আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

দেশত বেলট পেপাৰত নিৰ্বাচন কৰাৰ অসুবিধা ক’ত?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ
মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি এমৰ বিৰুদ্ধে দেশজুৰি অভিযান চলোৱাৰ কথা ঘোষণা কৰিছে৷ তেনে এক সময়তে উচ্চতম ন্যায়ালয়ে বেলট পেপাৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত দাখিল কৰা আবেদন খাৰিজ কৰি দিছে৷ কিন্তু তাৰ পাছতো ই ভি এমক লৈ জনতাৰ মনৰ সন্দেহ আঁতৰা নাই৷ প্ৰশ্ন হৈছে–ধাৰাবাহিক বিতৰ্ক আৰু সন্দেহৰ পাছতো কিয় ই ভি এমক লৈ স্থিতি সলনি কৰিবলৈ ইচছুক নহয় নিৰ্বাচন আয়োগ?
যিসময়ত বিশ্বৰ ইখনৰ পাছত সিখন দেশে নিৰ্বাচন মুক্ত আৰু নিকা কৰাৰ স্বাৰ্থত ই ভি এমৰ ব্যৱহাৰ বন্ধ কৰিছে, তেনে সময়ত কি নিৰ্বাচন আয়োগ, কি উচ্চতম ন্যায়ালয় সকলো আকোঁৰগোঁজ হৈ আছে ই ভি এমৰ পক্ষত৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতে যেতিয়া নিৰ্বাচনত সম্পূৰ্ণৰূপে ই ভি এমৰ ব্যৱহাৰ আৰম্ভ কৰিছিল, তাৰ পূৰ্বেই ই ভি এমৰ ব্যৱহাৰ বন্ধ কৰিছিল তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ আগশাৰীৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই৷ ভাৰতত ই ভি এমৰ সম্পূৰ্ণ ব্যৱহাৰ আৰম্ভ হয় ২০০৪ৰ লোকসভা নিৰ্বাচনত৷ কিন্তু তাৰ পূৰ্বে ২০০০ চনত মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ই ভি এমক লৈ তুমুল বিতৰ্কৰ সূচনা হয়৷ ২০০২ চনত আমেৰিকান সংসদে বিল পাছ কৰি “ডাইৰেক্ট ৰেকৰ্ডিং ইলেক্ট্ৰনিক’ হিচাপে পৰিচিত ভোটিং মেচিন ক্ৰয় কৰা বন্ধ কৰি দিয়ে৷ তাৰ পাছতো ই ভি এম আৰু বেলট দুয়োটা পদ্ধতিৰে ভোটদানৰ সুবিধা কেইখনমান আমেৰিকাৰ ৰাজ্যত এতিয়াও অব্যাহত আছে৷ অথচ ভোটাৰসকল অধিক আগ্ৰহী হৈ পৰিছে বেলট পেপাৰৰ প্ৰতিহে৷ আমেৰিকাত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ৯৮ শতাংশ ভোটাৰেই বেলট পেপাৰক অগ্ৰাধিকাৰ দিয়াৰ তথ্য প্ৰকাশ পাইছে৷ ২০২০ চনত বেলট পেপাৰযোগে ভোটদান কৰিছিল ৯৩ শতাংশ ভোটাৰে৷ আমেৰিকাৰ দৰে দেশে যেতিয়া ই ভি এম বিশ্বাসত নলয়, ভাৰতৰ নিৰ্বাচন আয়োগ কেনেকৈ ই ভি এমক লৈ নিশ্চিত হ’ব পাৰিছে, সেয়াও সন্দেহজনক৷
