লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ?
ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত বিনিয়োগৰ পিছত মুক্তিৰ বাবে সাজু কৰা বলীউদৰ বহুসংখ্যক ছবি পৰি আছে প্ৰযোজকৰ অফিছত ৷ কেতিয়া খুলিব চিনেমাহ’ল , কেতিয়া মুক্তি দিব পাৰিব চিনেমা তাৰ উত্তৰ এতিয়া কাৰো হাতত নাই ৷ তাৰ মাজতেই একাংশ প্ৰযোজকে কৰিছে নতুন চিন্তাচৰ্চা ৷ নিজৰ চিনেমাসমূহ মুক্তি দিবলৈ ওলাইছে ডিজিটেল প্লেটফৰ্মত৷ এটাই আশা লকডাউনৰ পৰিৱেশত গৃহবন্দী জনতাই মোবাইলত চিনেমা চাই সকাহ দিব প্ৰযোজকক ! সেয়ে বহুকেইখন চিনেমাৰ প্ৰয়োজকে বাছি লৈছে ডিজিটেল প্লেটফৰ্ম ৷ এতিয়া আপুনিও চাব পাৰিব বহুকেইখন নতুন ছিনেমা আপোনাৰ মোবাইলতেই ৷
এতিয়া চাওঁ আহক কাৰ কোনখন নতুন চিনেমা চাব পাৰিব ক’ত ?
লক্ষ্মী বোম্বঃ
এখন দক্ষিণ ভাৰতীয় চিনেমাৰ ৰিমেক ৷অভিনয়ত আছে অক্ষয় কুমাৰ আৰু কাইৰা আদৱানি ৷
কমেডী আৰু হৰৰ দুইধৰণৰ ৰসেই পাব আপুনি এইখন চিনেমাৰ পৰা ৷ শেহতীয়াকৈ প্ৰকাশিত হোৱাৰ লগে লগে জনপ্ৰিয় হৈছে ছিনেমাখনৰ পোষ্টাৰ ৷
এইখন ছিনেমাৰ সম্ভাব্য ডিজিটেল প্লেটফৰ্মঃ হটষ্টাৰ ৷গুলাবো চিতাবোঃ
এইখন নতুন চিনেমা সাধাৰণ জনতাৰ জীৱনৰ ওপৰত আধাৰিত ৷ পৰিচালক সুজিত সৰকাৰ ৷ চিনেমাৰ স্ক্ৰিপ্ট জুহী চতুৰ্বেদীৰ ৷
অভিনেতা অমিতাভ বচ্চন আৰু আয়ুস্মান খুৰানা ৷চিনেমাখন চাব পাৰিব প্ৰাইম ভিডিঅ’ত ১২ জুনত ৷ গুঞ্জন চাক্চেনাঃ
এইখন নতুন চিনেমা গুঞ্জন ছাক্ছেণাৰ ওপৰত আধাৰিত বায়োপিক ৷ মূল ভূমিকাত আছে জাহ্নৱী কাপুৰ ৷ ভাৰতৰ প্ৰথম তিনিগৰাকী মহিলা বৈমানিকৰ এগৰাকী গুঞ্জনৰ কাহিনীয়ে আকৰ্ষণ কৰি আহিছে বহুতকে ৷এইখন চিনেমাৰ বাবে সম্ভাব্য ডিজিটেল প্লেটফৰ্মঃ নেটফ্লিক্স ৷
এইকেইদিনতেই ডিজিটেল মাধ্যমঃ প্ৰাইম ভিডিওত মুক্তিলাভ কৰাৰ সম্ভাৱণা আছে বিদ্যা বালান অভিনীত শকুন্তলা দেৱী চিনেমাখনে ৷ বিদ্যা বালান অভিনীত এই ছৱিখন ভাৰতৰ এগৰাকী কম্পিউটাৰ ওমেনৰ ওপৰত আধাৰিত ৷
