কেনেকৈ বিশ্বৰ পঞ্চম ধনী সন্ত্ৰাসবাদী সংগঠন হৈ পৰিল তালিবান? তালিবানৰ উপাৰ্জনৰ উৎস কি?

বিশ্বত উৎপাদিত আফিম নামৰ ফলবিধৰ প্ৰায় ৮০% উৎপাদন আফগানিস্তানৰ মাটিতে হয়। আফগানিস্তানৰ আফিম খেতিৰ পৰা আৰম্ভ কৰি চোৰাং ব্যৱসায় আৰু খননলৈকে সকলোতে আছে তালিবানৰ আধিপত্য। ২০১৬ চনত ফৰ্বছ আলোচনীয়ে বিশ্বৰ আটাইতকৈ ধনী সন্ত্ৰাসবাদী সংগঠনবোৰৰ এখন তালিকা প্ৰকাশ কৰিছিল, য’ত তালিবান আছিল তালিকাৰ পঞ্চম স্থানত। শীৰ্ষ স্হানত আছে ISISৰ দৰে দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন। ফৰ্বছৰ তালিকা অনুসৰি যেতিয়া ২০১৬ চনত ISIS-এ বছৰি ২ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰি আছিল তেতিয়া তালিবানৰ ব্যৱসায়ৰ পৰিমাণ আছিল ৪০০ নিযুত ডলাৰ অৰ্থাৎ প্ৰায় ২৯০০ কোটি টকা।
পৰৱৰ্তী চাৰি বছৰত তালিবানৰ উপাৰ্জন অতি দ্ৰুতগতিত বৃদ্ধি পাইছিল। নাটোৰ এক প্ৰতিবেদন অনুসৰি ২০১৯-২০ বৰ্ষত তালিবানৰ বাজেট আছিল ১.৬ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১১০০০ কোটি টকা। ২০১৬ তকৈ চাৰিগুণ বেছি। এই উপাৰ্জনৰ এটা বৃহৎ অংশ অবৈধ খনন আৰু আফিম খেতিৰ পৰা আহিছিল। ইয়াৰ উপৰিও তালিবানে বিদেশী পুঁজিও লাভ কৰে। সংগঠনটোৱে ৰিয়েল ইষ্টেট বিজনেচ আৰু সমান্তৰাল কৰ ব্যৱস্থাৰ পৰা প্ৰায় ২৪০ নিযুত ডলাৰ অৰ্থাৎ প্ৰায় ১৭০০ কোটি টকা উপাৰ্জন কৰিছিল।
আফগানিস্তান হৈছে বিশ্বৰ সৰ্ববৃহৎ আফিম ৰপ্তানিকাৰী দেশ। অনুমান অনুসৰি আফগানিস্তানৰ পৰা প্ৰতি বছৰে ১.৫ৰ পৰা ৩ বিলিয়ন ডলাৰ মূল্যৰ আফিম ৰপ্তানি কৰা হয়। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি তালিবানৰ আফগান চৰকাৰতকৈ আফিম খেতিৰ ওপৰত অধিক নিয়ন্ত্ৰণ আছিল আৰু বিভিন্ন স্তৰত কৰ আৰোপ কৰি তালিবানে যথেষ্ট উপাৰ্জন কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে যে তালিবানে প্ৰথমে আফিম খেতিয়কসকলৰ ওপৰত ১০ শতাংশ কৰ আৰোপ কৰে। তাৰ পিছত যিসকলে এই আফিমক হেৰোইনলৈ ৰূপান্তৰ কৰে তেওঁলোকৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হয়। তাৰ পিছত শেষত যিসকলে এই হেৰোইন ব্যৱসায় কৰে তেওঁলোকেও কৰ পৰিশোধ কৰিব লাগে। সমগ্ৰ উদ্যোগটোৰ পৰা তালিবানে বছৰি ১০০ নিযুতৰ পৰা ৪০০ নিযুত ডলাৰ (প্ৰায় ৭০০ কোটিৰ পৰা ২৯০০ কোটি টকা) উপাৰ্জন কৰে বুলি অনুমান কৰা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে এক প্ৰতিবেদনত উল্লেখ কৰিছে যে তালিবানৰ উপাৰ্জনৰ ৬০ শতাংশ সেই সমূহ পৰীক্ষাগাৰৰ পৰা আহে যত আফিমক হেৰোইনলৈ ৰূপান্তৰ কৰা হয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই এই পৰীক্ষাগাৰবোৰত এটাৰ পিছত এটা বিমান আক্ৰমণ চলাইছিল। অৱশ্যে এইবোৰ অস্থায়ী