‘গৰুক মৰম কৰিলে,গৰুৱেও মৰম কৰিব’

১৪ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে’ৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা বিভাগে ‘কাউ হাগ ডে’ পালনৰ নিৰ্দেশ দিছিল।অৱশ্যে পিছত সামাজিক মাধ্যমৰ ট্ৰল আৰু সমালোচনাত বিভাগটোৱে এই নিৰ্দেশ উঠাই লয়।কিন্তু বিজেপিৰ গো প্ৰেম সৰ্বজনবিদিত।এইবাৰ গ্লোবেল ইনভেষ্টমেণ্টৰ এখন সভাত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে উল্লেখ কৰিলে গৰুৰ কথা।
কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তমে গৰুৰ বিষয়টো উল্লেখ কৰি কয় ‘ সমগ্ৰ বিশ্বত ভগৱান শ্ৰীকৃষ্ণই এক বাৰ্তা দিছিল।তেওঁ কৈছিল যিসকলে গৰুৰ যত্ন লয়,গৰুৱেও সেই সকলৰ যত্ন লয়।শ্ৰীকৃষ্ণৰ এই বাণী আজিও প্ৰযোজ্য।শনিবাৰে কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই উত্তৰ প্ৰদেশৰ দধিচী হলত আয়োজন কৰা এখন সভাত অংশ লৈ এই মন্তব্য কৰে।

Comments (0)
Add Comment