এইকেইদিনতেই ডিজিটেল মাধ্যমত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে অনুৰাগ বসুৰ বহুপ্ৰত্যাশিত ডাৰ্ক এন্থোলজি “লুডো”ৰ ৷
চাৰিটা সমান্তৰালভাৱে আগবঢ়াই নিয়া গল্পৰ মাজেৰে আগবাঢ়িছে এইখন ছিনেমাৰ কাহিনীটো ৷ অভিনয়ত আছে অভিষেক বচ্চন , ৰাজকুমাৰ ৰাও , আদিত্য ৰায় কাপুৰ , পংকজ ত্ৰিপাঠী ,পিয়াৰ্লে মানা , আশা নেগী আদি ৷ এইখন ছিনেমাৰ বাবে সম্ভাব্য ডিজিটেল প্লেটফৰ্মঃ নেটফ্লিক্স ৷ ঝুণ্ডঃ
নতুন এই ছিনেমাখনৰ মূল ভুমিকাত আছে অমিতাভ বচ্চন ৷ এতিয়ালৈকে যদিও ডিজিটেল প্লেটফৰ্ম ঘোষণা কৰা নাই এইখন চিনেমাও সোণকালেই আহি আছে আপোনাৰ মোবাইলত ৷street children আৰু এগৰাকী দৰদী অধ্যাপকৰ কাহিনী “ঝুণ্ড” ৷ইন্দু কী জবানীঃ
ডিজিটেল প্লেটফৰ্ম সোণকালেই ঘোষণা কৰিবলগা এইখন চিনেমা ডেটিং এপৰ বেয়া অভিজ্ঞতা আধাৰিত ছবি ৷গাজিয়াবাদৰ এগৰাকী ছোৱালীৰ ভুমিকাত চিনেমাখনত অভিনয় কৰিছে কাইৰা আদৱানিয়ে ৷কাইৰাৰ বিপৰীতে আছে আদিত্য শীল ৷সিদ্দতঃ জাৰ্ণী বিয়ণ্ড লাভঃ
ত্ৰিকোণ প্ৰেমৰ পটভুমিত এইখন এখন নতুন ছিনেমা ৷প্ৰাইম ভিডিঅ অহাৰ সম্ভাৱনা থকা চিনেমাখনত অভিনয় কৰিছে ৰাধিকা মদন ,ডাইনা পেণ্টি আৰু ছাণি কৌশলে ৷
এইসময়তেই নতুনকৈ ডিজিটেল মিডিয়াত আহিবলগীয়া এখন চিনেমা “খালী পীলী ” ৷ৰোমাণ্টিক একশ্যনধৰ্মী চিনেমা ‘খালী পীলী ‘ত মুখ্য ভূমিকাত আছে অনন্যা পাণ্ডে আৰু ঈছান খট্টৰ ৷দুয়োগৰাকীয়েই প্ৰথমবাৰৰ বাবে একেলগে স্ক্ৰীণ ছেয়াৰ কৰিছে ৷এই চিনেমাখন অহাৰ সম্ভাৱনা আছে নেটফ্লিক্সত ৷
মিমিঃ
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি “মালা আই ভাইছাই”ৰ ৰিমেক “মিমি” ৷নাম ভূমিকাত আছে কীৰ্তি শ্যাণন ৷ ইয়াত কীৰ্তিয়ে ছাৰোগেট মাডাৰৰ ভূমিকাত অভিনয় কৰিছে ৷ চৰিত্ৰৰ খাতিৰত কীৰ্তিয়ে নিজৰ ১৫ কেজি ওজন বঢ়াবলগীয়া হৈছে ৷ এই চিনেমাখনৰ সম্ভাব্য ডিজিটেল প্লেটফৰ্ম হটষ্টাৰ ৷
এই খবৰৰ মাজতো এতিয়া কেৱল এটাই প্ৰশ্ন ৷ পৰম্পৰাগত চিনেমা হ’ল আৰু শুকুৰবাৰ ভৱিষ্যতে কেৱল অতীতৰ সোৱৰণীয়েই হৈ থাকি যাব নেকি ?Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.