঢ়িয়াই আনে সীমাহীন মানসিক তৃপ্তি ৷ কিন্তু পৰাজয়ে ? অৱসাদ আৰু গ্লানি বাদ দি কি ৰৈ থাকে একোজন বিফল যোদ্ধাৰ বাবে ৷ আৰু যদি সেয়া এখন দীঘলীয়া যু্দ্ধ হয় ! যুদ্ধৰ যদি কোনো সামৰণি নাথাকে , জীয়াই থকালৈ যুঁজি যোৱাটো যদি যুদ্ধৰ নিয়ম হয় !… ৩০ বছৰ ধৰি তেওঁ যুঁজি আহিছিল তেনে এখন যুঁজ ৷ অকলে ৷ কঠিন মন আৰু কঠোৰ সংকল্পৰে ৷ বিৰতিৰ কথা ভবা নাছিল ৷ যুঁজি যোৱাটোকে জীয়াই থকাৰ নিয়ম বুলি মানি লৈছিল ৷ যুঁজি যুঁজি অৱশেষত আত্মসমৰ্পনৰ কৰুণ সিদ্ধান্ত ল’বলৈ তেওঁ বাধ্য হয় ৷ কাৰণ , যুঁজিবলৈ হ’লে প্ৰতিপক্ষই যুদ্ধৰ নিয়ম মানি চলাটো বাধ্যতামূলক ৷ কিন্তু লাহে লাহে যুদ্ধভূমি তেওঁৰ বাবে হৈ উঠিছিল অ-সহজ , অ-সম ৷যুদ্ধৰ সকলো নিয়ম ঠিক কৰিছিল প্ৰতিপক্ষই ৷ আৰু তেওঁ হৈ পৰিল তাৰ সহজ চিকাৰ ৷
কাৰো বাবেই গুৰুত্বপূৰ্ণ নাছিল নলবাৰীৰ পৰেশ মহন্তই যুঁজি অহা যুঁজখন ৷ এয়া তেওঁৰ একান্তই ব্যক্তিগত যুঁজ আছিল ৷ সেইবাবেই অকলে যুঁজিছিল ৷ কিন্তু তেওঁৰ পৰিয়ালটোৰ বাবে এই যুদ্ধৰ ব্যাপ্তি আছিল অপৰিসীম আৰু পৰেশ মহন্তক তেওঁলোকে দি আহিছিল সেনাপতিৰ মৰ্যদা ৷ কাৰণ যোৱা ৩০ টা বছৰ ধৰি তেওঁ অসীম সাহস আৰু ধৈৰ্য্যৰে অকলে যুঁজি আহিছে এই যুঁজখন ৷ তাৰ পাছতো ভাগৰাৰ নাম লোৱা নাছিল -বিৰতিৰ কথা ভবা নাছিল ৷ বয়স ২৫ ত ওলাই গৈছিল মহানগৰীলৈ- জীৱিকাৰ সন্ধানত ৷ পদপথতে মেলিছিল সৰু এখন দোকান – সাধাৰণ জোতা ছেণ্ডেলৰ ৷ সাধাৰণ যেন লগা মানুহবোৰ তেওঁৰ বাবে আছিল গ্ৰাহকৰূপী ভগৱান ৷ তেনেকৈয়ে পাৰ হৈ যায় পৰেশ মহন্তৰ জীৱনৰ পৰৱৰ্তী ৩০ টা বছৰ ৷ মহানগৰ এখনৰ জন্ম আৰু বিৱৰ্তন নিজ চকুৰে প্ৰত্যক্ষ কৰি যায় ৷ পানীত ডুব যোৱা মহানগৰ , বোমাত কঁপি উঠা মহানগৰ , জাৰত কঁপি উঠা মহানগৰ , জহত গেলি যোৱা মহানগৰ – একোতে বিচলিত হোৱা নাছিল তেওঁ ৷ একানপটীয়াকৈ এজন নিষ্ঠাবান সৈনিকৰ দৰে তেওঁ কেৱল যুঁজি গৈছিল জীৱন আৰু জীৱিকাৰ যুঁজখন ৷ পৰিয়ালটো আছিল দেশৰ দৰে আপোন ৷ তেওঁলোকৰ ভাত – কাপোৰৰ চিন্তা দেশপ্ৰেমৰ দৰেই মনত অটল হৈ ৰৈছিল ৷ …আৰু সেই যুঁজখনত তেওঁ পাত কৰি দিয়ে জীৱনৰ দীঘলীয়া ৩০ টা বছৰ ৷ ১০ হাজাৰতকৈও অধিক দিন ৷
