গৃহীতৰ পৰা প্ৰত্যাহাৰলৈ- কৃষকৰ দাবী মানিবলৈ কেনেকৈ বাধ্য হল মোদী চৰকাৰ?

বাতিল ঘোষণা তিনি কৃষি আইনৰ।এই আইন তিনিখন আছিল ক্ৰমান্বয়ে–  কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰীৰ বাণিজ্য অথবা বাণিজ্য সম্পৰ্কীয় আইন , অত্যাৱশ্যকীয় সামগ্ৰী আইন আৰু ,কৃষিজাত সামগ্ৰী আৰু কৃষি সেৱাৰ মূল্য নিৰ্ধাৰণৰ ওপৰত কৃষক চুক্তি আইন।এই তিনিখন কৃষি আইন প্ৰণয়নৰ পিছত, ভাৰতৰ কৃষকসকলে এই আইন তিনিখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।কৃষকসকলে যুক্তি দিছিল যে যদিও প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি আইনে কৃষকসকলৰ হাত শক্তিশালী কৰিব,ই প্ৰকৃততে দেশৰ কৃষকসকলৰ মেৰুদণ্ড ভাঙি পেলাব।বিশেষকৈ প্ৰান্তীয় আৰু ক্ষুদ্ৰ কৃষকসকলক মধ্যস্থতাকাৰীসকলে অধিক পৰিমাণে শোষণ কৰিব।

কেনেকৈ সৃষ্টি হৈছিল এই কৃষি আন্দোলনৰ পটভূমি,আন্দোলনৰ পৰা সফলতা কেনেকৈ আহিল?

৫ জুন, ২০২০: কেন্দ্ৰই তিনিখন নতুন কৃষি আইনৰ প্ৰস্তাৱ উন্মোচন কৰে।তিনিখন বিধেয়ক,যি কৃষি খণ্ডক কেন্দ্ৰৰ নিয়ন্ত্ৰণৰ পৰা ব্যক্তিগত অধিকাৰ ক্ষেত্ৰলৈ   হস্তান্তৰিত কৰিব।

১৪ ছেপ্টেম্বৰ,২০২০: সংসদলৈ অনা হ’ল অধ্যাদেশ।

১৭ ছেপ্টেম্বৰ: লোকসভাত অধ্যাদেশ গৃহীত।

২০ ছেপ্টেম্বৰঃ ৰাজ্যসভাত ধ্বনি ভোটৰ দ্বাৰা কৃষি বিধেয়ক গৃহীত।

২৫ নৱেম্বৰ : সমগ্ৰ দেশতে কৃষি আইন বিৰোধী প্ৰতিবাদৰ মাজতে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে দিল্লী অভিযানৰ আহ্বান জনায়।দিল্লী সীমান্তত কৰোনা মহামাৰী নিয়মৰ অজুহাতত দিল্লী আৰক্ষীয়ে কৃষকসকলক আটক কৰে।আকোঁৰগোজ স্থিতিৰ বাবে কৃষকসকলৰ ওপৰত নিক্ষেপ কৰা হ’ল পানী,কন্দুৱা গেছ।

২৮ নৱেম্বৰঃ গৃহমন্ত্ৰী অমিত শ্বাহে কৃষকসকলৰ সৈতে কথা পাতিব বিচাৰে।কিন্তু প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে কৃষকসকলে।পিছদিনা প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত মোদীয়ে কয় যে যিসকলে কৃষকসকলক উচতনি দিছে,তেওঁলোকে কৃষকসকলৰ বাবে একো কৰা নাই।তেওঁৰ চৰকাৰে কৃষকসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে।

৩ ডিচেম্বৰ : প্ৰথম মুখামুখি বৈঠকত কৃষক আৰু কেন্দ্ৰ।দ্বিতীয় বৈঠকখন অনুষ্ঠিত হ’ল তাৰ দুদিন পিছতে।শেষত নোলাল কোনো সমাধান সূত্ৰ।

৮ ডিচেম্বৰঃ কৃষকসকলে ভাৰত বন্ধৰ আহ্বান জনায়।

৯ ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দিয়া কৃষি আইন সংশোধনৰ প্ৰস্তাৱ নাকচ কৰে কৃষকসকলে।

১১ ডিচেম্বৰঃ ভাৰতৰ কিষাণ ইউনিয়নে কৃষি আইনৰ বিৰুদ্ধে দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয়লৰ।

৪ জানুৱাৰী, ২০২১: চৰকাৰৰ সৈতে কৃষকসকলৰ সপ্তম পৰ্যায়ৰ আলোচনাও বিফল হয়।

১২ জানুৱাৰী : উচ্চতম ন্যায়ালয়ে তিনিখন কৃষি আইন বলবৎকৰণৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। গঠন কৰা হ’ল চাৰিজনীয়া এখন সমিতিও।যিয়ে দুয়োপক্ষৰ বক্তব্য শুনিব আৰু সমাধান বিচাৰিবলৈ চেষ্টা কৰিব।

২৬ জানুৱাৰী : কৃষি আইন বাতিলৰ দাবীত উলিওৱা কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ।প্ৰতিবাদকাৰীসকলে চিঙ্গু আৰু গাজীপুৰ সীমান্তৰ পৰা আঁতৰি গৈ দিল্লী চহৰৰ কেন্দ্ৰত উপস্থিত হয়।