কেৱল আমেৰিকাই নহয় , ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ডে ইতিমধ্যে নিৰ্বাচনত ই ভি এমৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে৷ ২০০৬ চনত নেদাৰলেণ্ডত ই ভি এমৰ ব্যৱহাৰ বন্ধ কৰা হয়৷ ২০০৯ চনত আয়াৰলেণ্ড আৰু ইটালীয়ে ই ভি এম নিষিদ্ধ কৰে৷ ২০০৯ চনৰ মাৰ্চত জাৰ্মানীৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ই ভি এমৰ ব্যৱহাৰক অসাংবিধানিক বুলি ঘোষনা কৰে৷ ন্যায়ালয়ে ৰায়দান কৰে যে নিৰ্বাচনৰ স্বচ্ছতা জনসাধাৰণৰ সাংবিধানিক অধিকাৰ৷ এক সমীক্ষা অনুসৰি বিশ্বৰ ৩১ খন দেশৰ ভিতৰত ভাৰত, ব্ৰাজিল, ভূটান আৰু ভেনিজুৱেলাতহে সম্পূৰ্ণৰূপে ই ভি এম ব্যৱহাৰ কৰা হয়৷ ফিলিপাইনছ, অষ্ট্ৰেলিয়া, কোষ্টাৰিকা, আয়াৰলেণ্ড, ইটালী, নৰৱে, ইংলেণ্ডৰ দৰে দেশে ই ভি এমৰ ব্যৱহাৰ আৰম্ভ কৰিও পৰৱৰ্তী সময়ত বাতিল কৰিছে৷
ভাৰতত সৰ্বপ্ৰথম ১৯৮২ চনত কেৰালা বিধানসভা নিৰ্বাচনত ই ভি এম ব্যৱহাৰ কৰা হয়৷ ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত কোনো কোনো ঠাইত ই ভি এমত ভোটগ্ৰহণ কৰা হয় আৰু তাৰ পাছত ২০০৪ চনৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত সম্পূৰ্ণৰূপে ই ভি এম ব্যৱহাৰ কৰা হয়৷ অৰ্থাৎ প্ৰযুক্তিৰ দিশত বিশ্বৰ উন্নত দেশসমূহে যেতিয়া ই ভি এম নিষিদ্ধ কৰিবলৈ লৈছিল, সেই সময়ত ভাৰতত দেশজুৰি আৰম্ভ হৈছিল ই ভি এমৰ ব্যৱহাৰ৷ ই ভি এমৰ পক্ষত নিৰ্বাচন আয়োগে দাবী কৰে যে ই ভি এম ব্যৱহাৰ কৰাৰ ফলত নিৰ্বাচনী ব্যয় হ্ৰাস হয়, সময় কম খৰচ হয়৷ কিন্তু পৰিসংখ্যালৈ চালে ওলাই পৰে যে প্ৰতিটো নিৰ্বাচনত ব্যয় অভাৱনীয় ৰূপত বৃদ্ধি পাই আহিছে৷ ১৯৯৯ চনৰ সাধাৰণ নিৰ্বাচনত ব্যয় হৈছিল ৯৪৭.৬৮ কোটি টকা৷ ভোটাৰৰ সংখ্যা আছিল ৬১,৯৫,৩৬,৮৪৭ গৰাকী৷ অৰ্থাৎ প্ৰতিগৰাকী ভোটাৰৰ বিপৰীতে ব্যয় হৈছিল ১৫ টকাকৈ৷ ২০১৪ চনৰ সাধাৰন নিৰ্বাচনত ব্যয় হয় ৩৮৭০.৩৪ কোটি টকা৷ ভোটাৰৰ সংখ্যা ৮৩,৪১,০১,৪৭৯ গৰাকী৷ অৰ্থাৎ প্ৰতিগৰাকী ভোটাৰৰ নামত ব্যয় ৪৬.৪ টকাকৈ৷ এই পৰিসংখ্যাৰ পৰা প্ৰমাণ হয় যে ই ভি এমৰ ব্যৱহাৰে নিৰ্বাচনী ব্যয় হ্ৰাস কৰা নাই৷ ই ভি এমৰ পক্ষত যিদৰে নিৰ্বাচন আয়োগ অটল হৈ আছে, তাৰ বিৰোধিতাৰেও অনেক পক্ষ সৰৱ হৈ আছে৷ কিন্তু বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশৰ উদাহৰণে স্পষ্ট কৰি দিয়ে যে ই ভি এম কেতিয়াও সন্দেহৰ ঊৰ্ধ্বত নহয়৷ মহাৰাষ্ট্ৰ নিৰ্বাচনৰ পাছত উত্থাপন হোৱা ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগে কেৱল ই ভি এমকে নহয়, সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকে সন্দেহৰ আওতালৈ ঠেলি দিছে৷

americabelot paperelectionevmindiaItalythe crosscurrentvote election
Comments (0)
Add Comment