দহটকীয়া সাম্ৰাজ্যৰ ৰাণী

ৰাহুল গৌতম শৰ্মাৰ কলমত-দহটকীয়া সাম্ৰাজ্যৰ ৰাণী

অখিল গগৈ এতিয়া হাস্পতালত। সেইদিনা এম্বুলেঞ্চৰ পৰা অখিল গগৈ নামি আহোঁতে, শেষ বিচাৰত মানুহক মানুহ হিচাপে চাব বিচৰা সকলোৰেই অন্তৰ শোকে খুন্দা মাৰি ধৰিছিল। বিজেপি সদস্যৰো। মুকলিকৈ ক’বলৈ তেওঁলোকৰ অসুবিধা। কিন্তু তেওঁলোকেও ক’ৰবাত আঘাত নোপোৱা নহয়।ভিতৰি ভিতৰি নোকোৱা নহয় – এইটো বেছি হৈ গ’ল!
অখিল গগৈক লৈ বহুতেই বহুত কথা লিখিছে। সেইবোৰ আকৌ এবাৰ লিখাৰ প্ৰয়োজন নাই। মই অখিল গগৈৰ সমৰ্থকো নহয়। অখিল গগৈৰ বিষয়ে আৱেগবিহ্বল ৰচনা লিখি প্ৰগতিশীল মহলৰ খাটাত নম্বৰ গোটোৱাৰো হাৱিয়াস নাই। কিন্তু ফেচবুকত কালি নটিফিকেশ্যন আহিছিল – কালি আছিলগীতাশ্ৰী তামূলীৰ জন্মদিন। গীতাশ্ৰী তামূলী অখিল গগৈৰ পত্নী। জন্মদিনৰ দুদিনৰ আগেয়ে তেখেতৰ স্বামী জৰাজীৰ্ণ অৱস্থাত হাস্পতালত ভৰ্তি হৈছে। তেখেতে প্ৰকাশ কৰাৰ আন একো মাধ্যম বিচাৰি নেপাই ফেচবুকতে লিখিছে – ‘মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব’। গীতাশ্ৰী তামূলীৰ ফেচবুকৰ লিখাবোৰ পঢ়ি মোৰ মনলৈ আন এগৰাকী মানুহৰ কথা আহিছে। তেখেত ৰাণী গোহাঁই। হীৰেন গোহাঁই ছাৰৰ পত্নী। ৰাণী গোহাঁইৰ এখন ৰচনাৰ আধাৰতেই এই চমুটোকাটোৰ অৱতাৰণা।
হীৰেন গোহাঁই এক বিতৰ্কিত সত্তা। বহুতৰে বাবে তেওঁ অসমৰ বিবেক, বহুতৰে বাবে বিপদ। হীৰেন গোহাঁই ছাৰক বিতৰ্কক লৈ ঘূৰ ঘমোৱা দেখা নাই কেতিয়াও। তেওঁ যি ভাবিছে, সেয়া লিখিছে। কোনোবাই তাকে লৈ শ্লীলতাৰ সীমা চেৰাই গৈয়ো গালি পাৰিছে, তেওঁ সেইবোৰক লৈ সময় নষ্ট কৰা নাই। কিন্তু হীৰেন গোহাঁই ছাৰে যেতিয়া গালি খায়, তেতিয়া ৰাণী গোহাঁইৰ কেনে লাগে? কেনেদৰে নিৰন্তৰ সমালোচনা, কটুক্তি, হত্যাৰ ভাবুকিৰ মাজেৰে ৰাণী গোহাঁয়ে চলাই গ’ল তেওঁলোকৰ সামান্য সংসাৰখন?
