দিল্লীত CDS বিপিন ৰাওটক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

শুক্ৰবাৰে দিল্লীৰ ব্রাৰ স্কুৱেৰ সেনা চাওনিৰ শ্মশানত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ভাৰতৰ চি.ডি.এছ জেনেৰেল বিপিন ৰাওট , তেওঁৰ পত্নী মধুলিকা ৰাউত আৰু নিহত ১১ গৰাকী সেনা বিষয়াক। চি.ডি.এছ বিপিন ৰাওতৰ দুই কন্যা ক্ৰমে কৃতিকা আৰু তাৰিণীয়ে পিতৃ-মাতৃৰ শেষকৃত্য সম্পন্ন কৰে। সেনাৰ নিয়ম অনুসৰি বিপিন ৰাউতক ১৭টা বন্দুকেৰে সামৰিক অভিবাদন জনোৱা হয়। প্ৰয়াত: চি. ডি.এছ বিপিন ৰাওটক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ , উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ , কংগ্ৰেছ সাসংদ ৰাহুল গান্ধী , দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল , উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামি , ডি.এম.কে নেতা এ.ৰাজা আৰু কানিমোঝিৰ লগতে কেইবাগৰাকীও বিশিষ্ট নেতা বিষয়া।
উল্লেখযোগ্য যে যোৱা বুধবাৰে তামিলনাডুৰ ক’ন্নৰত এখন বায়ুসেনাৰ হেলিকপ্টাৰৰ এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছিল। যত উপস্থিত আছিল চিফ অ’ফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাওতৰ লগতে তেওঁৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ৩ গৰাকী সেনা বিষয়াৰ লগতে মুঠ ১৩ গৰাকী আৰোহি। উল্লেখযোগ্য যে বুধবাৰে পুৱা দিল্লীৰ পৰা তামিলনাডু অভিমুখে ৰাওনা হৈছিল MI17V5 নামৰ সেনাৰ হেলিকপ্টাৰ খন।কিন্তু লক্ষ্যস্থানত অৱতৰণ কৰিব নাপাওঁতেই দুর্ঘটনাগ্ৰস্ত হয় হেলিকপ্তৰখন। ইতিমধ্যে এই দুর্ঘটনাত বিপিন ৰাওত আৰু তেওঁৰ পত্নীৰ লগতে মুঠ ১৩ গৰাকী ব্যক্তিৰ মৃত্যু নিশ্চিত বুলি গম পোৱা গৈছে। বাছি গৈছে কেৱল এগৰাকী ব্যক্তি। ব্যক্তিগৰাকীৰ নাম হল গ্ৰুপ কেপ্তেইন বৰুণ সিঙ। বৰুণ সিঙৰ বৰ্তমান অৱস্থা যথেষ্ট সংকট জনক। চিকিৎসকৰ মতে আহি থকা ২৪ ঘণ্টা সিঙৰ বাবে যথেষ্ট প্ৰত্যাহ্বানযুক্ত হব।

Comments (0)
Add Comment