আন্দোলন অব্যাহত থাকিব।

যোৱা ডেৰ বছৰীয়া সংগ্ৰামত ৭০০ জন কৃষকে প্ৰাণ আহুতি দিয়াৰ পাছতো আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ কৃষক নেতৃত্বৰ।নিজৰ নাক কাটি নৰেন্দ্ৰ মোদীয়ে তিনি কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰাৰ পাছতো কৃষক নেতৃত্বই আন্দোলনৰ থলী এৰা নাই।তেওঁলোকে কব খোজে যে কেৱল তিনি কৃষি আইনেই নহয়,তেওঁলোকৰ আন কিছুমান দাবী পূৰণৰ কথা এতিয়ালৈকে ঘোষণা কৰা নাই চৰকাৰে।মূলত ৬ টা দাবী পূৰণ নকাৰলৈকে আন্দোলন অব্যাহত ৰাখিব কৃষকসকলে।এই ৬ টা দাবী পূৰণৰ বাবে ইউনাইটেড কিষান মৰ্চাই প্ৰধানমন্ত্ৰীলৈ লিখিলে মুকলি পত্ৰ।কি এই ৬ টা দাবী?
প্ৰধানমন্ত্ৰীলৈ লিখা মুকলি পত্ৰখনত কৃষকসকলে লিখিছিল যে তিনিখন ক’লা আইন বাতিল কৰাটোৱেই তেওঁলোকৰ একমাত্ৰ দাবী নহয়। চৰকাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনাৰ সময়ত কিষান মৰ্চাই আন কিছুমান দাবীও উত্থাপন কৰিছিল।যেনে—-
১)খেতিৰ সমগ্ৰ ব্যয়ৰ ওপৰত আধাৰ কৰি এমএছপিক আইনী অধিকাৰ প্ৰদান কৰিব লাগে যাতে দেশৰ প্ৰতিজন কৃষকে তেওঁৰ সমগ্ৰ শস্যৰ ওপৰত চৰকাৰে ঘোষণা কৰা নিম্নতম সমৰ্থন মূল্য ক্ৰয়ৰ নিশ্চয়তা দিব পাৰে।
উল্লেখ্য যে বৰ্তমানৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ নেতৃত্বত গঠিত এখন সমিতিয়ে নিজেই ২০১১ চনত তদানীন্তন প্ৰধানমন্ত্ৰীক এই পৰামৰ্শ দিছিল।
২. চৰকাৰে প্ৰস্তাৱিত “বিদ্যুৎ আইন সংশোধনী বিধেয়ক, 2020/2021” খচৰা প্ৰত্যাহাৰ কৰিব লাগে। উল্লেখ্য যে প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনাৰ সময়ত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে ইয়াক প্ৰত্যাহাৰ কৰা হ’ব।কিন্তু তাৰ পিছত প্ৰতিশ্ৰুতি ভংগ কৰি ইয়াক সংসদৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
৩. কৃষকসকলৰ শাস্তিৰ ব্যৱস্থাসমূহ “ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বায়ু গুণমান ব্যৱস্থাপনা আয়োগ আৰু ইয়াৰ কাষৰীয়া অঞ্চল আইন, 2021” প্ৰত্যাহাৰ কৰিব লাগে।
৪. দিল্লী, হাৰিয়ানা, চণ্ডিগড়, উত্তৰ প্ৰদেশ আৰু বহুতো ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক আন্দোলনৰ সময়ত (জুন 2020 ৰ পৰা) শ শ গোচৰত জড়িত হৈ আছে। এই গোচৰবোৰ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিব লাগে।
৫. লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আৰু ধাৰা 120 B-ত অভিযুক্ত অজয় মিশ্ৰ টেনি এতিয়াও মুকলিকৈ ঘূৰি ফুৰিছে আৰু নৰেন্দ্ৰমোডীৰ মন্ত্ৰীসভাত মন্ত্ৰী হৈ আছে। তেওঁ মোডী আৰু আন জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে মঞ্চ ভাগ বতৰা কৰি আছে। তেওঁলোকক তৎক্ষণাত বৰ্খাস্ত আৰু গ্ৰেপ্তাৰ কৰা উচিত।
৬.এই আন্দোলনৰ সময়ত এতিয়ালৈকে প্ৰায় ৭০০ কৃষক শ্বহীদ হৈছে। তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপন প্ৰদান কৰিব লাগে। শ্বহীদ কৃষকসকলৰ স্মৃতিত শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে সিন্ধু সীমান্তত ভূমি প্ৰাদন কৰিব লাগে।
এই পত্ৰখনত ইউনাইটেড কিষাণ মৰ্চাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্পষ্টভাৱে জনাই দিছে যে চৰকাৰে এই ৬ টা দাবীৰ বিষয়ে আলোচনা নকৰালৈকে আৰু সমাধান নোপোৱালৈকে কৃষকসকলৰ আন্দোলন অব্যাহত থাকিব।

#farm_lows#farmearprotestthecrosscurrent
Comments (0)
Add Comment