প্ৰতিবাদকাৰীৰ এটা অংশই লাল কিল্লাৰ দেৱালত উঠি ৰাষ্ট্ৰীয় পতাকা নমাই কৃষকসকলৰ পতাকা উত্তোলন কৰে।কৃষকসকলৰ ওপৰত আৰক্ষীয়ে লাঠি,কন্দুৱা গেছ নিক্ষেপ কৰে।সংঘৰ্ষত নিহত হয় এজন প্ৰতিবাদকাৰী।

৪ ফেব্ৰুৱাৰী,২০২১ : কৃষকসকলৰ সমৰ্থনত মাত মতা দেশৰ প্ৰসিদ্ধ ব্যক্তি আৰু পণ্ডিতসকলক চৰকাৰে গৰিহণা দিয়ে।কোৱা হৈছিল যে তেওঁলোকে সঠিক কথা নজনাকৈয়ে দায়িত্বজ্ঞানহীন কাম কৰিছে। আমেৰিকাৰ পপ তাৰকা ৰিহানা,পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গ, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ভতিজী মীনা হেৰিছকো সমালোচনা কৰা হৈছিল।

১৪ ফেব্ৰুৱাৰী : দিল্লী আৰক্ষীয়ে ২১ বছৰীয়া পৰিৱেশ কৰ্মী দিশা ৰবিক গ্ৰেপ্তাৰ কৰে।

২৭ মেঃ কৃষকসকলে আন্দোলনৰ ৬ মাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কলা দিৱস উদযাপন কৰে।

ভাৰতীয় কিষাণ কেন্দ্ৰীয় নেতা ৰাকেশ টিকায়েতে কয় যে প্ৰয়োজন হ’লে ২০২৪ চনত মোডী চৰকাৰৰ ম্যাদ উকলি নোযোৱালৈকে এই আন্দোলন অব্যাহত থাকিব।

জুলাই ২০২১: সংসদত গ্ৰীষ্মকালীন অধিৱেশন আৰম্ভ।

২০০ জন আন্দোলনকাৰী কৃষকে সংসদ ভৱনৰ বাহিৰত স্থাপন কৰে কিষাণ সংসদ।তাতো সমান্তৰালভাৱে আৰম্ভ হ’ল গ্ৰীষ্মকালীন অধিৱেশন। সংসদ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক অবস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে বিৰোধী দলৰ সদস্যসকলেও।

৭ আগষ্টঃ দিল্লীৰ যন্তৰ মন্তৰত কৃষকসকলৰ কিষাণ সংসদত যোগদান কৰাৰ সিদ্ধান্ত দেশৰ ১৪ টা বিৰোধী দলৰ নেতাৰ।

ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে সকলো বিৰোধী দলে একত্ৰিত হৈ তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৃষকসকলক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

২৮ আগষ্টঃ হাৰিয়ানা আৰক্ষীয়ে কৰ্ণালৰ কৃষকসকলৰ ওপৰত লাঠি চালনা কৰে।

ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এখন বৈঠকক লৈ কৃষক আন্দোলনকাৰীসকলে বস্তাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল।আৰক্ষীৰ লাঠিৰ কোবত বহুলোক আঘাতপ্ৰাপ্ত হৈছিল। কৃষকসকলে প্ৰতিবাদত আইএএছ আয়ুষ সিঙক নিলম্বনৰ দাবী জনাইছিল। কেমেৰাত বিষয়াজনে কোৱা শুনা গৈছিল যে এজনো খেতিয়ক যাতে ফটা মূৰ অবিহনে বেষ্টনীৰ পৰা ওলাই যাব নোৱাৰে।

১১ ছেপ্টেম্বৰ: হাৰিয়ানা চৰকাৰে অৱশেষত কৃষকসকলক ঘটনাটোৰ তদন্তৰ আশ্বাস দিয়ে।

 

৩ অক্টোবৰঃ

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদ কৰি থকাৰ অৱস্থাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই এখন দ্ৰুতবেগী গাড়ীৰে খুন্দিয়াই চাৰিজন কৃষকক পিষ্ট কৰি হত্যা কৰে।ঘটনাটোৰ পিছত কৃষকসকলে মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ গাড়ীখন জ্বলাই দিয়ে।

১০ অক্টোবৰঃ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্রৰ পুত্ৰক লখিমপুৰ খেৰীৰ গোচৰত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

১৯ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃষক আন্দোলনৰ ওচৰত পৰাজয় স্বীকাৰ।

তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিলে নৰেন্দ্ৰ মোডীয়ে।তেওঁ কয় যে

“আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু আমি কিছুমান কৃষকক কৃষি আইনৰ লাভালাভৰ বিষয়ে বুজাব নোৱাৰিলোঁ।”

এনেকৈয়ে নৰেন্দ্ৰমোদী চৰকাৰৰ এটা সিদ্ধান্তক প্ৰত্যাহ্বান জনালে দেশৰ কৃষকসমাজে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীয়ে যদিও এই আইন বাতিলৰ কথা ঘোষণা কৰিছে,কৃষক নেতৃত্বই কিন্তু প্ৰধানমন্ত্ৰীৰ মুখৰ কথাত বিশ্বাস নকৰি সংসদত এই আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ কথা ঘোষণা কৰিছে।এয়া এজন প্ৰধানমন্ত্ৰীৰ প্ৰতি নাগৰিকৰ আস্থাহীনতা আৰু মোডী চৰকাৰৰ অহংকাৰৰ পতন বুলি উল্লেখ কৰিছে দেশৰ নাগৰিকে।

Comments (0)
Add Comment