…সিদিনা হঠাৎ পৰেশ মহন্তই শুনিবলৈ পায় দূৰ দেশত কোনো এক অচিন ৰোগ বিয়পাৰ কথা ৷ তাৰ পাছত এফালৰ পৰা বন্ধ হৈ আহে পৃথিৱী ৷ বন্ধ হৈ পৰে মহানগৰীৰ পথ -পদপথ , অলি- গলি , বজাৰ -সমাৰ সকলো ৷ লাহে লাহে খুলিবলৈও লয় ৷ কিন্তু পদপথত পৰেশ মহন্তই জোতা – ছেণ্ডেলৰ দোকান দিয়াৰ অনুমতি নাপায় ৷ নলবাৰীৰ অৰৰাৰ ঘৰত বহি তেওঁ মাথো অপেক্ষা কৰে ভাল দিনৰ বাবে ৷ পৃথিৱী এদিন আৰোগ্য হ’ব আৰু তেওঁৰ বাবে মুকলি হ’ব পদপথৰ সৰু পৃথিৱীখন ৷ বাৰে বাৰে বাতৰি কাকতত তেওঁ চায় – লকডাউন খোলাৰ নিয়মাৱলী ৷ চাওতে চাওতে তেওঁ আৰু বহু কথাই জানিবলৈ পায় ৷ পৰেশ মহন্তই খুব আগ্ৰহেৰে শুনে -লকডাউনত মুকেশ আম্বানিৰ সম্পত্তি ১০ বিলিয়ন ডলাৰ বাঢ়ি যোৱাৰ খবৰ , ফ্ৰান্সৰ পৰা আকাশ কঁপাই ভাৰত আহি পোৱা ৬ খন ৰাফেল বিমানৰ খবৰ…৷ খবৰৰ ভৰত তেওঁ এসময়ত ভাৰাক্ৰান্ত হৈ পৰে ৷ তেওঁ বিচাৰি থকা খবৰটো ৰাফেল অহাৰ পাছতো যেতিয়া নাহিল- মন অৱসাদেৰে ভৰি পৰে ৷ কিছু অসহায় বোধ কৰে ৷ অলপ ভাগৰুৱা অনুভৱ কৰে ৷ আৰু ক্ষন্তেক বিৰতি লোৱাৰ কথা চিন্তা কৰে ৷ ২৯ জুলাইৰ সন্ধিয়া ঘৰৰ পৰা পৰেশ মহন্ত ওলাই আহে – ‘বাটৰ পিনে ফুৰিবলৈ যাওঁ ‘ বুলি ৷তাৰ পাছত ৩১ জুলাইত ‘দৈনিক অসম’ৰ বাঁহজানীৰ সংবাদদাতাই এটা বাতৰি লিখে-
‘লকদাউনত আৰ্থিক সংকটৰ সন্মুখীন হোৱা নলবাৰীৰ বাঁহজানীৰ এগৰাকী ব্যৱসায়ীয়ে ২৯ জুলাইৰ নিশা এটা পৰিত্যক্ত কুঁৱাত জপিয়াই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে বাঁহজানীৰ অন্তৰ্গত পৰেশ মহন্ত(৫৫) ই প্ৰায় ৩০ বছৰ ধৰি গুৱাহাটীৰ পদপথত ছেণ্ডেল – জোতাৰ দোকান দি জীৱন নিৰ্বাহ কৰি আহিছিল ৷লকডাউনৰ বাবে দোকান বন্ধ হৈ পৰাত তেওঁ গুৱাহাটীৰ পৰা আহি নিজ গৃহত থাকিবলৈ লৈছিল ৷২৯ জুলাইত ‘বাটৰ পিনে ফুৰিবলৈ যাও ‘ বুলি কৈ ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে ব্যৱসায়ীজন ৷ ..ওচৰৰে পৰিত্যক্ত পকী কুঁৱা এটাৰ ভিতৰত লোকজন পৰি থকা দেখি হুৱা-দুৱা লাগে ৷ স্থানীয় লোকে ব্যৱসায়ীজনক জীৱন্তে উদ্ধাৰ কৰে যদিও কিছু সময় পাছতে তেওঁৰ মৃত্যু হয় ৷…’
এনেদৰেই ৩০ বছৰীয়া এখন কঠিন যুঁজৰ পাছত পৰেশ মহন্তই সন্তৰ্পনে আত্মসমৰ্পণৰ সিদ্ধান্ত লয় ৷ তেওঁৰ বাবে ক্ৰমাৎ যুঁজখন হৈ পৰিছিল অ-সহজ আৰু অ-সম ৷পৰেশ মহন্তৰ কৰুণ আত্মসমৰ্পণৰ খবৰ প্ৰকাশ পায় ১ আগষ্টত ‘দৈনিক অসম’ৰ সপ্তম পৃষ্ঠাত –“ক্ষুদ্ৰ ব্যৱসায়ীৰ আত্মহত্যা” শিৰোনামেৰে ৷ যিহেতু পৰেশ মহন্তৰ ৩০ বছৰীয়া যুদ্ধখন তেওঁৰ পৰিয়ালৰ বাদে আন কাৰো বাবেই গুৰুত্বপূৰ্ণ নাছিল ,গতিকে তেওঁৰ আত্মসমৰ্পণৰ খবৰো বহু খবৰৰ ভিৰত হেৰাই যায়…৷
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.