কেনেকৈ বাঢ়িল এভাৰেষ্টৰ উচ্চতা?

আপোনালোকে পাহাৰ খহা দেখিছে অথবা শুনিছে। কিন্তু পাহাৰ গঢ়া দেখিছেনে? আজি শুনক এটা শৃংগ গঢ়ি উঠাৰ কথা। বিশ্বৰ সৰ্বোচ্চ শৃংগটোৱেওই হৈছে মাউন্ট এভাৰেষ্ট। এই মাউন্ট এভাৰেক্টৰেই উচ্চতা বাঢ়িছে। এই কথা যুটীয়াভাবে ঘোষণা কৰিছে চীন আৰু নেপালে। বৰ্তমান মাউন্ট এভাৰেষ্টৰ উচ্চতা ২৯,০৩২ফুট। পূৰ্বে উচ্চতা আছিল ২৯,০২৮ ফুট। ৪ ফুট বৃদ্ধি হ’ল মাউন্ট এভাৰেষ্টৰ উচ্চতা। ২০১৫ চনৰ ছাৰ্ভেত চীনে বৰফৰ তলত ঢাক খাই থকা এভাৰেষ্টৰ শিলাখণ্ডৰ উচ্চতা জুখিছিল আৰু ইয়াৰ উচ্চতা ২৯,০১৭ ফুট লাভ কৰিছিল।আনহাতে, নেপালে ১৯৫৪ চনৰে পৰা বৰফৰ উচ্চতা জুখি আহিছে যিটো ভাৰতৰ দ্বাৰা ২৯,০২৮ ফুট নিৰ্ধাৰণ কৰা হৈছিল। এয়া অধিকাংশ দেশৰ দ্বাৰা স্বীকৃত মানক।উল্লেখ্য যে ২০১৫ চনত হোৱা এটা বৰ ভূঁইকপৰ পিছতেই এভাৰেষ্টৰ উচ্চতা সলনি হ’ল বুলি অনুমান কৰা হৈছে।

maunteverestsliderthecrosscurrent
Comments (0)
Add Comment