ওদালগুৰিতো চলিল বুলড’জাৰ

এইবাৰ বুলড’জাৰ চলালে কেন্দ্ৰীয় চৰকাৰৰ ৰে’লবিভাগে।ওদালগুৰি ৰে’ল ষ্টেচনৰ কাষত অনুজ্ঞাপত্ৰ বিহীনভাৱে বছৰ বছৰ ধৰি ব্যৱসায় তথা বসবাস কৰা লোক সকলৰ বিৰুদ্ধে ৰেলৱে বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল।যাৰ ফলত বহুতে বুলড’জাৰ চলোৱাৰ পূৰ্বেই বয় -বস্তু নিয়াৰ পিচত আজি জে চি বি ৰে ব্যৱসায় প্ৰতিষ্ঠানৰ ঘৰবোৰ ভাঙি দিয়ে।একাংশ লোকে এতিয়াও ভঙা নাই আৱাসগৃহ। তাৰে ভিতৰত আছে এটা মন্দিৰো। যাৰ বাৱে আজি জেচিবিলৈ উচ্ছেদ চলাবলৈ আহে ৰে’ল আৰক্ষী।কিন্তু মন্দিৰটো ভাঙিবলৈ ইচ্ছুক নহয় স্থানীয় ৰাইজ। উচ্ছেদ অভিযানৰ তদাৰক কৰিব অহা ৰঙিয়া ৰেল ডিভিজনৰ বিষয়াৰে চক্ৰ বিষয়া আৰু মন্দিৰ সমিতিৰ আলোচনামৰ্মে ৰে’ল বিষয়াই মন্দিৰ ছীল কৰি দি মন্দিৰ সমিতিক স্থানান্তৰ কৰিবলৈ ছমাহ সময় বান্ধি দিয়ে। ইয়াকে লৈ ভক্তপ্ৰান ৰাইজৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰে।

Comments (0)
Add Comment