ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নাম সলনি কৰাৰ পিছত পুনৰ মোগলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি নেতা শুভেন্দু অধিকাৰী।পশ্চিম বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে কয় ‘ মোগলক পুলিয়ে পোখাই উভালি দলিয়াই পেলোৱা উচিত।’বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কয়” মোগলে বহুত মন্দিৰ ধ্বংস কৰিলে,বহুত হিন্দুক হত্যা কৰিলে।দেশত মোগলৰ নামেৰে পৰিচিত সকলো স্থানেই চিহ্নিত কৰিব লাগে আৰু সেইবোৰৰ পুনৰ নামাকৰণ কৰিব লাগে।বিজেপি পশ্চিম বংগত ক্ষমতালৈ আহিলে আমি সকলো বৃটিছ আৰু মোগল কীৰ্তিচিহ্নৰ নাম সলনি কৰিম।”মোগল গাৰ্ডেন নামটো শ্ৰীনগৰৰ মোগল গাৰ্ডেনৰ পৰা আহিছে।“ ৰাষ্ট্ৰপতি ভৱনত কেইবাখনো বিশাল বাগিচা আছে।ইষ্ট ল’ন,চেন্ট্ৰেল ল’ন,লং গাৰ্ডেন,চাৰ্কুলাৰ গাৰ্ডেন আদি ৰাষ্ট্ৰপতি ভৱনত থকা গাৰ্ডেনৰ নাম।প্ৰয়াত ৰাষ্ট্ৰপতি এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ দিনত আন কেইবাখনো গাৰ্ডেন সুন্দৰভাৱে গঢ়ি তোলা হৈছিল।হাৰ্বেল 1,হাৰ্বেল 2.টেকটাইল গাৰ্ডেন,বনছাই গাৰ্ডেন আৰু আৰোগ্য বনম নামৰ পাঁচখন গাৰ্ডেন পুনৰ সজাইপৰাই তোলা হৈছিল।স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ এই উদ্যানবোৰক এক উমৈহতীয়া নামাকৰণৰ সিন্ধান্ত লোৱা হয় আৰু সেই অনুসৰি এই গাৰ্ডেনবোৰৰ নাম অমৃত উদ্যান ৰখাৰ সিন্ধান্ত লোৱা হয়।
উল্লেখ্য যে বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পৰা বহুবোৰ প্ৰাচীন কীৰ্তিচিহ্নৰ নাম সলনি কৰিছে৷মোগল যুগৰ নাম যেনে ৰাজ পথৰ নাম কৰ্তব্য পথ,ৰে’চ কৰ্চ ৰ’ডৰ নাম লোক কল্যাণ মাৰ্গ,ঔৰংগবাদ ৰ’ডৰ নাম ভাৰত ৰত্ন এপিজে আব্দুল কালাম ৰ’ড,এলাহবাদক প্ৰয়াগৰাজ,মোগল চৰাইক দীনদয়াল উপাধ্যায়,গুৰগাঁৱক গুৰুগ্ৰাম কৰিলে।
তৃণমূল কংগ্ৰেছৰ নেতা তথা সাংসদ ডেৰাক অ’ব্ৰিয়েনে কয় “ কোনে জানে,তেওঁলোকে ইডেন গাৰ্ডেনক মোডী গাৰ্ডেন নামো দিব পাৰে।তেওঁলোকে নাম সলোৱাৰ পৰিবৰ্তে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু এলআইচি,এছবিআইৰ দৰে ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানবোৰ কাৰ্যক্ষম ৰখাত গুৰুত্ব দিয়া উচিত।”