তালিবানৰ লগত কোনকেইখন দেশ ?

আমেৰিকা সমৰ্থিত আফগান চৰকাৰৰ পতনৰ পাছত আফগানিস্তান এতিয়া তালিবানৰ দখলত ৷ তাৰ পাছতে বহু দেশে ইতিমধ্যে কাবুলত থকা নিজ নিজ দেশৰ দূতাবাস খালী কৰি তাত কৰ্মৰত লোকসকলক দেশলৈ ওভতাই নিছে ৷ কাবুলৰ লগত সম্পৰ্ক ত্যাগ কৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা , ব্ৰিটেইন , দক্ষিণ কোৰিয়া , অষ্ট্ৰেলিয়া , ভাৰত আদি ৷ তাৰ মাজত বহু দেশ মুকলিলৈ থিয় হৈছে তালিবানৰ লগত ৷
তালিবানক সমৰ্থন কৰা দেশসমূহৰ ভিতৰত প্ৰথমতে আছে চীন ৷আশ্ৰফ ঘানি চৰকাৰৰ পতনৰ পাছত চীনে আফগানিস্তানৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াৰ প্ৰস্তাৱ দিছে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ হুৱা চুনয়িঙেএক প্ৰেছ বাৰ্তাত কৈছে যে আফগানিস্তানৰ নাগৰিকসকলে নিজৰ ভাগ্য নিজেই নিৰ্ধাৰণ কৰক ৷ চীনে আফগানিস্তানৰ লগত বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক বিকশিত কৰিবলৈ আগ্ৰহী ৷কাবুল দখল কৰাৰ পূৰ্বে তালিবানৰ এটা দল চীনলৈ গৈ বিদেশ মন্ত্ৰী বাংগ য়িৰ লগত আলোচনাত মিলিত হৈছিল ৷এই সাক্ষাতত চীনে তালিবানক সন্ত্ৰাসবাদী সংগঠনৰ লগত সম্পৰ্ক ছেদ কৰিবলৈ কৈছে ৷আল কায়দাৰ লগতে ই টি আই এমৰ লগত সম্পৰ্ক নাৰাখিবলৈ তালিবানক চীনৰ তৰফৰ পৰা কোৱা হৈছে ৷ কিয়নো ই টি আই এমে চীনৰ শ্বিনজিয়াঙ প্ৰদেশত স্বাধীনতা বিচাৰি যুঁজ চলাই আছে ৷ এনেধৰণৰ সংগঠনৰ লগত সম্পৰ্ক নাৰাখিলে তালিবান চৰকাৰক সহযোগিতাৰ আশ্বাস দিছে চীনে ৷
চীনৰ পাছতেই তালিবানৰ সমৰ্থনত থিয় হোৱা দ্বিতীয়খন দেশ হৈছে ইৰান ৷ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছীয়ে তালিবানৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি কৈছে যে আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনা প্ৰত্যাহাৰৰ ঘটনাক শান্তি আৰু সুৰক্ষাৰ দিশত এখোজ হিচাপে গণ্য কৰা উচিত ৷ আফগানিস্তানত সুস্থিৰতা ঘূৰাই অনাৰ বাবে আফগানিস্তানক ইৰানে সহায় কৰিব ৷ৰইছীয়ে লগতে কয় যে প্ৰতিবেশী ৰাষ্ট্ৰ হিচাপে ইৰানে ভাবে যে আফগানিস্তানৰ লোকসকলৰ এইটোৱে ইচ্ছা আছিল যে তাত সুৰক্ষা আৰু সুস্থিৰতাৰ পৰিৱেশ উভতি আহক ৷ সেইবাবেই আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত ইৰানে অহৰহ নজৰ ৰাখিছে ৷ বিগত জুলাই মাহত ইৰানে আফগান চৰকাৰ আৰু স্থানীয় তালিবান নেতাৰ মাজত মধ্যস্থতাও কৰিছিল ৷
তালিবানৰ বিজয়ত আটাইতকৈ সুখী দেশখনেই হৈছে পাকিস্তান ৷ পাকিস্তানে তালিবানক যুদ্ধত বিজয়ী হোৱা বাবে অভিনন্দনো জনাইছে ৷দেশখনৰ বহু ঠাইত মিঠাই বিতৰণো কৰা দেখা গৈছিল ৷পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৈছে যে আফগানিস্তানৰ লোকসকলে পৰাধীনতাৰ শিকলি চিঙি দিছে ৷ যেতিয়া আপুনি আনৰ সংস্কৃতি স্বীকাৰ কৰি লয় , মানসিকভাৱেও আপুনি গোলাম হৈ পৰে ৷সাংস্কৃতিক গোলামিৰ শিকলি চিঙাটো সহজ কথা নহয় ৷ আফগানিস্তানত শেহতীয়াকৈ যি ঘটনা ঘটিল , সেয়া গোলামিৰ শিকলি চিঙাৰ দৰেই ৷পাকিস্তান তালিবানৰ মুকলি সমৰ্থক ৷ তালিবানৰ বিজয়ক পাকিস্তানে নিজৰ বিজয়ৰ দৰেই সমৰ্থন কৰিছে ৷
তালিবানৰ সমৰ্থনত থিয় হোৱা আটাইতকৈ আশ্চৰ্যজনক দেশখন হৈছে ৰাছিয়া ৷ ৰাছিয়াই কাবুলত তালিবানৰ শাসনক পূৰ্বৰ চৰকাৰৰ তুলনাত ভাল বুলি অভিহিত কৰিছে ৷ ৰাছিয়াৰ আফগানস্থিত ৰাষ্ট্ৰদূত দিমিত্ৰী জিৰনোবে তালিবানৰ প্ৰশংসা কৰি কৈছে যে কাবুলৰ পাৰিস্থিতি বৰ্তমান শান্ত ৷ সকলো সঠিকভাৱে পৰিচালিত হৈছে ৷ দিমিত্ৰীয়ে লগতে এইবুলিও কৈছে যে ঘানিৰ শাসনকালত আফগানিস্তান তাচপাতৰ দৰে ভাঙি পৰিছে ৷অৰাজকতাই চৰম পৰ্যায় পাইছিল ৷সাধাৰণ নাগৰিকে সকলো আশাই এৰি দিছিল ৷ কিন্তু যোৱা ২৪ ঘন্টাৰ তালিবানৰ শাসনৰ পৰা আশা কৰিব পাৰি যে আহিবলগীয়া দিনবোৰত সকলো সঠিকভাৱেই পৰিচালিত হ’ব ৷শেহতীয়াকৈ ৰাছিয়াৰ লগত তালিবানৰ কেবালানি আলোচনা অনুষ্ঠিত হৈ গৈছে ৷ তাৰ পাছতে তালিবানৰ সমৰ্থনত থিয় হৈছে ৰাছিয়া ৷
আমেৰিকাৰ সৈতে চীন , ৰাছিয়া , পাকিস্তান , ইৰান আদি দেশৰ দীৰ্ঘদিনীয়া সংঘাত চলি আহিছে ৷এতিয়া আমেৰিকাই আফগানিস্তানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰাৰ লগে লগে তাৰ সুযোগ ল’বলৈ তৎপৰ হৈ উঠিছে এই দেশকেইখন৷

americachinakabultalibanthecrosscurrent
Comments (0)
Add Comment