এই অখিল গগৈৰেই সম্পাদনাত প্ৰকাশ পোৱা ড০ হীৰেন গোহাঁইঃ জীৱন আৰু কৰ্মৰ সমালোচনাত্মক মূল্যায়ন নামৰ কিতাপখনত হয়তো প্ৰথমবাৰৰ বাবে ৰাণী গোহাঁয়ে লিখিছিল তেখেতৰ মনৰ কথা। সাধাৰণতে পত্নীয়ে পতিৰ বিষয়ে লিখা ৰচনা এখন প্ৰেম আৰু দায়িত্বৰ কথাৰেই ভৰি থাকে। কিন্তু ৰাণী গোহাঁয়ে লিখা ৰচনাখনৰ শিৰোনামা আছিল এয়া – অসমৰ ৰাজনীতি আৰু আমাৰ সংসাৰখন। ৰচনাখন আৰম্ভ হৈছে তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী হৈ থকা অৱস্থাত সেইসময়ৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব দণ্ডেশ্বৰ গগৈৰ জড়িয়তে বিয়াৰ প্ৰস্তাৱ অহা দিনটোৰ পৰা। তেখেতক যেতিয়া দণ্ডেশ্বৰ গগৈদেৱে হীৰেন গোহাঁইৰ ইচ্ছাৰ কথা জনাইছিল, তাৰ লগতে কৈছিল – তেওঁৰ এটি ৰাজনৈতিক মতাদৰ্শ আছে, তুমি জানানে? তেখেতে যেতিয়া হীৰেন গোহাঁইৰ সৈতে বিয়াত বহাৰ সন্মতি দিছিল, সেয়া কেৱল সংসাৰ তৰাৰ সন্মতি নাছিল। সেয়া আছিল অনাগত দিনত এজন অঁকৰা মানুহৰ আদৰ্শগত সংগ্ৰামৰ আৰু সিবোৰৰ পাৰ্শ্বক্ৰিয়াৰ সৈতে জীৱনযোৰা সহাৱস্থানৰ কঠোৰ এক সিদ্ধান্ত। ছাৰ ব্যস্ত আছিল লেখা-পঢ়াৰ কামত, সংসাৰৰ জ্ঞান বাইদেউৰো বৰ বিশেষ নাছিল। তেতিয়াৰ দিনত বিশ্ববিদ্যালয়ৰ চাকৰিৰ দৰমহাও কৌতুকৰ লেখীয়া আছিল।
সেই সময়তে অসম আন্দোলন আৰম্ভ হৈছিল। হীৰেন গোহাঁই আছিল আন্দোলনৰ বিৰোধী। পাছলৈ তেওঁ আন্দোলনটোৰ মূল আৱেগটোক স্বীকাৰ কৰিলেও আন্দোলনটোৰ গতিপথ সম্পৰ্কে তেখেতৰ স্থিতি অটল আছিল। অসম আন্দোলন আজিকালি দেখা পোৱা দুদিনীয়া আন্দোলনৰ নিচিনা নাছিল। এই আন্দোলনত সঁচাকৈয়েই অসমৰ প্ৰতিজন সচেতন মানুহ জড়িত হৈ পৰিছিল প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে। বেছিভাগেই আছিল সমৰ্থক। অৱধাৰিতভাৱেই হীৰেন গোহাঁই সেয়েহে ‘জাতিৰ শত্ৰু’ৰূপেই আখ্যায়িত হৈছিল। হীৰেন গোহাঁই এই শত্ৰুতাৰ সমুখীন অকলে হোৱা নাছিল। হীৰেন গোহাঁইৰ লগতে ‘জাতিপ্ৰেমী’ অসমীয়াৰ গুৱালগালিৰ চিকাৰ হৈছিল ৰাণী গোহাঁই আৰু কণমানি কন্যাও। বাইদেৱে পাছত লিখিছে, গালি খোৱাটো হেনো ভাত-মাছ খোৱাৰ লেখীয়া সাধাৰণ কথাই হৈ পৰিছিল। তেওঁলোকৰ সংসাৰখনৰ অসম আন্দোলনৰ দিনৰ স্মৃতি ৰোমন্থন কৰি বাইদেৱে লিখিছে – “অসম আন্দোলনে আমাৰ সংসাৰখনক নানা যন্ত্ৰণাৰ মুখামুখি কৰালে। বিশ্ববিদ্যালয়ৰ বাছত উঠিলে কোনেও নামাতে, বিয়া-বাৰুলৈ গ’লেও নামাতে। সেই সময়ত এনে লাগিছিল যেন আমি এটা অন্ধকাৰ বন্ধ কোঠালিতহে জীৱন নিৰ্বাহ কৰিছোঁ”। অসম আন্দোলনক গোহাঁই ছাৰে যিদৰে বিশ্লেষণ কৰে, আমাৰ সেই দৃষ্টিভংগী নহয়। আমাৰ ঘৰখন আন্দোলনকাৰীৰ ঘৰ – ঘোৰ জাতীয়তাবাদী ঘৰ। কিন্তু ৰাণী গোহাঁইৰ আৱেগক বুজিবলৈ কোনো ৰাজনৈতিক আদৰ্শৰ প্ৰয়োজনেই নাই। তেওঁ কষ্ট পাইছিল, কিন্তু কষ্টক কষ্ট হিচাপে নলৈ উশাহ আৰু নিশাহৰ দৰেই স্বাভাৱিকভাৱে গ্ৰহণ কৰি লৈছিল।