পৰীক্ষাগাৰ আছিল। সেইবোৰ ধ্বংস হোৱাৰ পিছতে পৰীক্ষাগাৰবোৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। তালিবান নিয়ন্ত্ৰিত অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত আফগান ব্যৱসায়ীসকলে সংগঠনটোক কৰ পৰিশোধ কৰিব লগা হৈছিল। এনে কৰ ব্যৱস্থাই তালিবানক পুঁজি সংগ্ৰহত যথেষ্ট সহায় কৰিছিল। আনহাতে তালিবানে টেলিকমিউনিকেচন আৰু মোবাইল ফোন অপাৰেটৰৰ পৰাও ধন লাভ কৰিছিল। আফগানিস্তান ইলেকট্ৰিচিটি কোম্পানীৰ মতে তালিবানে নিজে বৈদ্যুতিক বিল তৈয়াৰ কৰিছিল আৰু ২ নিযুত উপাৰ্জন কৰিছিল।
খনিজ পদাৰ্থৰ ক্ষেত্ৰত আফগানিস্তান এখন অতি সমৃদ্ধ দেশ। কেইবাটাও অৰ্থনৈতিক অনুমান অনুসৰি আফগানিস্তানৰ খনিজ খণ্ডটোৰ মূল্য প্ৰায় ১ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। তালিবানে সদায়েই আফগানিস্তানৰ অবৈধ খননৰ সুবিধা লৈ আহিছে। ৰাষ্ট্ৰসংঘৰ বিশ্লেষণাত্মক সমৰ্থন আৰু সংবেদন নিৰীক্ষণ প্ৰতিবেদন ২০১৪ অনুসৰি তালিবানে দক্ষিণ হেলমান্দত ২৫ৰ পৰা ৩০ টা অবৈধ খনন অভিযানৰ জৰিয়তে প্ৰতি বছৰে ১০ নিযুত ডলাৰ (প্ৰায় ৭৪ কোটি টকা) উপাৰ্জন কৰিছিল। তালিবানে খনিজ পদাৰ্থ কঢ়িয়াই অনা প্ৰতিখন ট্ৰাকৰ পৰা ৫০০ ডলাৰ (৩৭০০০ টকা) আদায় কৰে বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছিল।
নাটোৰ এক প্ৰতিবেদন অনুসৰি তালিবানে সমগ্ৰ দেশত খননৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় ৪৬০ নিযুত ডলাৰ(প্ৰায় ৩৪০০ কোটি টকা) উপাৰ্জন কৰে। ইয়াৰ উপৰিও, একেখন প্ৰতিবেদনে পৰামৰ্শ দিয়ে যে ৰপ্তানিৰ জৰিয়তেও তালিবানে প্ৰতি বছৰে প্ৰায় ২৪০ নিযুত ডলাৰ (১৭০০ কোটি টকা) উপাৰ্জন কৰে।
তালিবানেও বিদেশৰ পৰা পুঁজি লাভ কৰি আহিছে। আমেৰিকা আৰু আফগান বিষয়াসকলে সময়ে সময়ে পাকিস্তান, ইৰাণ আৰু ৰাছিয়াৰ বিৰুদ্ধে তালিবানক পুঁজি যোগান ধৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। আনহাতে মানুহে ব্যক্তিগতভাৱেও তালিবানক ধন দিয়াৰ তথ্যও পোহৰলৈ আহিছে। এনে লোকসকল মুখ্যতঃ পাকিস্তান, চৌদি আৰৱ, ইউ.এ.ই. আৰু কাটাৰৰ বাসিন্দা। চিআইএৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২০০৮ চনত তালিবানে উপসাগৰীয় দেশসমূহৰ পৰা প্ৰায় ৭০০ কোটি টকা পুঁজি হিচাপে লাভ কৰিছিল। তালিবানে বৰ্তমান সময়ত প্ৰতি বছৰে ২৫০ ৰ পৰা ৫০০ মিলিয়ন ডলাৰ বিদেশী পুঁজি লাভ কৰে বুলি অনুমান কৰা হৈছে।
বিশ্বৰ পঞ্চম ধনী সন্ত্ৰাসবাদী সংগঠন হৈছে তালিবান। হয়তো সেইবাবেই আজিৰ দিনটোত ঐশ্বৰ্যশালী মহাশক্তিধৰ দেশ আমেৰিকাৰ আগতো প্ৰতিদ্বন্দ্বী হৈ থিয় দিছে দুৰ্ধৰ্ষ তালিবানে।

#natoamericatalibanthecrosscurrent
Comments (0)
Add Comment