দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মানি চলিবলগীয়া এক নতুন কোভিড প্ৰটোকল প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ এই প্ৰট’কল অনুসৰি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ সেইদৰে জিলা পৰ্যায়ৰ অনুষ্ঠানত ৫০০ আৰু মহকুমা ভিত্তিত হ’বলগীয়া অনুষ্ঠানত ৩০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব ৷
আন অনুষ্ঠানৰ ক্ষেত্ৰতো উপস্থিতিৰ সংখ্যা সৰ্বাধিক ২০০ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ বন্ধ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুঠ আসনৰ ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব ৷
স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱা ব্যক্তি , চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যুগ্ম – অযুগ্ম নিয়ম আৰু সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে ৷