ছাৰৰ আদৰ্শগত যুঁজখত বাইদেউ তেনেদৰেই জড়িত হৈ পৰিছিল। ভয় আৰু শংকাই জীৱনৰ দস্তুৰ হৈ পৰিছিল। পাঁচবছৰীয়া কন্যাও লগৰীয়াৰ লাঞ্ছনাৰ পৰা সাৰি যোৱা নাছিল। বাইদেউক হেনো কৈছিল – ‘মা, আমি ইয়াৰ পৰা ক’ৰবালৈ আঁতৰি যাওগৈ ব’লা’। কিন্তু আঁতৰি যোৱাৰ পৰিৱৰ্তে কন্যাক ইংৰাজী স্কুলৰ পৰা আনি অসমীয়া স্কুলত নাম লগাই দিয়া হৈছিল। সমাজখনৰ আচল ৰূপটো বুজাই দিবলৈ পাই সুখী অনুভৱ কৰিছিল অবিৰাম অত্যাচাৰৰ মাজতো।
কি হোৱা নাই তেওঁলোকৰ সংসাৰখনত! মানুহে সুবিধা লৈছে, ঠগিছে। গালি-গালাজ কৰিছে। মৃত্যুৰ ভাবুকিও আহিছে। আন্দোলনৰ দিনত চেঙেলীয়া ল’ৰাই মূৰ ফাটাই ৰাস্তাত পেলাই থৈ গৈছে ছাৰক। তথাপি বাইদেউ হাৰ মানি যোৱা নাই। জীৱনৰ বিয়লি বেলা বাইদেৱে মনত পেলাইছে সেই দিনবোৰৰ কথা। অকলশৰীয়া মুহূৰ্তবোৰত শংকিত হৈ পৰা সময়বোৰৰ কথা। মানুহজন হীৰেন গোহাঁই নে কোন সেইটো ডাঙৰ কথা নহয় – কিন্তু মানুহজন ঘৰৰ বাহিৰলৈ গ’লেই দুঃচিন্তাত ভাৰাক্ৰান্ত হৈ পৰা এগৰাকী অকলশৰীয়া পত্নীৰ জীয়া কাহিনীলিখিছে বাইদেৱে। তথাপি তেনেদৰেই চলি গৈছে হীৰেন গোহাঁই আৰু ৰাণী গোহাঁইৰ সংসাৰখন। বাইদেৱে লিখিছে – “সংসাৰৰ সেন্দূৰীয়া আলি কাক কয় আমি ভালদৰে উপভোগ কৰিবলৈ সুযোগ নাপালোঁ। তথাপিও সময়ে সময়ে অহা ভয়, শংকা আৰু মৃত্যুৰ ভাবুকি নেওচি আমি এই সংসাৰৰ মাজেৰে বাট বুলি আছোঁ। কেতিয়াবা এনেকুৱাও হৈছে, হাতত মাত্ৰ দহ টকা দি কৈ যায়, ঘৰখন চাবা। তথাপি আমি চলি আছোঁ এনেদৰে”।
দহ টকা মাত্ৰ হাতত লৈয়ো ৰাণী গোহাঁইৰ আত্মবিশ্বাস দমি যোৱা নাছিল। তেখেত সঁচাকৈয়ে যেন কোনো সাম্ৰাজ্যৰ ৰাণী। আদৰ্শ, সংগ্ৰাম, সংঘাত আৰু দৃঢ়তাৰ দহটকীয়া সাম্ৰাজ্যৰ ৰাণী। ৰাণী গোহাঁইৰ সেই লেখা প্ৰকাশ কৰা সেই অখিল গগৈৰ পত্নী গীতাশ্ৰী তামূলীৰ আজি জন্মদিন। লাঞ্ছনাৰ দলদলৰ পৰা যিদৰে গোহাঁই ছাৰ উভতি আহে বাৰে বাৰে, যিদৰে ছাৰক উভতাই আনে ৰাণী গোহাঁই নামৰ এই প্ৰচণ্ড ধৈৰ্যশীলা মহিলাগৰাকীয়ে – তেনেদৰে এই জীৰ্ণতাৰ কাৰাগাৰৰ পৰা এদিন অখিল গগৈক আকৌ এবাৰ মোকলাই আনিব গীতাশ্ৰী তামূলীয়ে। গোহাঁই ছাৰ বা অখিল গগৈৰ আদৰ্শৰ সৈতে আমাৰ বিস্তৰ প্ৰভেদ। আক্ষৰিক অৰ্থতেই অখিল গগৈৰ লগত আমাৰ ‘সমস্যা’ আছে। গোহাঁই ছাৰৰ এটা মন্তব্যক লৈ মাথোঁ দিনছেৰেকৰ আগেয়ে প্ৰকাশ কৰিছোঁ বিষোদগাৰ।কিন্তু ৰাণী গোহাঁই আৰু গীতাশ্ৰী তামূলীয়ে আমাক বাৰে বাৰে শিকায় –আদৰ্শবান সাৰথি অবিহনে যিকোনো আদৰ্শ প্ৰতিষ্ঠাৰ যিকোনো সংগ্ৰামেই আধৰুৱা। দুয়োগৰাকীলৈ আমাৰ চালাম।

indiathecrosscurrentsliderthecrosscurrent
Comments (0)
Add Comment