অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷ বিভাগটোৱে যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছিল ৩ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা ৷ কিন্তু উক্ত নিযুক্তি পৰীক্ষাৰ আজিলৈকে ফলাফল নোলাল ৷ নোলোৱাৰ এটা মূল কাৰণেই হ’ল পৰীক্ষা অনুষ্ঠিত কৰা কোম্পেনীটো ৷ জলসিঞ্চন বিভাগৰ মুঠ ৬ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে ঠিকা দিয়া হৈছিল মুম্বাইৰ এপটেক নামৰ কোম্পেনীটোক ৷ কিন্তু এপটেক নিজেই এটা দাগী কোম্পেনী ৷পূৰ্বতে উত্তৰ প্ৰদেশৰ শক্তি বিভাগৰ নিযুক্তি পৰীক্ষাত সংঘটিত বেমেজালিৰ বাবে এপটেকক ব্লেকলিষ্টেড কৰা হৈছিল ৷ কিন্তু এই বিতৰ্কিত কোম্পেনীটোকে অসমত ৰঙা দলিছা পাৰি দিলে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে ৷ তাৰ পাছৰে পৰা অভিযোগৰ পাছত অভিযোগ উঠিবলৈ ধৰিলে ৷ অভিযোগ উঠিল যে বিভাগটোত নিযুক্তিৰ নামত আচলতে এপটেকৰ জৰিয়তে চাকৰিৰ নিলামহে হৈছে ৷ এপটেকৰ বিৰুদ্ধে উঠা অভিযোগ গৈ আদালতৰ মজিয়া পালেগৈ ৷ তাৰ মাজতে ৩ শতাধিক পদৰ নিযুক্তি পৰীক্ষা চৰম বেমেজালিৰ মাজেৰে অনুষ্ঠিত হৈ গ’ল ৷ আন্ত:গাঁথনি নোহোৱা কোম্পেনীটোক ঠিকা দিয়াৰ অভিযোগে নিৱনুৱা সকলৰ মাজত সৃ্ষ্টি কৰিলে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ পৰিণতিত আজিও নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা হোৱা নাই ৷ আন খালী পদসমূহৰ বাবে পৰীক্ষাই অনুষ্ঠিত কৰিব পৰা নাই এপটেকে ৷ বিতৰ্ক চলি থকাৰ মাজতে আদালতৰ মজিয়াত বিষয়টোৱে ল’লে নতুন মোৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে এপটেক নামৰ কোম্পেনীটোৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছিল যে তেওঁলোক আচলতে ব্লেকলিষ্টেড কোম্পেনী হয়নে ? উত্তৰত এপটেকে স্পষ্ট ভাষাৰে উত্তৰ দিলে যে তেওঁলোকক পূৰ্বে ব্লেকলিষ্টেড কৰা হৈছিল ৷ ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত এনে এটা কোম্পেনীক নিযুক্তি পৰীক্ষাৰ দায়িত্ব দিলে জনসাধাৰণে সেয়া কিমানদূৰ বিশ্বাসত ল’ব ,তাক লৈও আশংকা ব্যক্ত কৰে ৷ কিন্তু তাৰ পাছতো জলসিঞ্চন বিভাগৰ অধিবক্তাই আত্মপক্ষৰ সমৰ্থনত ক’ব বিচাৰে যে এপটেক পূৰ্বে ব্লেকলিষ্টেড হোৱাৰ পাছতো আন বহু কেইটা বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল ৷ অহা ১০ আগষ্টত উক্ত গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ৷ এইদৰেই এটা ব্লেকলিষ্টেড কোম্পেনীক নিযুক্তিৰ ঠিকা দি ৰাজ্যৰ লাখ লাখ নিৱনুৱাক আশাহত কৰিছে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ কিন্তু সুকলমে নিযুক্তি প্ৰদানত দেখুওৱা ব্যৰ্থতাই মন্ত্ৰীগৰাকীৰ বাবেও কঢ়িয়াই আনিছে আন এক বেয়া খবৰ ৷ দুৰ্নীতিৰ অভিযোগ উঠা ঘণিষ্ঠ বিষয়াক লাভজনক পদত নিযুক্তি দি ৰখা , জলসিঞ্চন বিভাগৰ আঁচনিৰ নিম্নমানৰ ৰূপায়ন ,তাৰ পাছত নিযুক্তি কেলেংকাৰিৰ অভিযোগে এতিয়া মন্ত্ৰী ভৱেশ কলিতাৰ বাবে এতিয়া বেয়া খবৰ কঢ়িয়াই আনিছে ৷ তেওঁ প্ৰতিদ্বন্দিতা কৰা ৰঙিয়া সমষ্টিত সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভৱেশ কলিতাই প্ৰাৰ্থিত্ব লাভ কৰিবনে নাই সেয়াও এতিয়া অনিশ্চিত হৈ পৰিছে ৷ কাৰণ ,ৰঙিয়াত এইবাৰ চকু দিছে বিজেপিৰ এগৰাকী জেষ্ঠ্য নেতা তথা মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে ৷
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.