আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সকলৰ মাজত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত মুকলিকৈ ক্ষোভ উজাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে।কিন্তু এয়া ৰাজনীতি কৰাৰ সময় নহয়। গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস নকৰিবলৈ তেওঁ কেন্দ্ৰক সকীয়াই দিয়ে।ইফালে,তামিলনাডুৰ মুখ্যমন্ত্ৰী ই পালানিচামীয়ে বিমান আৰু ৰেলসেৱা মুকলি নকৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰব্ৰজিত শ্ৰমিক আৰু অৰ্থনৈতিক অৱস্থাৰ বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশ লয়। বৈঠকত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে নিজৰ ঘৰলৈ উভতি যাব বিচৰাটো মানুহৰ স্বাভাৱিক প্ৰবৃতি। সেইবাবেই চৰকাৰে কিছু সিদ্ধান্ত সলনি কৰিবলগীয়া হৈছে।
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.